World Cancer Day 2025: কিয় পালন কৰা হয় ‘বিশ্ব কৰ্কট দিৱস’? জানক ইয়াৰ ইতিহাস, মহত্ব সকলো…
World Cancer Day 2025: আজি সমগ্ৰ বিশ্বত পালন কৰা হৈছে বিশ্ব কৰ্কট দিৱস। এই দিৱসৰ উদ্দেশ্য হৈছে জনতাক ইয়াৰ বিষয়ে সজাগ কৰা।
আজি সমগ্ৰ বিশ্বই পালন কৰিছে বিশ্ব কৰ্কট দিৱস (World Cancer Day)। প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰায়ে হ’ল এই দিৱসৰ উদ্দেশ্য। আজিৰ দিনটো বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত হোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰি তাক লৈ জনতালৈ বাৰ্তা প্ৰেৰণ কৰা হয়। বিশ্বত প্ৰতি বছৰে বৃদ্ধি পাই আছে কৰ্কট ৰোগীৰ সংখ্যা। নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনত ভাৰতত ১৪,৯৬,৯৭২ জনলোক কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। অনুমান কৰা হৈছে ২০৪৭ চনলৈ ইয়াৰ পৰিমাণ দুগুণ হব।
ইতিহাস
২০০০ চনত প্ৰথমবাৰৰ বাবে বিশ্ব কৰ্কট দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ আৰম্ভণি কৰিছিল ইউনিয়ন ফৰ ইন্টাৰনেশ্যনেল কেন্সাৰ কন্ট্ৰোল (UICC)য়ে। এই সংগঠনটোৱে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে। উল্লেখ্য যে, বিশ্ব কৰ্কট দিৱসৰ দিনা বিভিন্ন অনুষ্ঠান, সজাগতা সভা, স্বাস্থ্য শিবিৰ আদি অনুষ্ঠিত হয়।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৯৯ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰিছত অনুষ্ঠিত হোৱা কৰ্কট ৰোগ বিৰোধী বিশ্ব সন্মিলনত প্ৰথমবাৰৰ বাবে বিশ্ব কৰ্কট দিৱসৰ বিষয়টো উত্থাপন কৰা হৈছিল। ইয়াৰ পাছত ২০০০ চনৰ ৪ ফেব্ৰুৱাৰীত কৰ্কট ৰোগ বিৰোধী বিশ্ব সন্মিলন এই দিৱসৰ চনদত স্বাক্ষৰ হয় আৰু তেতিয়াৰ পৰা আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ আৰম্ভণি হয়।
মহত্ব
আজিৰ সময়ত বিশ্ব কৰ্কট দিৱসৰ মহত্ব অধিক। কিয়নো প্ৰতিবছৰে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। বহু ৰোগীয়ে প্ৰথম পৰ্যায়ত এই ৰোগৰ অৱস্থিতিৰ কথা বুজি নাপায় যাৰ বাবে বহুলোকে প্ৰাণ হেৰুৱাব লগা হয়। গতিকে কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰা প্ৰয়োজনীয়। এই দিৱসত কৰ্কটৰ বিষয়ে জনতাক সজাগ কৰি তোলা হয়। লগতে ইয়াৰ লগত জড়িত প্ৰয়োজনীয় তথ্য উপলব্ধ কৰোৱা হয়। এই দিৱসৰ লক্ষ্য হ’ল কৰ্কটৰ ৰোগত আক্ৰান্ত আৰু মৃত্যু কম কৰা।
বিষয়বস্তু
প্ৰতিবছৰে বিশ্ব কৰ্কট দিৱসত এটা বিষয়বস্তু নিৰ্বাচন কৰা হয়। ২০২৫ চনত এই দিৱসৰ বিষয়বস্তু হ’ল- ইউনাইটেড বাই ইউনিক ( (United by Unique)। এই বিষয়বস্তুৰ উদ্দেশ্য জনতালৈ এই বাৰ্তা প্ৰেৰণ কৰা যে, কৰ্কটৰ বিৰুদ্ধে কেৱল চিকিৎসাৰ জৰিয়তে নহয়, মানুহৰ সহায়ত যুঁজিব পাৰি।
কৰ্কট ৰোগৰ কেইটামান লক্ষণ
ওজন কমি যোৱাঃ যদি জীৱনশৈলীত কোনো পৰিবৰ্তন নকৰাকৈ বা ডায়েট নকৰাতৈ অস্বাভাৱিকভাৱে ওজন হ্ৰাস পাই তেন্তে ই কৰ্কটৰ এক লক্ষণ হ’ব পাৰে।
ছালৰ পৰিবৰ্তনঃ ছাল হালধীয়া ৰং (জণ্ডিছৰ দৰে) হব পাৰে। ইয়াৰোপৰি কেতিয়াবা কলা ৰং, অস্বাভাৱিক তিল, ঘা আদি হ’ব পাৰে। এই ঘা সোনকালে নুশুকায়। অৱশ্যে কেতিয়াবা ঘা শুকাই যদিও পুনৰ ই সতেজ হৈ উঠে।
ভাগৰুৱাঃ জিৰণি লোৱাৰ পাছতো বাৰ বাৰে ভাগৰ লাগি থকা কৰ্কট ৰোগৰ লক্ষণ হব পাৰে।
দীৰ্ঘদিনীয়া কাহঃ দীৰ্ঘদিনীয়া কাহ কৰ্কটৰ লক্ষণ হব পাৰে। সঘনাই কাহ থাকিলে ডিঙি বা হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।
বিষঃ কোনো কাৰণ নোহোৱাকৈ পেট, পিঠি বা গাঁঠিত বিষ সঘনাই হোৱা কৰ্কটৰ লক্ষণ হ’ব পাৰে।
উল্লেখ্য যে, স্বাস্থ্যসন্মত জীৱনশৈলীয়ে কৰ্কটৰ আশংকা বহু কম কৰে। ইয়াৰোপৰি মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ। আজিৰ সময়ত বিভিন্ন ধৰণে কৰ্কট ৰোগৰ চিকিৎসা হয়।