World Children’s Day 2024: আজি ‘বিশ্ব শিশু দিৱস’, এই দিনটোৰ তাৎপৰ্য কি…?
প্ৰতিবছৰে ২০ নৱেম্বৰ তাৰিখে পালন কৰা হয় 'বিশ্ব শিশু দিৱস' । প্ৰতিটো শিশুৰ কল্যাণ, অধিকাৰ আৰু ভৱিষ্যতক লৈ আজি দিনটো সমগ্ৰ বিশ্বতে বিশ্ব শিশু দিৱস হিচাপে উদযাপন কৰা হয় ।
মাৰ্গাৰেট মিডে কৈছিল, ‘শিশুক কি ভাবিব লাগে শিকোৱাতকৈ, কেনেকৈ চিন্তা কৰিব লাগে সেয়া শিকাব লাগিব।’ প্ৰতিবছৰে ২০ নৱেম্বৰ তাৰিখে পালন কৰা হয় ‘বিশ্ব শিশু দিৱস’ । প্ৰতিটো শিশুৰ কল্যাণ, অধিকাৰ আৰু ভৱিষ্যতক লৈ আজি দিনটো সমগ্ৰ বিশ্বতে বিশ্ব শিশু দিৱস হিচাপে উদযাপন কৰা হয় । এই বিশেষ দিনটোত শিশুসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা যেনে-শৈক্ষিক বৈষম্য, শিশু শ্ৰমিক, স্বাস্থ্যসেৱাৰ অপৰ্যাপ্ত সুবিধা আদিৰ বিষয়ে আলোচনা কৰা হয় । আজিৰ দিনটোত শিশুৰ সবলীকৰণৰ দিশটোক বিশেষভাৱে গুৰুত্ব দিয়া হয় ।
শিশু সকলে হৈছে আমাৰ ভৱিষ্যত । শিশুসকলে যাতে ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে তাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য । লগতে শিশুৰ সবলীকৰণৰ ক্ষেত্ৰত আমাৰ সমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা হয় ‘বিশ্ব শিশু দিৱস’ । শিশুসকলৰ প্ৰগতিৰ বাবে এক নিৰাপদ পৰিৱেশ নিশ্চিত কৰাটো অতি প্ৰয়োজন । এই বিশেষ দিনটো শিশুসকলৰ সামগ্ৰিক বিকাশত প্ৰভাৱ পেলাব পৰাকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
বিশ্ব শিশু দিৱস ২০২৪: ইতিহাস
১৯৫৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব শিশু দিৱস বিশ্বজনীন শিশু দিৱস হিচাপে পালন কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় একত্ৰীকৰণ, বিশ্বজুৰি শিশুসকলৰ মাজত সজাগতা, শিশুৰ কল্যাণ সাধনৰ বাবে প্ৰতি বছৰে ২০ নৱেম্বৰত ‘বিশ্ব শিশু দিৱস’ উদযাপন কৰা হয়। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশু অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। ইয়াৰ পাছৰে পৰা ২০ নৱেম্বৰ দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে ।
বিশ্ব শিশু দিৱস ২০২৪: তাৎপৰ্য
বিশ্ব শিশু দিৱসৰ লক্ষ্য হৈছে শিক্ষাৰ বৈষম্য, শিশু শ্ৰম আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ দৰে বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰি শিশুসকলৰ এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰা । তদুপৰি আজিৰ দিনটোত শিশুসকলৰ সম্ভাৱনাক উদযাপন কৰা হয় । প্ৰতিটো শিশুৰ বাবে এক সুৰক্ষিত, সমতাপূৰ্ণ এখন পৃথিৱী সৃষ্টিৰ বাবে সমাজত ঐক্য আৰু দায়বদ্ধতা গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে পালন কৰি অহা হৈছে ‘বিশ্ব শিশু দিৱস’।
ৰাষ্ট্ৰসংঘই স্পষ্ট কৰি দিছে যে, বিশ্ব শিশু দিৱসে শিশুৰ অধিকাৰক সমৰ্থন বা আলোকপাত কৰাৰ সুযোগ প্ৰদান কৰে আৰু শিশুৰ বাবে এখন উন্নত পৃথিৱী সৃষ্টি কৰাৰ বাবে সকলোকে উৎসাহিত কৰে। ‘Listen to the Future’ থিম হিচাপে লৈ সমগ্ৰ বিশ্বতে আজিৰ দিনটোত পালন কৰা হৈছে ‘বিশ্ব শিশু দিৱস’ ।