শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সেনা আৰু বিদ্ৰোহী সংগঠনৰ মাজত সংঘৰ্ষঃ ৭৭৩ জনৰ মৃত্যু, ২৮৮০ জন আহত

সেনা আৰু বিদ্ৰোহীৰ মাজত হোৱা সংঘৰ্ষত ৭০০ ৰো অধিকলোকে প্ৰাণ হেৰুওৱাৰ লগতে ২৮০০ ৰো অধিকলোক আহত হয়। এই ঘটনাৰ ফলত অঞ্চলটোত তীব্ৰ মানৱীয় সংকতে দেখা দিছে।

সেনা আৰু বিদ্ৰোহী সংগঠনৰ মাজত সংঘৰ্ষঃ ৭৭৩ জনৰ মৃত্যু, ২৮৮০ জন আহত
কাংগোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 02 Feb 2025 10:04 AM

প্ৰায় এসপ্তাহ ধৰি সেনা আৰু বিদ্ৰোহী সংগঠনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৭০০ ৰো অধিক লোকে প্ৰাণ হেৰুয়ায়। শনিবাৰে কাংগোৰ বিভাগীয় কৰ্তৃপক্ষই জনাই যে,পূৱ কাংগোৰ সৰ্ববৃহৎ চহৰ গোমা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ৰুৱাণ্ডা সমৰ্থিত বিদ্ৰোহীৰ সৈতে হোৱা সংঘৰ্ষত যোৱা এসপ্তাহত প্ৰায় ৭৭৩ জনলোকৰ মৃত্যু হয়। উল্লেখ কৰা প্ৰয়োজন যে,ৰুৱাণ্ডা সমৰ্থিত বিদ্ৰোহীয়ে কংগোৰ গোমা অঞ্চল দখল কৰিছিল। যাৰ বাবে এক দশক ধৰি চলি অহা যুদ্ধই আৰু ভয়ংকৰ ৰূপ লয়। সম্প্ৰতি অঞ্চলত বিদ্ৰোহী সংগঠনৰ দুৰ্বল হৈছে, যাৰ বাবে একাংশই নিজৰ গাঁৱলৈ উভতি গৈছে।

কাংগোৰ চৰকাৰৰ প্ৰৱক্তা পেত্ৰিক মুযায়াই ৰাজধানী কিনছাছাত অনুষ্ঠিত এক ব্রিফিঙত কয় যে, গোমাৰ মৰ্গত ৭৭৩ টা মৃতদেহ আছে লগতে ২৮৮০ জন আহত হাস্পাতালত ভৰ্তি হৈ আছে। মৃত্যুৰ সংখ্যা আৰু অধিক হোৱা আশংকা কৰা হৈছে।

উল্লেখ্য যে, বিদ্ৰোহীসকলে পানী আৰু বিদ্যুৎ যোগানকে ধৰি মৌলিক সেৱাসমূহ পুনৰ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি কৰাৰ পাছতে শ শ গোমা নিৱাসী চহৰলৈ উভতি গৈছে। সংঘৰ্ষত নিহতসকলৰ ভিতৰত থকা এজন আত্মীয় তথা ২৫ বছৰীয়া জিন মাৰ্কাছে কয় যে,  মই ভাগৰি পৰিছো আৰু কোনফালে যাম নাজানো।

কংগোৰ খনিজ সমৃদ্ধ পূব অঞ্চল নিয়ন্ত্ৰণৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ১০০ৰো অধিক সশস্ত্ৰ গোটৰ ভিতৰত এম২৩ আটাইতকৈ শক্তিশালী। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, বিদ্ৰোহীসকলক চুবুৰীয়া ৰাষ্ট্ৰ ৰুৱাণ্ডাৰ পৰা অহা প্ৰায় ৪ হাজাৰ সৈন্যই সমৰ্থন কৰিছে। প্ৰথম অৱস্থাত তেওঁলোকে যেতিয়া গোমা দখল কৰিছিল তেতিয়া বিদ্ৰোহীৰ পৰিমাণ বেছি নাছিল। কিন্তু এতিয়া ইয়াৰ পৰিমাণ তীব্ৰগতিত বৃদ্ধি পাইছে।

গোমাত মানৱীয় সংকট

কাংগো চৰকাৰৰ লেক্ৰ’ইছে কয় যে বিদ্ৰোহীসকলৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰোপৰি তেওঁলোকে এটা বিমান বন্দৰো দখল কৰিছে। ৰাষ্ট্ৰসংঘ আৰু সাহায্য সংস্থাই গোমা দখল কৰাৰ ফলত এক ভয়াৱহ মানৱীয় সংকটৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে। পূব কংগোৰ সংঘাতৰ ফলত স্থানচ্যুত হোৱা ৬০ লাখ লোকৰ বহুতৰে বাবে গোমাই এক গুৰুত্বপূৰ্ণ মানৱীয় কেন্দ্ৰ হিচাপে কাম কৰে। কিন্তু দিনক দিনে গোমাত এতিয়া মানৱীয় সংকট বৃদ্ধি পাইছে।

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকেও কয় যে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইয়াৰ অংশীদাৰসকলে ২৬-৩০ জানুৱাৰীৰ ভিতৰত কংগো চৰকাৰৰ সৈতে এক মূল্যায়ন চলাইছিল। ইয়াৰ পাছত তথ্য পোহৰলৈ আহিছিল যে গোমা আৰু আশে পাশে থকা অঞ্চলসমূহত ৭০০ ৰো অধিকলোকৰ মৃত্যু হৈছে। লগতে ২৮৮০জন আহত হৈছে।

লৰেন্সে কয় যে আমি ২৬-২৮ জানুৱাৰীলৈকে এম ২৩ৰ দ্বাৰা কমেও ১২ জন লোকক ফাঁচী দিয়াৰ তথ্যও লাভ কৰিছো। লগতে প্ৰায় ৫২ গৰাকীকৈ মহিলাক ধৰ্ষণ কৰা হৈছে। কংগোৰ সাহায্য গোট মাৰ্চি কৰ্পছৰ দেশীয় সঞ্চালক ৰোজ চেৱেংকোৱে কয় যে গোমা দখল কৰাৰ ফলত মানৱীয় অভিযান বন্ধ হৈ পৰিছে, যাৰ ফলত লোকসকলে এক দুৰ্বিসহ জীৱন জীয়াই আছে।