২০২৪ বৰ্ষত কি ৰাজনৈতিক পৰিৱৰ্তনৰ সাক্ষী হ’ল বিশ্ববাসী ?

২০২৪ চনত বিশ্বৰ কেইবাখনো আগশাৰী দেশৰ জনতাই নিৰ্বাচনত ভোটদান কৰাৰ সুযোগ লাভ কৰে । কিয়নো এই বৰ্ষতে ফ্ৰান্স আৰু আমেৰিকাৰ দৰে দেশত নেতৃত্বৰ পৰিৱৰ্তন দেখা গৈছিল। ইয়াৰ সমান্তৰালভাৱে ২০২৪ বৰ্ষত বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতন আৰু বাছাৰ আল আছাদে ছিৰিয়া এৰিবলগীয়া হোৱাৰ ঘটনাৰ সাক্ষী হৈ ৰ'ল বিশ্ববাসী ।

২০২৪ বৰ্ষত কি ৰাজনৈতিক পৰিৱৰ্তনৰ সাক্ষী হল বিশ্ববাসী ?

বিশ্বৰ ৰাজনৈতিক পৰিৱৰ্তন

Updated On: 

30 Dec 2024 14:58 PM

পোৱা-নোপোৱা অভিজ্ঞতা সামৰি ২০২৪ বৰ্ষক বিদায় দিবলৈ ওলাইছে বিশ্ববাসীয়ে । ২০২৪ চনত বিশ্বৰ কেইবাখনো আগশাৰী দেশৰ জনতাই নিৰ্বাচনত ভোটদান কৰাৰ সুযোগ লাভ কৰে । কিয়নো এই বৰ্ষতে ফ্ৰান্স আৰু আমেৰিকাৰ দৰে দেশত নেতৃত্বৰ পৰিৱৰ্তন দেখা গৈছিল। ইয়াৰ সমান্তৰালভাৱে ২০২৪ বৰ্ষত বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতন আৰু বাছাৰ আল আছাদে ছিৰিয়া এৰিবলগীয়া হোৱাৰ ঘটনাৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী ।

২০২৪ বৰ্ষত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা দুৰ্বল হ’লেও ভাৰতৰ গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰে । ইফালে ৫ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উপ-ৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেট দৰ প্ৰাৰ্থী কমলা হেৰিছক পৰাস্ত কৰে। ইয়াৰ দ্বাৰা আমেৰিকাৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাত ব্যৰ্থ হয় কমলা হেৰিছ ।

একেদৰে আমেৰিকাৰ কংগ্ৰেছৰ দুয়োটা সদনত ৰিপাব্লিকানসকলেও সংখ্যাগৰিষ্ঠতা লাভ কৰে। ২০১৭ চনৰ পৰা ২০২১ চনলৈকে আমেৰিকাৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ড’নাল্ড ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ সুযোগ লাভ কৰিছে ।

যোৱা ২১ ছেপ্টেম্বৰত শ্ৰীলংকাত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰীয় পিপলছ পাৱাৰ মিত্ৰজোঁটৰ অনুৰা কুমাৰ ডিছানায়াকে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ৰাষ্ট্ৰপতিৰ পদত নিৰ্বাচিত হয় । ২০২২ চনত গোটাবায়া ৰাজাপাকছাক ক্ষমতাচ্যুত কৰা গণ প্ৰতিবাদৰ পিছত ডিছানায়াকেৰ জয় শ্ৰীলংকাৰ ৰাজনীতিত উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে ।

একেদৰে এই বৰ্ষতে বৰ্ণবৈষম্যৰ অন্ত পৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় আফ্ৰিকান নেচনেল কংগ্ৰেছে। সমান্তৰালভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ যুগৰ বেছিভাগ সময় দেশখন শাসন কৰা লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ কমেইটোৱে জাপানৰ সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱায়।

ব্ৰিটেইনৰ লেবাৰ পাৰ্টিয়ে সংসদীয় সংখ্যাগৰিষ্ঠতা লাভ কৰি ১৪ বছৰীয়া কনজাৰ্ভেটিভ পাৰ্টিৰ শাসনৰ অন্ত পেলায়। ৪ জুলাইত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৬৫০খন সংসদীয় আসনৰ ভিতৰত ৪০০ৰো অধিক আসন লাভ কৰে লেবাৰ দলে । ইয়াৰ লগে লগে কেয়াৰ ষ্টাৰমাৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হয়।

ভাৰতৰ যোৱা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰে । লোকসভাত বিজেপিৰ সংখ্যা ৩৫৩খনৰ পৰা ২৯৩খনলৈ হ্ৰাস পায়। ২০২৪ চনৰ এপ্ৰিল-জুনলৈকে ৫৪৩ খন আসনৰ বাবে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

ফ্ৰান্সে ৩০ জুনত প্ৰথম ৰাউণ্ডৰ স্নেপ প’ল আৰু ৭ জুলাইত দ্বিতীয় ৰাউণ্ডৰ স্নেপ প’ল অনুষ্ঠিত কৰি ৫৭৭ জন সদস্যৰ ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে বিধানসভা ভংগ কৰে। বিধানসভাৰ দৌৰত আছিল-এনচেম্বল, নিউ পপুলাৰ ফ্ৰণ্ট (এন এফ পি) আৰু নেশ্যনেল ৰেলী (আৰ এন)।নেশ্যনেল ৰেলীয়ে সৰ্বাধিক আসন লাভ কৰে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয়। মেক্ৰনে ডিচেম্বৰ মাহত ফ্ৰান্সোৱা বায়ৰ’ক ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল।

ইফালে, সংৰক্ষণ কেন্দ্ৰিক বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন ২০২৪ চনৰ জুলাই আৰু আগষ্ট মাহত গণ বিদ্ৰোহলৈ পৰিণত হয় আৰু এই বিদ্ৰোহে শ্বেখ হাছিনাক পদত্যাগ কৰিবলৈ বাধ্য কৰে । ইয়াৰ লগে লগে মুখ্য উপদেষ্টা হিচাপে নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়।

৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰি তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) নিষিদ্ধ কৰাৰ পিছত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন । পিটিআই নিষিদ্ধ হোৱাৰ পিছত ইয়াৰ বহু প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু এই নিৰ্বাচনত ১০০ খনতকৈও অধিক আসন লাভ কৰিছিল আৰু বিধানসভাৰ সৰ্ববৃহৎ একক গোট হিচাপে পৰিগণিত হৈছিল। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ অধীনত সৰু সৰু দলৰ লগতে পিএমএল-এন আৰু পিপিপিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?