পৃথিৱীত শেষ হ’ব অক্সিজেন, নাথাকিব জীৱ! বিজ্ঞানীয়ে দিলে সতৰ্কবাণী…
পৃথিৱীৰ পৰা কেতিয়া নিঃশেষ হ’ব জীৱন? সেই কথা জানিবলৈ বিজ্ঞানীসকলে প্ৰথমে আৱিষ্কাৰ কৰিছিল পৃথিৱী আৰু ইয়াৰ বায়ুমণ্ডলত থকা গেছবোৰৰ উৎপত্তি কেনেকৈ হয়? কেনেকৈ ই সলনি হ’ল ? লগতে জলবায়ু, জৈৱিক আৰু ভূতাত্ত্বিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে বিজ্ঞানীসকলে।

জীৱৰ সন্ধানত বিভিন্ন সময়ত বিভিন্ন গ্ৰহত অভিযান অব্যাহত ৰাখিছে বিজ্ঞানীসকলে । মংগল গ্ৰহৰ পৰা চন্দ্ৰলৈকে চলিছে গৱেষণা । কিন্তু পৃথিৱীৰ ওপৰত কৰা শেহতীয়া এক গৱেষণাই উত্থাপন কৰিছে বহু প্ৰশ্নৰ । বিজ্ঞানীসকলে সকীয়াই দিছে যে এনে এটা দিন আহিব যেতিয়া পৃথিৱীত থকা সকলো অক্সিজেন শেষ হৈ যাব । শেষ হ’ব মানুহৰ জীৱন । এই অঘটন কেতিয়া সংঘটিত হ’ব সেই কথাও জানিব পৰা গৈছে এই গৱেষণাৰ পৰা ।
পৃথিৱীৰ পৰা কেতিয়া নিঃশেষ হ’ব জীৱন ? সেই কথা জানিবলৈ বিজ্ঞানীসকলে প্ৰথমে আৱিষ্কাৰ কৰিছিল পৃথিৱী আৰু ইয়াৰ বায়ুমণ্ডলত থকা গেছবোৰৰ উৎপত্তি কেনেকৈ হয়? কেনেকৈ ই সলনি হ’ল ? লগতে জলবায়ু, জৈৱিক আৰু ভূতাত্ত্বিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে বিজ্ঞানীসকলে । নেচাৰেল জিঅ’ছায়েন্স নামৰ আলোচনীখনত প্ৰকাশিত এক গৱেষণাৰ মতে, এদিন বিপুল পৰিমাণৰ মিথেন গেছেৰে ভৰি পৰিব আমাৰ পৃথিৱী । শেষ হৈ যাব অক্সিজেন ।
গৱেষক কাজুমি ওজাকিয়ে কয় , “আমি এই কথা জানিবলৈ জৈৱ-ভূ-ৰাসায়নিক আৰু জলবায়ুৰ আৰ্হি ব্যৱহাৰ কৰিছিলোঁ । এই বিশ্লেষণে দেখুৱাইছে যে কেনেকৈ পৃথিৱীত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগে লগে মিথেন গেছ বৃদ্ধি পাব ?” গৱেষকসকলে দাবী কৰিছে যে আগন্তুক এক বিলিয়ন বছৰত পৃথিৱীৰ পৰা অক্সিজেন গেছ নোহোৱা হ’ব । ভৱিষ্যতে সৌৰ প্ৰবাহৰ ব্যাপক পৰিৱৰ্তনৰ বাবে অক্সিজেনৰ নাটনি হ’ব পৃথিৱীত । অধিক বৃদ্ধি পাব তাপমাত্ৰা ।
বিজ্ঞানীসকলে কয় যে, লাহে লাহে বয়স বাঢ়ি আহিছে সূৰ্যৰ। অক্সিজেনৰ অভাৱৰ আঁৰৰ মূল কাৰণ হ’ব এইটোৱেই । ভৱিষ্যতে সূৰ্যৰ তাপমাত্ৰা অধিক বৃদ্ধি পাব আৰু প্ৰত্যক্ষভাৱে পৰিব ইয়াৰ প্ৰভাৱ । গৱেষণাৰ মতে পৃথিৱীত এনে পৰিস্থিতি এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে । বিজ্ঞানীসকলে দাবী কৰে যে পৃথিৱী সৃষ্টিৰ সময়তো এই একেই পৰিস্থিতি আছিল ।
গৱেষকসকলৰ মতে, পৃথিৱীত শেষবাৰৰ বাবে অক্সিজেনৰ অভাৱ হৈছিল আৰ্কিয়ান ইয়ন যুগত । সেয়া প্ৰায় ২৪ বিলিয়ন বছৰৰ আগৰ কথা । সেই সময়ত বায়ুমণ্ডলত অক্সিজেনৰ অভাৱ আছিল । তেতিয়া বায়ুমণ্ডলত অক্সিজেন আছিল ২১% ।
দাবী কৰা হৈছে যে বায়ুমণ্ডলৰ এই বৃহৎ পৰিৱৰ্তনে মানুহকে ধৰি স্তন্যপায়ী প্ৰাণীক বিলুপ্তিৰ দিশে ঠেলি দিব পাৰে । অত্যধিক তাপ আৰু আগ্নেয়গিৰি উদগীৰণৰ ফলত বসবাসৰ বাবে অনুপযোগী হৈ পৰিব পৃথিৱী ।
ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এক অধ্যয়ন অনুসৰি পৃথিৱীৰ বহু অংশ একত্ৰিত হৈ নতুন মহাদেশ গঠন কৰিব ৷ সেই বৃহৎ অঞ্চলটো তীব্ৰ উত্তাপৰ সন্মুখীন হ’ব । বহু ঠাইত তাপমাত্ৰা ৫০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে । যাৰ বাবে স্তন্যপায়ী প্ৰাণীসমূহ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব পাৰে । আগ্নেয়গিৰিৰ কাৰ্যকলাপ বৃদ্ধিৰ লগে লগে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । যিয়ে সেউজ গৃহত প্ৰভাৱ তীব্ৰতৰ কৰি তুলিব ।