প্ৰতাৰণা কৰি শ শ কোটি টকা লুট কৰিছে। বিগত ৭ বছৰ ধৰি আমেৰিকাৰ এজেন্সী এফ বি আইকে ধৰি কেইবাটাও চোৰাংচোৱা সংস্থাই তেওঁক বিচাৰি ফুৰিছে। তথাপিও তেওঁৰ সন্ধান লাভ কৰা নাই । তেওঁ নাম- ৰুজা ইগনাটোভা।
বুলগেৰিয়াত জন্মগ্ৰহণ কৰা ৰুজা এগৰাকী জাৰ্মান নাগৰিক। বৃহৎ পৰিসৰৰ পুঁজি আত্মসাৎ আৰু জালিয়াতিৰ লগত জড়িত হোৱাৰ বাবে ২০২২ চনত এফ বি আইয়ে তেওঁক ‘মষ্ট ৱাণ্টেড টেন’ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ সন্ধান দিয়াৰ বাবে এফ বি আইয়ে ২ লাখ ৫০ হাজাৰ ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল। শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে পুৰস্কাৰৰ পৰিমাণ ৫০ লাখ ডলাৰ বা প্ৰায় ৪২ কোটি টকালৈ বৃদ্ধি কৰিছে।
কিন্তু ৰুজা ইগনাটোভাই কি ভুল কৰিলে? ২০১৪ চনত ৰুজাই ছফিয়াত OneCoin নামৰ এটা ভুৱা ক্ৰিপ্টোকাৰেন্সী কোম্পানী খুলি প্ৰতাৰণাৰ জাল পেলায় । তেওঁ ক্লায়েণ্টক ভুৱা ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰিছিল। এইদৰে তেওঁৰ বিৰুদ্ধে প্ৰায় ৪ বিলিয়ন ডলাৰ (৩৩৪ কোটি টকা) প্ৰতাৰণা কৰাৰ অভিযোগ আছে ।
আমেৰিকা চৰকাৰে OneCoinক বিশ্ব ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলি অভিহিত কৰিছে। আমেৰিকাৰ লগতে বুলগেৰিয়াৰ চোৰাংচোৱা সংস্থাইও ৰুজাৰ সন্ধানৰ বাবে চেষ্টা চলাই আছে । কিন্তু, যোৱা সাত বছৰ ধৰি তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাই ।
২০১৭ চনত তেওঁক শেষবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছিল। ২০১৭ চনৰ ২৫ অক্টোবৰত ৰুজাই বুলগেৰিয়া এৰি গ্ৰীচলৈ যায়। গ্ৰীচৰ এথেন্সত তেওঁক কিছুমানে দেখিছিল।
এফ বি আইৰ তথ্য অনুসৰি ৰুজাই হয়তো জাৰ্মান পাছপ’ৰ্ট ব্যৱহাৰ কৰি গ্ৰীচ, সংযুক্ত আৰব আমিৰশ্বাহী, ৰাছিয়া বা পূব ইউৰোপৰ কোনো দেশলৈ গৈছিল। এফ বি আইৰ মতে, ৰুজাই হয়তো প্লাষ্টিক চাৰ্জাৰীৰ জৰিয়তে নিজৰ চেহেৰা সলনি কৰিলে।
এইবাৰ ৰুজাৰ বহু ওচৰ চাপিছিল এফ বি আই । তেওঁ আমেৰিকান প্ৰেমিকজনক লগ ধৰিবলৈ আহিছিল । কিন্তু, ৰুজাই নিজৰ এপাৰ্টমেণ্টত ভৰি দিয়াৰ লগে লগে তেওঁ উপলব্ধি কৰে যে, তেওঁক ধৰিবলৈ এফ বি আইয়ে অপেক্ষা কৰি আছে । লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে ৰুজাই ।
এই কেলেংকাৰীত জড়িত থকাৰ বাবে ৰুজা ইগনাটোভাৰ ৱানক’ইনৰ একাংশ অংশীদাৰক জেললৈ প্ৰেৰণ কৰা হৈছে। যোৱা বছৰ ৱানক’ইনৰ সহ-প্ৰতিষ্ঠাপক কাৰ্ল গ্ৰীণউডক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। ইয়াৰ লগতে ৩০ কোটি ডলাৰ জব্দ কৰা হয়। বুলগেৰিয়াৰ নাগৰিক ইৰিনা ডিলকিন্সকা আৰু আমেৰিকাৰ নাগৰিক মাৰ্ক স্কটক ক্ৰমে চাৰি বছৰ আৰু দহ বছৰৰ কাৰাদণ্ড বিহা হয়। কিন্তু ৰুজা সংস্পৰ্শৰ বাহিৰত।