World Radio day: আজি বিশ্ব ৰেডিঅ’ দিৱস, জানক ইয়াৰ থীম, তাৎপৰ্য, গুৰুত্ব আৰু ইতিহাস
World Radio Day 2025: যোগাযোগ আৰু প্ৰকাশৰ মাধ্যম হিচাপে ৰেডিঅ’ৰ ভূমিকাক লৈ বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হয়। এই বছৰৰ বিশ্ব ৰেডিঅ’ দিৱস ২০২৫ৰ বিষয়বস্তু হৈছে 'ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন : জলবায়ু অনুকূল পদক্ষেপ গ্ৰহণৰ এক শক্তিশালী আহিলা'।

ৰেডিঅ’ হৈছে এক আৱেগ!সমগ্ৰ বিশ্বৰে ই এক জনপ্ৰিয় প্ৰচাৰ মাধ্যম। যিসকল লোকে ৰেডিঅ’ৰ সৈতে শৈশৱ কৈশোৰ পাৰ কৰিছে, সেই লোকক আজিও নষ্টালজিক কৰি তোলে ৰেডিঅ’ৰ শব্দই। ৰেডিঅ’ৰ প্ৰতিটো অনুষ্ঠানৰ বাবে বৰ আগ্ৰহেৰে বাট চাইছিল শ্ৰোতাসকলে।
আজি বিশ্ব অনাতাঁৰ দিৱস(World Radio Day), প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হয়।
ইউনেস্কোৰ দ্বাৰা প্ৰৱৰ্তিত বিশ্ব অনাতাঁৰ দিৱস পালনৰ অন্যতম উদ্দেশ্য হৈছে মানৱ সমাজত যোগাযোগ, জ্ঞান আহৰণ আৰু মনোৰঞ্জনৰ মাধ্যম ৰূপে ৰেডিঅ’ৰ শক্তি-প্ৰভাৱৰ বিষয়ে অনুধাৱনত জনসাধাৰণক সহায় কৰা। বিশ্ব ৰেডিঅ’ দিৱসৰ এইবাৰৰ বিষয়বস্তু হৈছে ‘ৰেডিঅ’ আৰু জলবায়ু পৰিৱৰ্তন : জলবায়ু অনুকূল পদক্ষেপ গ্ৰহণৰ এক শক্তিশালী আহিলা’ (Radio and Climate Change: A Powerful Tool for Climate Action)।
বিশ্ব ৰেডিঅ’ দিৱসৰ আৰম্ভণি, তাৎপৰ্য আৰু গুৰুত্ব
বিশ্ব ৰেডিঅ’ দিৱস(World Radio Day) প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত পালন কৰা হয়। ২০১১ চনত ইউনেস্কোৰ ৩৬ তম সন্মিলনৰ সময়ত আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছৰে পৰা বিশ্ব ৰেডিঅ’ দিৱসৰ গুৰুত্ব আৰম্ভ হয়। এই দিনটো ৰাষ্ট্ৰসংঘৰ ৰেডিঅ’ স্থাপনৰ বাৰ্ষিকী হিচাপে পালন কৰা হয়।
ৰেডিঅ’ৰ জনপ্ৰিয়তা বজাই ৰাখিবলৈ আৰু সকলোৰে মাজত ইয়াৰ ব্যৱহাৰ ৰক্ষা কৰিবলৈ, বিশ্ব ৰেডিঅ’ দিৱস বিশ্বব্যাপী ঘোষণা কৰা হৈছিল। ২০১১ চনত ইউনেস্কোৰ সদস্য দেশসমূহে ঘোষণা কৰিছিল আৰু ২০১২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা আন্তৰাষ্ট্ৰীয় দিৱস হিচাপে গ্ৰহণ কৰা হৈছিল। বিশ্ব ৰেডিঅ’ দিৱস সমগ্ৰ বিশ্বৰ ৰেডিঅ’ ষ্টেচন, সংস্থা আৰু ব্যক্তিসকলে ব্যাপকভাৱে উদযাপন কৰে।
বিশ্ব ৰেডিঅ’ দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে ৰেডিঅ’ৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। বিশ্বজুৰি দূৰদৰ্শন আৰু স্মাৰ্টফোনৰ আধিপত্য থকা স্বত্বেও, ৰেডিঅ’ই এতিয়াও সংগীতৰ মাধ্যম, ভ্ৰমণ সংগী হিচাপে এক সন্মানীয় স্থান দখল কৰি আছে।
ইয়াৰ উপৰিও, ৰেডিঅ’ই জৰুৰী কালীন পৰিস্থিতিত তথ্যৰ এক নিৰ্ভৰযোগ্য উৎস হিচাপে কাম কৰে। ই জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলত ই শিক্ষা আৰু সজাগতা বৃদ্ধি কৰি সংস্কৃতিৰ মাজত আলোচনা আৰু পাৰস্পৰিক বুজাবুজিবৃদ্ধি কৰে।
আজিৰ তথ্য প্ৰযুক্তিৰ উত্তৰণৰ দিনত ৰেডি’অৰ প্ৰচলন হ্ৰাস পাইছে যদিও, হেৰাই যোৱা নাই ইয়াৰ মাদকতা। এতিয়াও বহুলোকে নিজৰ ঘৰত আছে ৰেডিঅ’। আজিও যোগাযোগৰ গুৰুত্বপূৰ্ণ মাধ্যম ৰেডিঅ’ বা অনাতাঁৰ হৈছে মানৱ ইতিহাসৰে এক অনন্য উপাদান।