China Artificial Sun: এইবাৰ চীনে নিৰ্মাণ কৰিলে নকল সূৰ্য… কিন্তু কিয়?

সূৰ্যৰ পোহৰ অবিহনে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব পাৰিবনে ? বিজ্ঞানীৰ মতে, সূৰ্য অবিহনে জীৱৰ অস্তিত্বকলৈ সৃষ্টি হ'ব প্ৰশ্নবোধকৰ । কাৰণ সূৰ্যৰ শক্তি হ্ৰাস পালে প্ৰকোপ বাঢ়িব শীতৰ ।

China Artificial Sun: এইবাৰ চীনে নিৰ্মাণ কৰিলে নকল সূৰ্য... কিন্তু কিয়?

নকল সূৰ্য

Updated On: 

27 Jan 2025 21:17 PM

পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস সূৰ্য । যাৰ পোহৰ ম্লান পৰাতো কেতিয়াও সম্ভৱ নহয় । কিন্তু কেতিয়াবা যদি তেনেকুৱা কিবা এটা ঘটে ! যদি হঠাৎ এদিন আপুনি দেখে যে সূৰ্যৰ উজ্জ্বলতা ক্ৰমাৎ কমি গৈছে, কি হ’ব তেতিয়া ? সূৰ্যৰ পোহৰ অবিহনে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব পাৰিবনে ? বিজ্ঞানীৰ মতে, সূৰ্য অবিহনে জীৱৰ অস্তিত্বকলৈ সৃষ্টি হ’ব প্ৰশ্নবোধকৰ । কাৰণ সূৰ্যৰ শক্তি হ্ৰাস পালে প্ৰকোপ বাঢ়িব শীতৰ । বৰফেৰে আবৃত হ’ব সমস্ত ধৰণী । আৰু যদি তেনে নহয়, তেন্তে ভিটামিন ডি-ৰ অভাৱ হ’ব শৰীৰত । যাৰ ফলত অকামিলা হৈ পৰিব শৰীৰৰ হাঁড়বোৰ ।

এইবোৰ কিন্তু কল্পনাহে । বাস্তৱত কেতিয়াও সূৰ্যৰ পোহৰ আৰু উত্তাপ কমি নাযায় । আৰু যদি কেতিয়াবা কমি যায়, তেন্তে চীনে নিজৰ বাচি থকাৰ উপায় ইতিমধ্যে আৰম্ভ কৰিছে । চীনা বিজ্ঞানীয়ে এটা নকল সূৰ্যৰ উদ্ভাৱন কৰিছে । এনেও নকল সামগ্ৰী নিৰ্মাণত চীনক ওস্তাদ বুলি জনা যায় । বিশ্বৰ ডাঙৰ ডাঙৰ সংস্থাৰ নামী-দামী সামগ্ৰীৰ নকল তৈয়াৰ কৰি ইতিমধ্যেই বিশ্বব্যাপী ব্যৱসায় কৰি আছে চীনে । এইবাৰ শক্তিৰ মূল উৎস সূৰ্যৰ নকল ৰূপ তৈয়াৰ কৰিলে চীনৰ বিজ্ঞানীয়ে ।

নকল সূৰ্যৰ প্ৰয়োজন কি ?

চীনে আশংকা কৰিছে যে যিদৰে পৃথিৱী আগুৱাইছে, যি ইচ্ছা সেয়াই ঘটিব পাৰে । এনে এটা দিন আহিবও পাৰে য’ত সূৰ্য শক্তিহীন হৈ পৰিব পাৰে । সেয়ে তেনে এক অনাকাংক্ষিত বিপদ অহাৰ আগেয়েই নকল সূৰ্য নিৰ্মাণৰ অভিযানত নামিছিল চীনা বিজ্ঞানী । যেতিয়ালৈকে সূৰ্যৰ নিজৰ শক্তি হ্ৰাস নাপায়, তেতিয়ালৈকে এই নকল সূৰ্য ব্যৱহাৰ কৰি পৰিৱেশৰ ক্ষতি নোহোৱাকৈ সমগ্ৰ দেশৰ বিদ্যুতৰ নাটনিৰ জোৰা মাৰিব পাৰিব চীনে ।

সম্প্ৰতি, ১০০০ ছেকেণ্ডৰো বেছি সময় প্লাজমা ধৰি ৰাখিবলৈ সক্ষম হৈছে চীনৰ এই নকল সূৰ্যই । যাৰ দ্বাৰা ১০ কোটি ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা উৎপন্ন কৰা হৈছে । আচলতে এই প্লাজমা যিমান বেছি সময় ধৰি ৰখা সম্ভৱ হ’ব সিমান বেছি পৰিমাণৰ শক্তি উৎপন্ন কৰাতো সম্ভৱ হ’ব । ইয়াৰ পূৰ্বে ২০২৩ চনত পৰীক্ষামূলকভাৱে ৪০৩ ছেকেণ্ড পৰ্যন্ত প্লাজমা ধৰি ৰাখিবলৈ সক্ষম হৈছিল তেওঁলোকে । দুবছৰ পাচতেই তেওঁলোক সক্ষম হৈছে এই সাফল্য অৰ্জন কৰিবলৈ ।

জানেনে ভাৰতৰ কোনখন চহৰক চিকিৎসাৰ ৰাজধানী বুলি কোৱা হয় ? কিয় কোৱা হয় ?
৪০ বছৰ বয়সতো ২৪ বছৰৰ দৰে চেহেৰা কেনেকৈ সম্ভৱ? আজিয়েই কৰক এই কাম
GMCH আৰু NMCHত প্ৰতিদিনে সলনি হ'ব বিচনা চাদৰ,য'ত লিখা থাকিব সাতবাৰৰ নাম
ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কণ্ডমৰ ব্যৱহাৰ হয়? সবিশেষ জানক...