ইজৰাইলে হত্যা কৰা ইব্ৰাহিম আকিল কোন আছিল ? | Who is Ibrahim Aqil, the Hezbollah commander killed in israel strike lebanon Assam news - Assam Tv9

পুৰস্কাৰ ৫৮ কোটি টকা !…ইজৰাইলে হত্যা কৰা ইব্ৰাহিম আকিল কোন আছিল?

Published: 

21 Sep 2024 11:59 AM

ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ শীৰ্ষ সেনাধ্যক্ষৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে লেবাননৰ দুটা সূত্ৰই। টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি, হিজবুল্লাহৰ অভিজাত ইউনিট ৰাদৱানৰ এটা অট্টালিকাত এখন বৈঠক চলি থকা সময়তে ইজৰাইলৰ এই আক্ৰমণ সংঘটিত হৈছিল । এই বৈঠকত উপস্থিত আছিল ইব্ৰাহিম আকিল ।

পুৰস্কাৰ ৫৮ কোটি টকা !…ইজৰাইলে হত্যা কৰা ইব্ৰাহিম আকিল কোন আছিল?

হিজবুল্লাহৰ কমাণ্ডাৰ ইব্ৰাহিম আকিল

Follow Us On

শুকুৰবাৰে বেইৰুটৰ দক্ষিণ অঞ্চলত ইজৰাইল সেনাৰ আক্ৰমণত নিহত হয় হিজবুল্লাহৰ শীৰ্ষ অধিনায়ক ইব্ৰাহিম আকিল । ইজৰাইল আৰু আমেৰিকাৰ হিট লিষ্টত থকা ইব্ৰাহিম আকিলক ১৯৮৩ চনত বেইৰুটৰ আমেৰিকাৰ দূতাবাস আৰু আমেৰিকাৰ মেৰিন বেৰেকৰ ওচৰত দুটা ট্ৰাক বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হিচাপে গণ্য কৰা হৈছিল। এই আক্ৰমণত ৩০০ৰো অধিক লোক নিহত হয়।

শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ শীৰ্ষ সেনাধ্যক্ষৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে লেবাননৰ দুটা সূত্ৰই। টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি, হিজবুল্লাহৰ অভিজাত ইউনিট ৰাদৱানৰ এটা অট্টালিকাত এখন বৈঠক চলি থকা সময়তে ইজৰাইলৰ এই আক্ৰমণ সংঘটিত হৈছিল । এই বৈঠকত উপস্থিত আছিল ইব্ৰাহিম আকিল ।

২০১৯ চনত ইব্ৰাহিম আকিলৰ নাম বিশ্ব সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় আৰু তেওঁক হত্যাৰ বিনিময়ত ৭০ লাখ ডলাৰ (৫৮ কোটি) পুৰস্কাৰ ঘোষণা কৰা হৈছিল ।

ইব্ৰাহিম আকিল কোন আছিল?

ইব্ৰাহিম আকিলৰ জন্ম হৈছিল ১৯৬২ চনত পূব লেবাননৰ বালবেক-হাৰ্মেল প্ৰদেশত। হাজ আব্দুল-কাদৰ নামেৰেও পৰিচিত ইব্ৰাহিম আকিল আছিল হিজবুল্লাহৰ এজন জ্যেষ্ঠ সেনাধ্যক্ষ । ১৯৮০ চনত হিজবুল্লাহ প্ৰতিষ্ঠা হোৱাৰ পৰাই হিজবুল্লাহৰ সৈতে জড়িত হৈ পৰিছিল ইব্ৰাহিম আকিল। ইব্ৰাহিমে পূৰ্বে গোপনে নিজৰ মিছনসমূহ সম্পন্ন কৰিছিল। যাৰ ফলস্বৰূপে তেওঁ বিষয়ে খুব কম তথ্য পোৱা যায় ।

অপহৰণ আৰু বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগ

১৯৮৩ চনত ট্ৰাক বোমা বিস্ফোৰণৰ উপৰিও ইব্ৰাহিম আন বহু সন্ত্ৰাসবাদী অভিযানৰ সৈতে জড়িত হৈছিল। আমেৰিকাই অভিযোগ কৰিছিল যে, ইব্ৰাহিমে ১৯৮২ চনৰ পৰা ১৯৯২ চনৰ ভিতৰত আমেৰিকান আৰু জাৰ্মান নাগৰিকক অপহৰণৰ পৰিকল্পনা কৰিছিল। অৱশ্যে এই অভিযানত তেওঁ কোনো ধৰণৰ জড়িত থকাৰ কথা অস্বীকাৰ কৰে হিজবুল্লাহে।

বিগত ৪০ বছৰ ধৰি সংগঠনটোত ইব্ৰাহিমৰ দায়িত্বৰ বিষয়ে অতি কম তথ্য উপলব্ধ। হিজবুল্লাহৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত ইব্ৰাহিম অন্যতম আছিল । হিজবুল্লাহক মিলিচীয়াৰ পৰা লেবাননৰ আটাইতকৈ শক্তিশালী সামৰিক, সন্ত্ৰাসবাদী আৰু ৰাজনৈতিক সংগঠনলৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে ইব্ৰাহিম আকিলৰ । হিজবুল্লাহৰ ধাৰাবাহিক আক্ৰমণৰ ফলতে ইজৰাইলৰ সেনাই ২০০০ চনত দক্ষিণ লেবাননৰ তথাকথিত নিৰাপত্তা মণ্ডলৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল আৰু ২০০৬ চনত ইজৰাইলে হিজবুল্লাহৰ সৈতে হোৱা যুদ্ধত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

INPUT-TV9HINDI

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version