New Chief of Hezbollah : হিজবুল্লাহৰ নতুন মুৰব্বী নাইম কাছিম কোন ?
হিজবুল্লাহে নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে নাইম কাছিমক । ছেপ্টেম্বৰ মাহত বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণত হিজবুল্লাহৰ প্ৰাক্তন মুৰব্বী হাছান নছৰল্লাহৰ মৃত্যু হৈছিল । নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নাইম কাছিমক নেতা হিচাপে নিৰ্বাচিত কৰিছে হিজবুল্লাহে ।
লেবাননৰ বিদ্ৰোহী সংগঠন হিজবুল্লাহে নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে নাইম কাছিমক । ছেপ্টেম্বৰ মাহত বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণত হিজবুল্লাহৰ প্ৰাক্তন মুৰব্বী হাছান নছৰল্লাহৰ মৃত্যু হৈছিল । নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নাইম কাছিমক নেতা হিচাপে নিৰ্বাচিত কৰিছে হিজবুল্লাহে । হিজবুল্লাহৰ ‘শ্বুৰা পৰিষদ’ৰ দীৰ্ঘ সময় ধৰি হোৱাৰ আলোচনাৰ অন্তত কাছিমক হিজবুল্লাহৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হয় ।
হিজবুল্লাহৰ নতুন মুৰব্বী নাইম কাছিম কোন?
১৯৯১ চনৰ পৰা কাছিমে হিজবুল্লাহৰ উপ-মুখ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯২ চনত ইজৰাইলৰ হেলিকপ্টাৰ আক্ৰমণত নিহত হোৱা হিজবুল্লাহৰ প্ৰাক্তন সচিব প্ৰধান আব্বাছ আল মুছাৱীৰ অধীনত তেওঁক নিযুক্তি দিয়া হৈছিল আৰু নছৰল্লাহে হিজবুল্লাহৰ নেতৃত্ব লোৱাৰ সময়ত নছৰল্লাহৰ সহায়ক পদত তেওঁক নিযুক্তি দিয়া হয় । ১৯৭৪ চনৰ লেবাননৰ ছিয়া আমল আন্দোলনৰ পৰাই কাছিমে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে। প্ৰতিষ্ঠা কালৰে পৰা হিজবুল্লাহৰ সৈতে জড়িত হৈ পৰিছিল কাছিম ।
দীৰ্ঘদিন ধৰি হিজবুল্লাহৰ অন্যতম আগশাৰীৰ মুখপাত্ৰ হিচাপে কাছিমে কাম কৰিছিল । বিদেশী সংবাদ মাধ্যমক হিজবুল্লাহৰ হৈ অসংখ্য সাক্ষাৎকাৰ দি আহিছে কাছিমে। তদুপৰি ১৯৯২ চনত হিজবুল্লাহে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰাই কাজিমে হিজবুল্লাহৰ সংসদীয় নিৰ্বাচনী প্ৰচাৰৰ সাধাৰণ সমন্বয়ক আছিল।
তেওঁ ২৬ খন গ্ৰন্থ লিখিছে
১৯৫৩ চনত দক্ষিণ লেবাননৰ ফিলা গাঁৱত জন্মগ্ৰহণ কৰা কাছিমৰ পিতৃ বেইৰুটৰ টেক্সি চালক আছিল। নাইম কাছিমৰ ৬ জন পুত্ৰ সন্তান আছে । লেখক হিচাপেও তেওঁ পৰিচিত । এতিয়ালৈকে তেওঁ ২৬খন গ্ৰন্থ লিখিছে । শেহতীয়া বছৰবোৰত তেওঁ ইৰাণত অনুষ্ঠিত হোৱা কেইবাটাও চৰকাৰী অনুষ্ঠানত হিজবুল্লাহক প্ৰতিনিধিত্ব কৰিছিল ।