বন্ধুত্বৰ যৱনিকা! ট্ৰাম্পে ক’লে, টেছলাই ভাৰতত ব্যৱসায় কৰা আমেৰিকাৰ বাবে অন্যায় হ’ব…
Tesla in india: ড'নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত বহু অৱনতি ঘটিছে। ইলন মাস্কৰ কোম্পানী ভাৰতলৈ অহাত অসন্তুষ্ট প্ৰকাশ কৰে ট্ৰাম্পে।

বিশ্বৰ সবাতোকৈ বৃহৎ ইলেক্ট্ৰনিক গাড়ী নিৰ্মাতা কোম্পানী টেছলা (Tesla) ই ভাৰতত প্ৰৱেশ কৰাৰ প্ৰস্তুতি চলাই আছে। শেহতীয়াকৈ কোম্পানীটোৱে দেশৰ বিভিন্ন স্থানত কৰ্মচাৰী নিযুক্তিৰ কাম আৰম্ভ কৰিছে। কিন্তু ইলন মাস্কৰ এই সিদ্ধান্তত সন্তুষ্ট নহয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। তেওঁ কয় যে, যদি টেছলাই ভাৰতত ইলেক্ট্ৰনিক গাড়ী নিৰ্মাণ কৰাৰ বাবে উৎপাদন উদ্যোগ স্থাপন কৰে তেন্তে ই আমেৰিকাৰ বাবে উচিত নহ’ব।
ফক্স নিউজৰ শ্বেন হেনিটিৰ বাবে টেছলাৰ চিইঅ’ ইলন মাস্কৰ সৈতে হোৱা যৌথ সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যদি টেছলাই নতুন টেব খোলে আৰু ভাৰতৰ শুক্লৰ পৰা সাৰিবলৈ তাত কাৰখানা স্থাপন কৰে তেন্তে আমেৰিকাৰ বাবে এয়া অনুচিত হ’ব।এয়াই প্ৰথম নহয়, ট্ৰাম্পে মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তো ভাৰতৰ অত্যাধিক শুল্কৰ কথা উল্লেখ কৰিছিল।
ট্ৰাম্পে কয় যে, পৃথিৱীৰ সকলো দেশে আমাৰ সুবিধা লয় আৰু অত্যাধিক শুল্ক আৰোপ কৰি তেওঁলোকে এই কাম কৰে। যাৰ বাবে আমেৰিকাৰ কোম্পানীসমূহৰ বাবে বিশ্বৰ অন্য দেশত বাণিজ্য কৰা ব্যৱহাৰিক দিশৰ পৰা অসম্ভৱ হৈ পৰে। ট্ৰাম্পে কয়, যদি ইলন মাস্কে ভাৰতত কিবা কৰিব বিচাৰে তেন্তে সেয়া দেশখনৰ বাবে ভাল হ’ব কিন্তু এয়া আমেৰিকাৰ বাবে একেবাৰেই অন্যায় হ’ব।
ভাৰতত গাড়ীৰ ওপৰত আৰোপ কৰা কৰৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে,ভাৰতত গাড়ী বিক্ৰী কৰা অসম্ভৱ। অৱশ্যে তেওঁ এয়াও কয় যে এই বিষয়ত বিশেষ জ্ঞান তেওঁৰ নাই। পৰৱৰ্তী সময়ত ইলন মাস্কে কয় যে, ভাৰতত বৈদ্যুতিক বাহনৰ ওপৰত ১০০% আমদানি শুল্ক আৰোপ কৰা হয়। ভাৰতত বৈদ্যুতিক বাহনৰ ওপৰত আমদানি শুল্ক ৩৫,০০০ ডলাৰৰ ওপৰৰ বাহনৰ বাবে ১৫%। অৱশ্যে ইয়াৰ বাবে কিছু চৰ্ত পূৰণ কৰিব লাগে। ইয়াৰ পাছত ট্ৰাম্পে কয় যে, যদি মাস্কে এই কাম কৰিব বিচাৰিছে সেয়া আমেৰিকাৰ বাবে অন্যায় হ’ব।
তথ্য অনুসৰি টেছলাই ভাৰতত ৰিটেল আউটলেট আৰম্ভ কৰাৰ বাবে দুটাকৈ স্থান নিৰ্বাচন কৰিছে। কোম্পানীটোৱে ৰাজধানী দিল্লী আৰু মুম্বাইত প্ৰথম শ্বৰুম মুকলি কৰাৰ প্ৰস্তুতি চলাই আছে। এই পদক্ষেপৰ দ্বাৰা টেছলাই ভাৰতত ব্যৱসায়ৰ প্ৰথমটো খোজ পেলাব। অৱশ্যে এয়াই প্ৰথম নহয়, দীৰ্ঘদিন ধৰি টেছলাই ভাৰতৰ বজাৰত প্ৰৱেশ কৰাৰ প্ৰস্তুতি চলাই গৈছে। কিন্তু আমদানি শুল্ক বেছি হোৱা বাবে সেয়া হৈ উঠা নাছিল। অৱশ্যে শেহতীয়াকৈ আমদানি শুল্কৰ ক্ষেত্ৰত চৰকাৰে কিছু পৰিবৰ্তন আনিছে। যাৰ অধীনত ৪০,০০০ ডলাৰতকৈ অধিক দামৰ বিলাসী ইলেক্ট্ৰিক গাড়ীত বেচিক কাষ্টম ডিউটি ১১০ শতাংশৰ পৰা ৭০ শতাংশলৈ হ্ৰাস কৰা হৈছিল। চৰকাৰৰ এই নীতিৰ ফলত বিদেশী কোম্পানীসমূহে ভাৰতত ব্যৱসায় কৰাৰ বাবে আগ্ৰহী হৈ পৰিছে।
অন্য খবৰ পঢ়কঃ সম্পৰ্কত মেলিছে নেকি ফাঁট! ট্ৰাম্পে ক’লে- আমি ভাৰতক কিয় ২১ মিলিয়ন ডলাৰ দিম?