5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইজৰাইলৰ আক্ৰমণত ধ্বংস হাউথীৰ দুৰ্গ হোদেইডা বন্দৰ, লোকচান ২ কোটি ডলাৰো অধিক !

২০ জুলাইত ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীৰ নিয়ন্ত্ৰণত থকা য়েমেনৰ মূল বন্দৰ হোদেইডাত ইজৰাইল সেনাই আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত বন্দৰৰ অধিকাংশ তেল সংৰক্ষণ ক্ষমতা ধ্বংস হোৱাৰ লগতে বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । এই জুই কেইবা দিনো জ্বলি থাকিল বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে ।

ইজৰাইলৰ আক্ৰমণত ধ্বংস হাউথীৰ দুৰ্গ হোদেইডা বন্দৰ, লোকচান ২ কোটি ডলাৰো অধিক !
ইজৰাইলৰ আক্ৰমণৰ পিছত য়েমেনৰ হোদেইদা বন্দৰ(AFP)
manas-borah
Manas Borah | Updated On: 29 Jul 2024 17:27 PM

হাউথী গোটৰ সামৰিক ঘাটিক লক্ষ্য কৰি পশ্চিম য়েমেনৰ হোদেইডা বন্দৰত ইজৰাইলে চলোৱা আক্ৰমণত প্ৰায় ২ কোটি ডলাৰ লোকচান হোৱা বুলি তথ্য প্ৰকাশ পাইছে । টেল আভিভত ড্ৰ’ন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে হাইথী গোটক লক্ষ্য কৰি য়েমেনৰ হোদেইডা বন্দৰত আক্ৰমণ সংঘটিত কৰিছিল ইজৰাইলে । ইজৰাইলে বিশ্বাস কৰে, হাউথীয়ে এই বন্দৰৰ পৰাই টেল আভিভত ড্ৰ’ন আক্ৰমণৰ পৰিকল্পনা কৰিছিল ।

হোদেইডা বন্দৰৰ এজন বিষয়াই কয় যে, ২০ জুলাইত ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীৰ নিয়ন্ত্ৰণত থকা য়েমেনৰ মূল বন্দৰ হোদেইডাত ইজৰাইল সেনাই আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত বন্দৰৰ অধিকাংশ তেল সংৰক্ষণ ক্ষমতা ধ্বংস হোৱাৰ লগতে বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । এই জুই কেইবা দিনো জ্বলি থাকিল বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে ।

উল্লেখ্য যে, ১৯ জুলাইত ইজৰাইলৰ টেল আভিভত আক্ৰমণ চলাইছিল য়েমেনৰ বিদ্ৰোহী সংগঠন হাউথীয়ে। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইল সেনাই মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে পশ্চিম য়েমেনৰ কেইবাটাও হাউথীৰ স্থানত আক্ৰমণ চলায়। এই আক্ৰমণত ৯ জন লোক নিহত হোৱাৰ লগতে বহু আহত হয়। ইজৰাইলৰ সেনাই এই আক্ৰমণত হাউথীৰ দুৰ্গ হোদেইডাৰ কেইবাটাও সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা সপ্তাহত হোদেইডা বন্দৰৰ কাম-কাজ পুনৰ আৰম্ভ কৰা হয়। এ এফ পি সংস্থাৰ মতে, দেওবাৰে বন্দৰৰ বিষয়া নাছৰ আল নুছাইৰীয়ে এই আক্ৰমণৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰে। ইজৰাইলৰ আক্ৰমণত দুখন ক্ৰেন ধ্বংস, এখন সৰু জাহাজ জ্বলি যোৱাৰ লগতে কেইবাটাও অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয় । হোদেইডা বন্দৰ পৰিচালনা কৰা য়েমেন ৰেড ছি বন্দৰ নিগমৰ উপ-সভাপতি নুছায়াৰীয়ে বন্দৰটোৰ ক্ষতিৰ ব্যয় ২ কোটি ডলাৰতকৈ অধিক বুলি অনুমান কৰিছে। অৱশ্যে এই পৰিমাণত ইন্ধন সংৰক্ষণ ক্ষমতাৰ লোকচান অন্তৰ্ভুক্ত নহয় বুলিও তেওঁ জানিবলৈ দিয়ে ।

Latest News