নদীত বাগৰি পৰিল কৃষকক কঢ়িয়াই নিয়া নাও, মৃত্যু প্ৰায় ৬৪ জনৰ | wooden boat accident nigeria almost 64 farmer dead Assam news - Assam Tv9

নদীত বাগৰি পৰিল কৃষকক কঢ়িয়াই নিয়া নাও, মৃত্যু প্ৰায় ৬৪ জনৰ

Published: 

15 Sep 2024 07:02 AM

দৈনিক ৯০০ৰো অধিক কৃষকে নিজৰ খেতি- পথাৰলৈ যাবলৈ এই নদীখন পাৰ হৈ যাব লাগে। ইমান সংখ্যক কৃষক হোৱাৰ পাছতো ইয়াত কেৱল দুখন নাৱৰ ব্যৱস্থাহে আছে। যাৰ বাবে নাও সমূহক অতিমাত্ৰা ভিৰ হয় আৰু এনে অনাকাংক্ষিত ঘটনা সংঘটিত হয়।

নদীত বাগৰি পৰিল কৃষকক কঢ়িয়াই নিয়া নাও, মৃত্যু প্ৰায় ৬৪ জনৰ

প্ৰতীকি ফটো

Follow Us On

এক শোকাবহ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কেইবাজনলোকে। কৃষকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৬০ জনৰো অধিকলোকৰ মৃত্যু হয়। নাইজেৰিয়াৰ জামফাৰা ৰাজ্যৰ এখন নদীত শনিবাৰে সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত প্ৰায় ৬৪ জনলোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। জানিব পৰা মতে, শনিবাৰে পুৱা ৭০ জন কৃষক কঢ়িয়াই অনা এখন কাঠৰ নাও নদীত বাগৰি পৰে। কৃষকসকলে নদীৰ সিপাৰে থকা গুম্মি চহৰৰ পথাৰত উপস্থিত হোৱাৰ বাবে নাৱৰে গৈ আছিল। কিন্তু আধা বাটতেই এই ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোৰ পিছত স্থানীয় কৰ্তৃপক্ষই উদ্ধাৰ অভিযানৰ বাবে সহায় বিচাৰে আৰু ঘটনাৰ  প্ৰায় তিনি ঘণ্টাৰ পাছত ৬ জনলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। উদ্ধাৰ অভিযানৰ নেতৃত্ব দিয়া স্থানীয় প্ৰশাসক আমিনু নুহু ফালালে কয় যে গুম্মি স্থানীয় চৰকাৰী এলেকাত দ্বিতীয়বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

তেওঁ কয় যে অধিকলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰকাৰী দলসমূহে অভিযান তীব্ৰতৰ কৰি তুলিছে। কিন্তু বহু  সময় ধৰি চলা অভিযানৰ পাছতো কেৱল মাত্ৰ ৬ জনহে উদ্ধাৰ হয়।  তথ্য দি তেওঁ কয়,  দৈনিক ৯০০ৰো অধিক কৃষকে নিজৰ খেতি- পথাৰলৈ যাবলৈ এই নদীখন পাৰ হৈ যাব লাগে। ইমান সংখ্যক কৃষক হোৱাৰ পাছতো ইয়াত কেৱল দুখন নাৱৰ ব্যৱস্থাহে আছে। যাৰ বাবে নাও সমূহক অতিমাত্ৰা ভিৰ হয় আৰু এনে অনাকাংক্ষিত ঘটনা সংঘটিত হয়।

ইতিমধ্যে জামফৰা ৰাজ্যত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে বহুলোকক ক্ষতি কৰিছে। স্থানীয় বিষয়াসকলে জনোৱা মতে, দুসপ্তাহ পূৰ্বে বানপানীয়ে ১০ হাজাৰৰো অধিক বাসিন্দাক ঘৰ- বাৰী উটুৱাই লৈ গৈছে। যাৰ ফলত হাজাৰ হাজাৰলোক গৃহহীন হৈ পৰিছে। ইয়াৰোপৰি এইসমূহ ঠাইত বিভিন্ন সময়ত দুৰ্বৃত্তৰ সন্ত্ৰাস চলিয়েই থাকে।

ইয়াৰ পূৰ্বে আগষ্ট মাহত নাইজেৰিয়াত এক নাও দুৰ্ঘটনা সংঘটিত হৈছিল। নাও উটি যোৱাৰ ফলত ৮ জন যাত্ৰীৰ মৃত্যু হৈছিল আৰু  প্ৰায় ১০০ জন লোক নিৰুদ্দেশ হৈছিল। চুবুৰীয়া কেব্বি ৰাজ্যৰ এখন বজাৰলৈ গৈ থকাৰ সময়তে নাইজাৰ নদীত নাওখন বাগৰি পৰাৰ ফলত এই  ঘটনা সংঘটিত হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে, এনে ঠাইসমূহত মানুহে যাতায়তৰ বাবে নাওৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰে। যাত্ৰীৰ বিপৰীতে নাও কম থাকে, যাৰ বাবে এনে ঘটনাসমূহ প্ৰায়ে সংঘটিত হয়।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version