শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আগবাঢ়ি গ’ল পাকিস্তান! বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১১৮, বাংলাদেশৰ স্থান…

world happiness index: আজি সমগ্ৰ বিশ্বত পালন কৰা হৈছে আন্তৰ্জাতিক সুখ দিৱস। এই দিনটোতে ৰাষ্ট্ৰসংঘই সুখী দেশৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত ভাৰততকৈ আগবাঢ়ি গৈছে পাকিস্তান।

আগবাঢ়ি গ’ল পাকিস্তান! বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১১৮, বাংলাদেশৰ স্থান…
বিশ্বৰ সুখী দেশৰ তালিকা ২০২৫Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Mar 2025 14:54 PM

সামগ্ৰীক মংগলৰ বাবে সুখ গুৰুত্বপূৰ্ণ। শাৰীৰিক আৰু মানসিকভাৱে সুখী হৈ থাকিলে উন্নতি তথা প্ৰগতি সম্ভৱ। যাৰ বাবে এখন দেশৰ সুখৰ পৰিকাঠী দেশখনৰ জনতাৰ ওপৰত নিৰ্ভৰ কৰে। আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস (international happiness  day)উপলক্ষে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘই ২০২৫ চনৰ বিশ্ব সুখ প্ৰতিবেদন( world happiness index) প্ৰকাশ কৰে। এই প্ৰতিবেদনত ১৪৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছে ১১৮ নম্বৰত।

পূৰ্বৰ তুলনাত সুখী দেশৰ ক্ষেত্ৰত ভাৰতে কিছু উন্নতি লাভ কৰিছে। ২০২৪ চনত সুখী দেশৰ তালিকাত ভাৰতৰ স্থান আছিল ১২৬। ভাৰতৰ স্ক’ৰ ৪.৩৮৯ লৈ উন্নত হৈছে। আচৰিত কথা এয়াই যে, ইউক্ৰেইন, মোজাম্বিক, ইৰাণ, ইৰাক, পাকিস্তান, পেলেষ্টাইন, ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো, উগাণ্ডা, গাম্বিয়া আৰু ভেনিজুৱেলা আদি সংঘাত প্ৰভাৱিত দেশতকৈ ভাৰত অধিক অসুখী।

যোৱা বছৰ পাকিস্তানে ৪.৬৫৭ স্কৰৰ সৈতে ১০৮ নম্বৰত আছিল। ইয়াৰ বিপৰীতে নেপাল (৯৩ নম্বৰ, স্ক’ৰ ৫.১৫৮) আৰু ম্যানমাৰ (১১৮ নম্বৰ, স্ক’ৰ ৪.৩৫৪) আছিল। এইবাৰ সুখী দেশৰ তালিকাত পাকিস্তাৰ স্থান ১০৯। ইয়াৰ বিপৰীতে বাংলাদেশৰ স্থান ১৩৪. নেপালৰ ৯২, চীনৰ ৬৮ আৰু শ্ৰীলংকাৰ ১৩৩।

সুখী দেশৰ তালিকাত প্ৰথম স্থানত আছে ফিনলেণ্ড। একেৰাগে ৮ বাৰৰ বাবে ফিনলেণ্ডে এই স্থান দখল কৰিবলৈ সক্ষম হয়। সুখী দেশৰ তালিকাত থকা শীৰ্ষ ১০ খন দেশৰ নাম তলত উল্লেখ কৰা হ’ল-

১) ফিনলেণ্ড
২) ডেনমাৰ্ক
৩) আইচলেণ্ড
৪) ছুইডেন
৫) নেডাৰলেণ্ড
৬) কোষ্টা ৰিকা
৭) ন’ৰৱে
৮) ইজৰাইল
৯) লাক্সেমবাৰ্গ
১০) মেক্সিকো

উল্লেখ্য যে, এই গৱেষণা কৰাৰ সময়ত দেশৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ মাণদণ্ডৰ ওপৰত ভিত্তি কৰি ৰেটিং কৰা হয়। প্ৰতিবেদনৰ মতে,আনৰ সৈতে খাদ্য ভগাই খোৱা, সামাজিক সহায়ৰ বাবে ভৰসা কৰিব পৰা কোনোবা এজন থকা, ঘৰৰ আকাৰ আদিয়ে সুখ লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

নৰ্ডিক দেশসমূহে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে আমেৰিকা আৰু ব্ৰিটেইনৰ ৰেংকিঙত ক্ৰমাগতভাৱে হ্ৰাস পাইছে। সুখী দেশৰ তালিকাত আমেৰিকাৰ স্থান ২৪, যোৱা বছৰ ২০ নম্বৰ স্থান দখল কৰিছিল আমেৰিকাই। ইয়াৰ বিপৰীতে এইবাৰ ব্ৰিটেইনে স্থান লাভ কৰিছে ২৩ নম্বৰত।

দুখী দেশ

বিশ্বৰ অন্যতম অসুখী দেশৰ তালিকাত এইবাৰো নাম আছে আফগানিস্তানৰ। আফগান মহিলাসকলৰ মতে, এই দেশত জীয়াই থকা এক সংগ্ৰাম। অসুখী দেশৰ ভিতৰত পশ্চিম আফ্ৰিকাৰ ছিয়েৰা লিয়নে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে লেবাননে তৃতীয় দৰিদ্ৰ দেশ হিচাপে স্থান লাভ কৰিছে। ইয়াৰ পিছত অসুখী দেশসমূহৰ ভিতৰত আছে মালাউই, জিম্বাবুৱে, বটছৱানা, কংগো গণতান্ত্ৰিক ৰিপাব্লিক, য়েমেন, ক’মৰ’ছ আৰু লেছ’থ’ আদি।