শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মৰক্কোত হত্যা কৰা হ’ব ৩০ লাখ ৰাজপথৰ কুকুৰ ! কিন্তু কিয় ?

ৰাজপথৰ কুকুৰক লৈ কঠোৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কো । এটা দুটা নহয় প্ৰায় ৩০ লাখ ৰাজপথৰ কুকুৰ হত্যা কৰাৰ কথা চিন্তা কৰিছে মৰক্কোয়ে । এই আচৰিত সিদ্ধান্ত লোৱাৰ কাৰণ কি জানেনে ?

মৰক্কোত হত্যা কৰা হ’ব ৩০ লাখ ৰাজপথৰ কুকুৰ ! কিন্তু কিয় ?
ৰাজপথৰ কুকুৰImage Credit source: PTI
manas-borah
Manas Borah | Published: 18 Jan 2025 17:27 PM

ইমান কঠোৰ সিদ্ধান্ত কিয় ? কুকুৰৰ প্ৰতি প্ৰত্যেকজন লোকৰে মৰম-চেনেহ থাকে । সুৰক্ষাৰ দিশটোত কুকুৰে বিশেষ ভূমিকা পালন কৰি আহিছে । কিন্তু এই কুকুৰক লৈয়ে কঠোৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কো । এটা দুটা নহয় প্ৰায় ৩০ লাখ ৰাজপথৰ কুকুৰ হত্যা কৰাৰ কথা চিন্তা কৰিছে মৰক্কোয়ে । এই আচৰিত সিদ্ধান্ত লোৱাৰ কাৰণ কি জানেনে ?

প্ৰকাশিত খবৰ অনুসৰি, নিজৰ চহৰৰ ৰূপ আকৰ্ষণীয় কৰাৰ বাবে ৩০ লাখ ৰাজপথৰ কুকুৰক হত্যা কৰাৰ কথা চিন্তা কৰিছে মৰক্কোৱে। দেশখনে লোৱা এই আচৰিত ধৰণৰ সিদ্ধান্তৰ কথা প্ৰকাশ পোৱাৰ পাছতে এতিয়া পশু অধিকাৰ কৰ্মীসকলৰ মাজতো ক্ষোভৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি মৰক্কোত প্ৰতি বছৰে ৩ লাখ ৰাজপথৰ কুকুৰক হত্যা কৰা হয়। উল্লেখ্য যে, মৰক্কোত আয়োজন কৰা হব ২০৩০ চনৰ ফিফা ফুটবল বিশ্বকাপ। মৰক্কোক ফিফা বিশ্বকাপৰ সহ-আয়োজক হিচাপে ঘোষণা কৰাৰ পাছতে দেশখনৰ ৰাজপথৰ কুকুৰ হত্যাৰ এই প্ৰক্ৰিয়াকলৈ এই খবৰ প্ৰকাশ পাইছে ।

মনকৰিবলগীয়া যে, প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ফিফা বিশ্বকাপে সমগ্ৰ বিশ্বতে আলোড়ন সৃষ্টি কৰে ।সমগ্ৰ বিশ্বৰ প্ৰতিটো কোণৰ পৰা কোটি কোটি অনুৰাগীক আকৰ্ষণ কৰে ফিফাই বিশ্বকাপে। এই বিশ্বকাপক লৈয়ে প্ৰস্তুতি আৰম্ভ কৰিছে মৰক্কোৱে। বিশ্বকাপৰ আগ মুহূৰ্তত নিজৰ চহৰসমূহ আকৰ্ষণীয় কৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে মৰক্কোৱে ।

এই প্ৰচেষ্টাৰ অংশ হিচাপেই ৩০ লাখ ৰাজপথৰ কুকুৰক হত্যা কৰাৰ কথা চিন্তা কৰিছে মৰক্কোৱে । ফিফা কেৱল ফুটবল প্ৰতিযোগিতা নহয়, ই এনে এক উৎসৱ যিয়ে সমগ্ৰ বিশ্বৰ মানুহক সংযোগ কৰে। ফিফাই বিশ্বৰ বৈচিত্ৰ্যক উদযাপন কৰে আৰু সকলো জাতিৰ মাজত অতুলনীয় উৎসাহৰ সৃষ্টি কৰে। সেয়েহে এই ফিফা বিশ্বকাপ আয়োজক দেশসমূহৰ ওপৰত এক বৃহৎ দায়িত্ব থাকে।

ইয়াৰ অংশ হিচাপে উত্তৰ আফ্ৰিকাৰ দেশখনে বিশ্বকাপৰ পূৰ্বে চহৰসমূহ ‘পৰিষ্কাৰ’ কৰিবলৈ ৩০ লাখ বিপথগামী কুকুৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি খবৰ প্ৰকাশ পাইছে ।

Latest News