বনজুইৰ গ্ৰাসত দক্ষিণ কোৰিয়া! ১৬ জনৰ মৃত্যু, হাজাৰ হাজাৰ লোকে এৰিছে ঘৰ-বাৰী
শুকান বতাহৰ ফলত সূত্ৰপাত হোৱা জুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এই বিধ্বংসী বনজুইত ৪৩ হাজাৰ একৰতকৈ অধিক ভূমি জ্বলি যায় আৰু ১৩০০ বছৰ পুৰণি বৌদ্ধ মন্দিৰ ধ্বংসস্তূপত পৰিণত হয়।

বনজুইৰ গ্ৰাসত দক্ষিণ কোৰিয়া!
শুকান বতৰ আৰু প্ৰচণ্ড বতাহৰ মাজত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ ল’লে ১৬ জন লোকৰ। আহত হৈছে ১৯ জন লোক । এই ঘটনা সংঘটিত হৈছে দক্ষিণ কোৰিয়াৰ দক্ষিণ অঞ্চলত। বুধবাৰে চৰকাৰী বিষয়াসকলে প্ৰদান কৰে এই তথ্য । নিৰাপত্তা মন্ত্ৰালয়ৰ মতে, চুবুৰীয়া কাউন্টি উইছং আৰু ছানচং আৰু উলছান চহৰত ৫৫০০ৰো অধিক লোকক ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হয়।
মঙলবাৰে আন্দোং চহৰৰ লগতে দক্ষিণ-পূবৰ অন্যান্য চহৰ আৰু নগৰসমূহৰ কৰ্তৃপক্ষই বাসিন্দাসকলক ঘৰ-দুৱাৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হয়। শুকান বতাহৰ ফলত সূত্ৰপাত হোৱা জুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এই বিধ্বংসী বনজুইত ৪৩ হাজাৰ একৰতকৈ অধিক ভূমি জ্বলি যায় আৰু ১৩০০ বছৰ পুৰণি বৌদ্ধ মন্দিৰ ধ্বংসস্তূপত পৰিণত হয়।
এই পৰ্যন্ত মৃত্যু হৈছে ১৬ জন লোকৰ
প্ৰকৃততে দক্ষিণ কোৰিয়া তিনিওফালৰ পৰা সাগৰেৰে আগুৰি আছে। ইয়াৰ দক্ষিণ অংশত চেনচেয়ং নামৰ এটা অঞ্চল আছে। সাধাৰণতে এই অঞ্চলটো গাঞ্জাৰ পাতৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বাবে বাতৰিৰ শিৰোনামত থাকে। যেনে- পাতৰ পৰা কাপোৰ বনোৱা বা ঘৰৰ চাল বনোৱা। চেনচেয়ং নামৰ এই অঞ্চলৰ বনাঞ্চলতে এই অগ্নিকাণ্ড সংঘটিত হয়।অতি কম সময়ৰ ভিতৰে জুইয়ে আশে-পাশে থকা অঞ্চলত বিয়পি পৰে। এই পৰ্যন্ত অগ্নিকাণ্ডত ১৬ জন লোকৰ এই ৰোগত মৃত্যু হৈছে।
এই জুই এতিয়ালৈকে প্ৰায় ১৬ হাজাৰ একৰ ভূমি বিয়পি পৰিছে। ঘৰ-বাৰী এৰিছে প্ৰায় ৫৫০০ লোক। উদ্ধাৰ অভিযানত নিয়োজিত হৈছে ৯ হাজাৰৰো অধিক জোৱান আৰু ১০০ৰো অধিক হেলিকপ্টাৰ। কিন্তু প্ৰচণ্ড আৰু শুকান বতাহে বৃদ্ধি কৰিছে জুইৰ প্ৰৱণতা। সপ্তাহৰ শেষৰ ফালে দক্ষিণ কোৰিয়াৰ দক্ষিণ-পূব অঞ্চলত বনাঞ্চলৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হান ডুক-ছুৱে জুই নিয়ন্ত্ৰণৰ বাবে সৰ্বাত্মক প্ৰচেষ্টাৰ আহ্বান জনায়।
৭০ শতাংশ পৰ্যন্ত জুই নিয়ন্ত্ৰণ
ছিম ইউই-ডেকে ইনষ্টাগ্ৰামত পোষ্ট কৰা ফুটেজত দেখা গৈছে যে, চেনচেয়ঙৰ পাহাৰত বৰ্তমানো জুই জ্বলি আছে। শুকুৰবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছতে ৪১৫০ হেক্টৰ (১০,২৫০ একৰ) মাটি জ্বলি ছাই হৈছে। সংবাদ সংস্থা য়নহাপে জনোৱা অনুসৰি, চেনচেয়ং কাউন্টিত জুই ৭০ শতাংশ নিয়ন্ত্ৰণ কৰা হৈছে।