5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰি আছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প, কি প্ৰভাৱ পৰিব অসমত?

চীনে নিৰ্মাণ কৰি আছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প। তিব্বতৰ পৰা অহা য়াৰলুং জাংবো নদীক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়। ইয়াতেই চীনে এই বান্ধ নিৰ্মাণ কৰি আছে। ইয়াৰ প্ৰভাৱ ভাৰতত পৰিব। কেৱল ইমানেই নহয়, অসমত ইয়াৰ ফলত ডাঙৰ ক্ষতি হ'ব পাৰে।

ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰি আছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প, কি প্ৰভাৱ পৰিব অসমত?
চীনৰ বান্ধ নিৰ্মাণImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Dec 2024 16:36 PM

চুবুৰীয়া ৰাষ্ট্ৰ চীনে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প । তিব্বতৰ মালভূমিৰ পূৱ অংশত নিৰ্মাণ হ’বলগীয়া এই বান্ধটোৰ বাবে ইতিমধ্যে চীনে অনুমোদন জনাইছে। উদ্বেগজনক কথা এয়াই যে চীনৰ এই বৃহৎ বান্ধৰ প্ৰভাৱ বাংলাদেশ আৰু ভাৰতত পৰিব। চীনৰ পাৱাৰ কনষ্ট্ৰাকচন কৰ্পৰেশ্যনে ২০২০ চনত দিয়া তথ্য অনুসৰি ইয়াৰলুং জাংবো নদীৰ নিম্নস্তৰত নিৰ্মাণ হৈ থকা এই বান্ধটোৱে বছৰি ৩০০ বিলিয়ন KWH বিদ্যুৎ উৎপাদন কৰিব পাৰিব।

বৰ্তমান সময়ত বিশ্বৰ সবাতোকৈ বৃহৎ বান্ধটো মধ্য চীনত আছে। থ্ৰী গৰ্জছ  (Three Gorges Dam) নামৰ এই বান্ধটোৰ ক্ষমতা ৮৮.২ বিলিয়ন KWH। ইয়াৰ অৰ্থ এয়াই যে চুবুৰীয়া ৰাষ্ট্ৰ চীনে নিৰ্মাণ কৰিবলৈ ওলোৱা নতুন বান্ধটোৰ ক্ষমতা বৰ্তমান সময়ৰ এই বান্ধটোতকৈ ৩ গুণ অধিক হ’ব আৰু এয়া ভাৰতৰ বাবে শুভ সংকেত নহয়।

Xinhua বাতৰি সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি চীনৰ মূল লক্ষ্যত উপনীত হোৱাত এই বান্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ই চীনৰ কাৰ্বন পিকিং আৰু কাৰ্বন নিউট্ৰেলিটিৰ লক্ষ্য পূৰণ কৰাৰ লগতে ইনঞ্জিনিয়াৰিঙৰ দৰে উদ্যোগসমূহক উৎসাহ যোগাব। লগতে তিব্বতক নিয়োগ সৃষ্টি কৰাত এই প্ৰকল্পই সহায় কৰিব। জানিব পৰা মতে ইয়াৰলুং জাংবোৰ এটা অংশ ৫০ কিলোমিটাৰ (৩১ মাইল) কম দূৰত্বত ২০০০ মিটাৰ (৬,৫৬১ ফুট) উচ্চতাত অৱস্থিত। ই বিশাল জলবিদ্যুৎ ক্ষমতাৰ লগতে ইঞ্জিনিয়াৰঙৰ ক্ষেত্ৰখনতো প্ৰত্যাহ্বান হিচাপে থিয় দিব।

এই বান্ধটো নিৰ্মাণৰ বাবে চীনে প্ৰায় ৩৪.৮৩ বিলিয়ন ডলাৰ (প্ৰায় ৩০০০ আৰৱ টকা খৰচ কৰিব। বান্ধ নিৰ্মাণৰ বাবে স্থানচ্যুত কৰিবলগীয়া ১৪ লাখ লোকৰ পুনৰ সংস্থাপনৰ খৰচো এই মুঠ ব্যয়ত অন্তৰ্ভুক্ত আছে। অৱশ্যে এই বান্ধৰ ফলত তিব্বতৰ পৰা কিমান লোক স্থানচ্যুত হ’ব আৰু দেশখনত কি প্ৰভাৱ পৰিব সেয়া এতিয়াও স্পষ্ট কৈ কোৱা নাই।

ভাৰতলৈ চিন্তা

চীনৰ বিভাগীয় কৰ্তৃপক্ষই জনোৱা মে, চীনৰ জলবিদ্যুৎ শক্তিৰ এক তৃতীয়াংশতকৈ অধিক ক্ষমতা থকা তিব্বতৰ এই জলবিদ্যুৎ প্ৰকল্পই পৰিৱেশত বিশেষ কোনো প্ৰভাৱ পেলাব নোৱাৰে। ই পানী যোগানতো বাধা আৰোপ নকৰে। কিন্তু এই বান্ধটো ভাৰত আৰু বাংলাদেশৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আশংকা কৰা হৈছে যে এই প্ৰকল্পৰ ফলত স্থানীয় পৰিৱেশ বিজ্ঞানক প্ৰভাৱিত কৰাৰ লগতে নদীৰ প্ৰভৱ, গতি আদিকো প্ৰভাৱিত কৰিব।

তিব্বতৰ পৰা অহা য়াৰলুং জাংবো নদীক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়। অসম আৰু অৰুণাচল প্ৰদেশৰ লগতে ই বাংলাদেশেৰেও বৈ যায়। তিব্বতৰ মাজেৰে পশ্চিমৰ পৰা পূবলৈ বৈ যোৱা এই ব্ৰহ্মপুত্ৰ নদীতে চীনে ইতিমধ্যে জলবিদ্যুৎ উৎপাদন আৰম্ভ কৰিছে। খবৰ অনুসৰি চীনৰ এই বান্ধে পৃথিৱীলৈ বিপদ মাতি আনিব পাৰে। ই ইমানেই শক্তিশালী হৈ উঠিব যে পৰিৱেশ ক্ষতি কৰাৰ লগতে ই ভূমিকম্প আৰু বানপানীৰো সৃষ্টি কৰিব। এই সন্দৰ্ভত নাছাৰ বিজ্ঞানী বেঞ্জামিন ফং চাওৱে দাবী কৰিছে যে এই বান্ধে পৃথৱীৰ ঘূৰ্ণনৰ গতিৰ লগতে গ্ৰহৰ অৱস্থানতো প্ৰভাৱ পেলাব পাৰে।

উল্লেখ্য যে, চীনৰ বান্ধক লৈ ভাৰত তথা অসম চৰকাৰ পূৰ্বৰ পৰাই চিন্তিত হৈ আহিছে। যদি চীনে এই বান্ধ নিৰ্মাণ কৰি উলিয়াই তেন্তে ইয়াৰ প্ৰভাৱ অসমত প্ৰত্যক্ষভাৱে পৰিব বুলি ক’ব পাৰি। ইয়াৰ ফলত অসমৰ মুখ্য নদী ব্ৰহ্মপুত্ৰৰ পানী শুকাই পেলাব পাৰে।কেৱল ইমানেই নহয় ইয়াৰ ফলত খাদ্য সংকট, জল সংকটৰ লগতে জীৱকূলো ভীষণ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

Latest News