শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

China Artificial Sun: এইবাৰ চীনে নিৰ্মাণ কৰিলে নকল সূৰ্য… কিন্তু কিয়?

সূৰ্যৰ পোহৰ অবিহনে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব পাৰিবনে ? বিজ্ঞানীৰ মতে, সূৰ্য অবিহনে জীৱৰ অস্তিত্বকলৈ সৃষ্টি হ'ব প্ৰশ্নবোধকৰ । কাৰণ সূৰ্যৰ শক্তি হ্ৰাস পালে প্ৰকোপ বাঢ়িব শীতৰ ।

China Artificial Sun: এইবাৰ চীনে নিৰ্মাণ কৰিলে নকল সূৰ্য… কিন্তু কিয়?
নকল সূৰ্যImage Credit source: Muhammed Abdullah Kurtar/Anadolu via Getty Images) | PTI
barasha-misra
Barasha Misra | Updated On: 27 Jan 2025 21:17 PM

পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস সূৰ্য । যাৰ পোহৰ ম্লান পৰাতো কেতিয়াও সম্ভৱ নহয় । কিন্তু কেতিয়াবা যদি তেনেকুৱা কিবা এটা ঘটে ! যদি হঠাৎ এদিন আপুনি দেখে যে সূৰ্যৰ উজ্জ্বলতা ক্ৰমাৎ কমি গৈছে, কি হ’ব তেতিয়া ? সূৰ্যৰ পোহৰ অবিহনে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব পাৰিবনে ? বিজ্ঞানীৰ মতে, সূৰ্য অবিহনে জীৱৰ অস্তিত্বকলৈ সৃষ্টি হ’ব প্ৰশ্নবোধকৰ । কাৰণ সূৰ্যৰ শক্তি হ্ৰাস পালে প্ৰকোপ বাঢ়িব শীতৰ । বৰফেৰে আবৃত হ’ব সমস্ত ধৰণী । আৰু যদি তেনে নহয়, তেন্তে ভিটামিন ডি-ৰ অভাৱ হ’ব শৰীৰত । যাৰ ফলত অকামিলা হৈ পৰিব শৰীৰৰ হাঁড়বোৰ ।

এইবোৰ কিন্তু কল্পনাহে । বাস্তৱত কেতিয়াও সূৰ্যৰ পোহৰ আৰু উত্তাপ কমি নাযায় । আৰু যদি কেতিয়াবা কমি যায়, তেন্তে চীনে নিজৰ বাচি থকাৰ উপায় ইতিমধ্যে আৰম্ভ কৰিছে । চীনা বিজ্ঞানীয়ে এটা নকল সূৰ্যৰ উদ্ভাৱন কৰিছে । এনেও নকল সামগ্ৰী নিৰ্মাণত চীনক ওস্তাদ বুলি জনা যায় । বিশ্বৰ ডাঙৰ ডাঙৰ সংস্থাৰ নামী-দামী সামগ্ৰীৰ নকল তৈয়াৰ কৰি ইতিমধ্যেই বিশ্বব্যাপী ব্যৱসায় কৰি আছে চীনে । এইবাৰ শক্তিৰ মূল উৎস সূৰ্যৰ নকল ৰূপ তৈয়াৰ কৰিলে চীনৰ বিজ্ঞানীয়ে ।

নকল সূৰ্যৰ প্ৰয়োজন কি ?

চীনে আশংকা কৰিছে যে যিদৰে পৃথিৱী আগুৱাইছে, যি ইচ্ছা সেয়াই ঘটিব পাৰে । এনে এটা দিন আহিবও পাৰে য’ত সূৰ্য শক্তিহীন হৈ পৰিব পাৰে । সেয়ে তেনে এক অনাকাংক্ষিত বিপদ অহাৰ আগেয়েই নকল সূৰ্য নিৰ্মাণৰ অভিযানত নামিছিল চীনা বিজ্ঞানী । যেতিয়ালৈকে সূৰ্যৰ নিজৰ শক্তি হ্ৰাস নাপায়, তেতিয়ালৈকে এই নকল সূৰ্য ব্যৱহাৰ কৰি পৰিৱেশৰ ক্ষতি নোহোৱাকৈ সমগ্ৰ দেশৰ বিদ্যুতৰ নাটনিৰ জোৰা মাৰিব পাৰিব চীনে ।

সম্প্ৰতি, ১০০০ ছেকেণ্ডৰো বেছি সময় প্লাজমা ধৰি ৰাখিবলৈ সক্ষম হৈছে চীনৰ এই নকল সূৰ্যই । যাৰ দ্বাৰা ১০ কোটি ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা উৎপন্ন কৰা হৈছে । আচলতে এই প্লাজমা যিমান বেছি সময় ধৰি ৰখা সম্ভৱ হ’ব সিমান বেছি পৰিমাণৰ শক্তি উৎপন্ন কৰাতো সম্ভৱ হ’ব । ইয়াৰ পূৰ্বে ২০২৩ চনত পৰীক্ষামূলকভাৱে ৪০৩ ছেকেণ্ড পৰ্যন্ত প্লাজমা ধৰি ৰাখিবলৈ সক্ষম হৈছিল তেওঁলোকে । দুবছৰ পাচতেই তেওঁলোক সক্ষম হৈছে এই সাফল্য অৰ্জন কৰিবলৈ ।