World Poetry Day 2025: ২১ মাৰ্চত কিয় পালন কৰে বিশ্ব কবিতা দিৱস? জানক এই দিৱসৰ ইতিহাস আৰু মহত্ব

এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে কবিতাক কলা হিচাপে সংৰক্ষণ কৰা আৰু ইয়াৰ অনন্য শক্তিক সন্মান জনোৱা। জানক বিশ্ব কবিতা দিৱসৰ মহত্ব আৰু ইতিহাস...

World Poetry Day 2025: ২১ মাৰ্চত কিয় পালন কৰে বিশ্ব কবিতা দিৱস? জানক এই দিৱসৰ ইতিহাস আৰু মহত্ব

২১ মাৰ্চত কিয় পালন কৰে বিশ্ব কবিতা দিৱস?

Updated On: 

21 Mar 2025 10:32 AM

বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক’ই (UNESCO) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। ইউনেস্ক’ৰ ঘোষণাত কোৱা হৈছে “এই দিনটো বিশ্বৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবিতা আন্দোলনসমূহক উৎসাহ যোগাবলৈ পালন কৰা হওক”।

আগতে এই দিনটো ৰোমান কবি ভাৰ্জিল, (কাব্য ইনীদৰ ৰচক) -অৰ জন্মদিন ১৫ অক্টোবৰৰ লগত সংগতি ৰাখি কেতিয়াবা অক্টোবৰৰ ৫ তাৰিখেও পালন কৰা হৈছিল।

সমাজৰ গভীৰ অনুভূতি, চিন্তা আৰু সামাজিক বিষয়বোৰক ফলপ্ৰসূভাৱে প্ৰকাশ কৰাৰ বাবে কবিতা এক উত্তম মাধ্যম। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে কবিতাক কলা হিচাপে সংৰক্ষণ আৰু ইয়াৰ অনন্য শক্তিক সন্মান জনোৱা।

বিশ্ব কবিতা দিৱসৰ উদ্দেশ্য কি?

২১ মাৰ্চত বিশ্ব কবি দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে কবিতাৰ গুৰুত্বক প্ৰচাৰ কৰি সমাজত এক শক্তিশালী কলা ৰূপে প্ৰতিষ্ঠা কৰা। কবিতাৰ জৰিয়তে সাংস্কৃতিক বৈচিত্ৰ্য আৰু মানৱতাৰ প্ৰতি সংবেদনশীলতাক উৎসাহিত কৰাৰ বাবে এই দিৱস উৎসৰ্গিত কৰা হৈছে।

বিশ্ব কবিতা দিৱস কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ হৈছিল?

১৯৯৯ চনত ইউনেস্ক’ই আৰম্ভ কৰিছিল বিশ্ব কবি দিৱস। সমগ্ৰ বিশ্বতে কবিতাৰ অৱদান আৰু গুৰুত্ব উদযাপনৰ বাবে এই দিৱস ঘোষণা কৰা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল সাহিত্যৰ এই ৰূপটো সংৰক্ষণ আৰু প্ৰচাৰ কৰা।

সমাজত কবিতাৰ প্ৰভাৱ আৰু গুৰুত্ব

কবিতাই সমাজৰ গভীৰ আৱেগ, চিন্তা আৰু সংগ্ৰামৰ প্ৰকাশৰ এক শক্তিশালী মাধ্যম। ই কেৱল মানুহক একত্ৰিত কৰাই নহয় সামাজিক আৰু সাংস্কৃতিক বিষয়ত সজাগতা বিয়পাই দিয়ে। কবিতা সমাজৰ স্পৰ্শকাতৰ দিশবোৰক উজ্জ্বল কৰি তোলাৰ এক ফলপ্ৰসূ উপায়।

 

শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়