কোনো ঘনিষ্ঠই কৰিলে নেকি হত্যা? হানিয়াৰ প্ৰতিটোপাল তেজৰ হিচাপ লোৱা হ’ব…
ক্ষমতাৰ নামত একাংশই যুদ্ধ কৰি যাব। কিন্তু এখন ঘৰ, এটা পৰিয়াল হেৰুৱাব লগীয়া সাধাৰণ মানুহ এজনেহে জানে এই যুদ্ধই কি দিছে। যুদ্ধই কেৱল ধ্বংস আনিছে। হানিয়াৰ মৃত্যুই ইজৰাইল- হামাছলৈ আৰু মহাপ্ৰলয় মাতি আনিব।
ইৰাণৰ ৰাজধানী তেহৰাণত সংঘটিত আক্ৰমণত মৃত্যু হয় হামাছৰ মুৰব্বী ইছমাইল হানিয়াৰ। ইৰাণৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেহৰাণত আছিল হানিয়া। ইৰাণ ৰিভল্যুচনেৰী গাৰ্ডৰ তথ্য অনুসৰি তেহৰাণত সংঘটিত বিস্ফোৰণত ইছমাইল হানিয়া আৰু তেওঁৰ সুৰক্ষাত নিয়োজিত ইৰাণৰ এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে। হানিয়াৰ মৃত্যুত হামাছ অধিক উগ্ৰ হৈ পৰিছে। হানিয়াৰ মৃত্যুই সমগ্ৰ বিশ্বক এক আলোড়নৰ সৃষ্টি কৰিছে। হানিয়াৰ মৃত্যু হামাছৰ বাবে এক ডাঙৰ ক্ষতি। কিন্তু হামাছে হাত সাবতি বহি নাথাকে। হানিয়াৰ মৃত্যু এক মহাযুদ্ধৰ ইংগিত।
৩১ জুলাইত হানিয়াৰ মৃত্যুৰ পাছতেই হামাছে ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱা হ’ব। হামাছে এক বিবৃতিত কৈছে- “আল্লাহৰ ৰাস্তাত হত্যা কৰাসকলক মৃত বুলি নাভাবিব, বৰঞ্চ তেওঁলোক নিজৰ প্ৰভুৰ ওচৰত জীয়াই আছে, আৰু জীৱিকা লাভ কৰি আছে।” এই মৃত্যুত শোক প্ৰকাশ কৰি হামাছে লিখিছে যে ”এয়া বিজয় আৰু শ্বহীদৰ যুদ্ধ”। ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে হামাছে কেতিয়াও মানি নলয় পৰাজয়।
হানিয়াৰ মৃত্যুৰ আঁৰত ইজৰাইলৰ হাত আছে বুলি কোৱা হৈছে যদিও বহু প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন হৈছে, হামাছৰ মুৰব্বীক তেওঁৰ কোনো ঘনিষ্ঠই হত্যা কৰিছে নেকি? কিয়নো হানিয়া অতি নিৰাপদ স্থানত আছিল । সেই স্থান ইৰানৰ ৰাষ্ট্ৰপতিৰ ঘৰৰ পৰা ১৫০ মিটাৰ দূৰত অৱস্থিত। গতিকে ইমান নিৰাপদ স্থানত কেনেদৰে এই আক্ৰমণ সংঘটিত হ’ল?
জানিব পৰা মতে, হানিয়া আৰু তেওঁৰ প্ৰতিনিধি দলটো তেহৰাণৰ উত্তৰত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ অতিথিশালাত আছিল। তেতিয়াই বায়ু পৰিচালিত আকাশী প্ৰজেক্টাইলৰ দ্বাৰা এই আক্ৰমণ সংঘটিত হয়। এতিয়াও এই হত্যাকাণ্ডৰ তদন্ত চলি আছে। এই বিস্ফোৰণ পাছতেই ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে, হানিয়াৰ মৃত্যু অথলে নাযায়। হানিয়াৰ প্ৰতি টোপাল তেজৰ হিচাপ দিয়া হ’ব। এতিয়াৰ পৰা তেহৰাণ-পেলেষ্টাইনৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলিও তেওঁ কয়।
পশ্চিমীয়া সংবাদ মাধ্যমৰ তথ্য অনুসৰি হানিয়াৰ মৃত্যুত দুটাকৈ এজেন্সিৰ হাত আছে। মোচাদ আৰু চিআইয়ে হানিয়াৰ লোকেশ্যন দিছিল। এই লোকেশ্যন লাভ কৰাৰ পাছতেই মিছাইল আক্ৰমণ হৈছিল। এতিয়ালৈকে হানিয়াৰ মৃত্যু সন্দৰ্ভত ইজৰাইলে কোনো মন্তব্য কৰা নাই। কিন্তু ইজৰাইলক ভাবুকি দিয়া আৰম্ভ হৈছে। ৰাছিয়া আৰু টুৰ্কীও ইজৰাইলৰ বিপক্ষে থিয় দিছে।
কাৰ আক্ৰমণত হানিয়াৰ মৃত্যু হ’ল সেয়া পাছত স্পষ্ট হ’ব। কিন্তু এই মৃত্যুয়ে যে আৰু অধিক নিৰীহৰ প্ৰাণ ল’ব সেয়া নিশ্চিত। হানিয়াৰ পুত্ৰই তেওঁৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ কথা কৈছে। এই যুদ্ধ আৰু অধিক ভয়ংকৰ হ’ব বুলি তেওঁ ইতিমধ্যে সকিয়াই দিছে।
উল্লেখ্য যে, মাহৰ পাছত মাহ ধৰি ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ অব্যাহত আছে। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰলোকে প্ৰাণ হেৰুৱাইছে। হাজাৰ হাজাৰলোক আঘাতপ্ৰাপ্ত হৈছে, কিমান মানুহ গৃহহীন হৈ পৰিছে তাৰ কোনো ঠিকনা নাই। গাজাত খাদ্য, পানীৰ অভাৱত শিশু মৰিছে। মুঠতে এক অকল্পনীয় ঘটনা। ক্ষমতাৰ নামত একাংশই যুদ্ধ কৰি যাব। কিন্তু এখন ঘৰ, এটা পৰিয়াল হেৰুৱাব লগীয়া সাধাৰণ মানুহ এজনেহে জানে এই যুদ্ধই কি দিছে। যুদ্ধই কেৱল ধ্বংস আনিছে। হানিয়াৰ মৃত্যুই ইজৰাইল- হামাছলৈ পুনৰ এক মহাপ্ৰলয় মাতি আনিব।