জনপ্ৰিয়তা হ্ৰাস ! কানাডাৰ প্ৰধানমন্ত্ৰী পদৰ পৰা কিয় পদত্যাগ কৰিবলৈ ওলাইছে জাষ্টিন ট্ৰুডোৱে…?

নিজৰ দলৰ ভিতৰতে ক্ষোভৰ সন্মুখীন হৈছে জাষ্টিন ট্ৰুডো । দলীয় হেঁচাত পৰি কামাডাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে । ইতিমধ্যে নিজ দলতে জাষ্টিন ট্ৰুডো পদত্যাগৰ বাবে হেঁচা সৃষ্টি হৈছে বুলি চৰ্চা চলিছে ।

জনপ্ৰিয়তা হ্ৰাস ! কানাডাৰ প্ৰধানমন্ত্ৰী পদৰ পৰা কিয় পদত্যাগ কৰিবলৈ ওলাইছে জাষ্টিন ট্ৰুডোৱে...?

জাষ্টিন ট্ৰুডো

Updated On: 

06 Jan 2025 13:13 PM

পদত্য়াগ কৰিব পাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ! নিজৰ দলৰ ভিতৰতে ক্ষোভৰ সন্মুখীন হৈছে জাষ্টিন ট্ৰুডো । প্ৰকাশিত খবৰ অনুসৰি, দলীয় হেঁচাত পৰি কামাডাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে । ইতিমধ্যে নিজ দলতে জাষ্টিন ট্ৰুডো পদত্যাগৰ বাবে হেঁচা সৃষ্টি হৈছে বুলি চৰ্চা চলিছে । এটা সময়ত এই গৰাকী কানাডাৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বতে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল । কিন্তু যোৱা কেইবছৰমানৰ পৰা তেওঁৰ জনপ্ৰিয়তাও যথেষ্ট হ্ৰাস পাইছে।

ট্ৰুডোৰ দল লিবাৰেল পাৰ্টিয়েও দেশখনৰ প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল । তেওঁৰ বিৰুদ্ধে ৰাজহুৱাভাৱে ক্ষোভ প্ৰকাশ কৰিছে লিবাৰেল পাৰ্টিৰ সাংসদসকলে। এমাহ পূৰ্বে ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে ট্ৰুডোৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি বিত্তমন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পাছতে এতিয়া জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে।

চলিত বৰ্ষৰ অক্টোবৰ মাহত কানাডাত নিৰ্বাচন অনুষ্ঠিত হ’ব। শেহতীয়াকৈ কৰা এক সমীক্ষাত দেখা গৈছে যে, ট্ৰুডোৰ দলটোৱে বিৰোধী কনজাৰ্ভেটিভ জনৰ তুলনাত সমৰ্থন হেৰুৱাইছে । ইয়াৰ পাছতে লিবাৰেল পাৰ্টিৰ ভিৰতত ট্ৰুডোৰ নেতৃত্বকলৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে বুলি চৰ্চা চলিছে । অহা বুধবাৰে কানাডাৰ এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হ’ব। তাৰ আগতে আজি ট্ৰুডোৱে পদত্যাগ কৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছে ।

সূত্ৰৰ খবৰ অনুসৰি ট্ৰুডোৱে, ইতিমধ্যে বিত্তমন্ত্ৰী ডমিনিক লেব্লাংকৰ সৈতে বৈঠকত মিলিত হৈছে । অৱশ্যে তেওঁ পোনপটীয়াকৈ পদত্যাগ কৰিব নে আন কোনো নেতাই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত পদত্যাগ কৰিব সেয়া এতিয়াও স্পষ্ট নহয় । ইফালে আন এক খবৰ অনুসৰি, যদি ট্ৰুডোৱে পদত্যাগ কৰে তেন্তে নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’ব পাৰে ক্ৰীষ্টিয়া ফ্ৰীলেণ্ড বা ডমিনিক লেব্লাংকে।

ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...