কেতিয়া পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ? সংবাদমেলযোগে ক’লে মহাকাশত সন্মুখীন হোৱা আটাইতকৈ কঠিন প্ৰত্যাহ্বানৰ বিষয়ে..
নাছাৰ মহাকাশচাৰী উইলম’ৰ আৰু উইলিয়ামছে ২০২৪ চনৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰত উঠি ৮ দিনীয়াকৈ ISS লৈ ৰাওনা হয়। কিন্তু মহাকাশত থকাৰ সময়ত তেওঁলোকৰ মহাকাশযানখনে বহু কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছিল। যাৰ বাবে এতিয়াও দুই মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই। এতিয়া বিশ্বাস কৰা হৈছে যে, আগন্তুক দিনত তেওঁ ঘূৰি আহিব পাৰে। ইয়াৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলোৱা হৈছে।

প্ৰায় ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। অতি সোনকালে সুনীতা উইলিয়ামছ সহযোগী মহাকাশচাৰী বুচ উইলম’ৰৰ সৈতে পৃথিৱীলৈ উভতি আহিব। তেওঁলোকক পৃথিৱীলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাইছে এলন মাস্কৰ কোম্পানীয়ে । নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে শেহতীয়াকৈ মহাকাশত আবদ্ধ হৈ থকাৰ আটাইতকৈ কঠিন দিশটো প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে মহাকাশৰ পৰা প্ৰেছ বাৰ্তা কৰে সুনীতাই।
৯ মাহ মহাকাশত আৱদ্ধ হৈ আছে সুনীতা উইলিয়ামছ
সুনীতা উইলিয়ামছে ৮ দিনীয়া মহাকাশ অভিযানত গৈছিল। কিন্তু তেওঁৰ সেই মিছন ২৭০ দিনতকৈও অধিক সময় ধৰি চলি আছে। ইয়াৰ মাজতে মহাকাশত আবদ্ধ হৈ থকাৰ আটাইতকৈ কঠিন অংশটো উন্মোচন কৰে সুনীতাই। তেওঁ কয় যে, মহাকাশৰ ৮ দিনীয়া অভিযানটো ২৭০ দিনতকৈ অধিক সময় ধৰি চলিলেও আটাইতকৈ প্ৰত্যাহ্বানজনক বিষয়টো মাধ্যাকৰ্ষণ শক্তিৰ অভাৱ বা আৱদ্ধ স্থান নহয়, বৰঞ্চ তেওঁলোকৰ উভতি অহাৰ সময়সীমাৰ অনিশ্চয়তা। তেওঁ কয় যে, তেওঁৰ পৰিয়ালৰ লোকে তেওঁক পৃথিৱীলৈ ঘৰলৈ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে।
উল্লেখ্য যে, যে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (আই এছ এছ) এজন প্ৰেছ মিট সম্বোধন কৰি তেওঁ কয় যে, “আটাইতকৈ বিষয়টো হ’ল আমি কেতিয়া ঘূৰি যাম সেইটো পৃথিৱীত থকা লোকসকলে সঠিকভাৱে নাজানে। তেওঁলোকৰ বাবে ই এক ৰোলাৰকোষ্টাৰ হৈ পৰিছে।”
নাছাৰ মহাকাশচাৰী উইলম’ৰ আৰু উইলিয়ামছে ২০২৪ চনৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰত উঠি ৮ দিনীয়াকৈ ISS লৈ ৰাওনা হয়। কিন্তু মহাকাশত থকাৰ সময়ত তেওঁলোকৰ মহাকাশযানখনে বহু কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছিল। যাৰ বাবে এতিয়াও দুই মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই। এতিয়া বিশ্বাস কৰা হৈছে যে, আগন্তুক দিনত তেওঁ ঘূৰি আহিব পাৰে। ইয়াৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলোৱা হৈছে।
কেতিয়া ঘূৰি আহিব সুনীতা উইলিয়ামছ?
তথ্য অনুসৰি আমেৰিকাৰ মহাকাশ সংস্থাটোৱে ১৯ বা ২০ মাৰ্চত তেওঁলোকৰ দুয়োজন মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে। কোৱা হৈছে যে কোটিপতি এলন মাস্কৰ স্পেচএক্সৰ সহায়ত ক্ৰু-9 উভতি অহা বিমানত তেওঁলোক পৃথিৱীলৈ উভতি আহিব।
আনহাতে, মহাকাশ কেন্দ্ৰত এই দুগৰাকী মহাকাশচাৰীৰ দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে এলন মাস্কে দাবী কৰিছে যে মহাকাশচাৰীসকলক ৰাজনৈতিক কাৰণত মহাকাশত এৰি দিয়া হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও পুনৰবাৰ একে আৱেগ প্ৰকাশ কৰিছে। কিন্তু মন কৰিবলগীয়া যে, উইলিয়ামছ আৰু উইলম’ৰ দুয়োজনেই ৰাজনৈতিক বিষয়টো শালীনতাৰে এৰাই চলিছে। এই সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়াপ্ৰকাশ কৰিবলৈ কোৱাত মহাকাশচাৰী সুনীতা উইলিয়ামছে কয় যে, আমি ইয়াত কি জীৱন কটাছো সেয়া আমি জানো।
তেওঁ লগতে কয় যে, আমাক ঘৰলৈ ঘূৰাই অনাৰ চেষ্টা কৰাসকলক আমি যথেষ্ট সন্মান কৰো। একে সময়তে উইলমৰে কয় যে, তেওঁক আৰু উইলিয়ামছক বাইডেন প্ৰশাসনে তেওঁলোকক ঘূৰাই আনিবলৈ কি কৰিছে সেই বিষয়ে কোনো তথ্য দিয়া হোৱা নাই, সেয়েহে তেওঁলোকে মাস্কৰ দাবীক বিশ্বাস কৰিছে। উইলমৰে কয় যে, ইয়াৰ তথ্য আমাৰ ওচৰত নাই, গতিকে মই তেওঁক বিশ্বাস কৰোঁ।