শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নাই কইনা, নাই বিয়াৰ প্ৰতি আগ্ৰহ! ৫ কোটি পুৰুষ থাকিব লাগিব অবিবাহিত হৈ…

পুৰুষৰ সংখ্যা বৃদ্ধি এক ডাঙৰ সমস্যা হৈ পৰিছে। গৱেষণাত প্ৰকাশ পাইছে যে য’ত পুৰুষতকৈ মহিলাৰ সংখ্যা কম, তাত অপৰাধ আৰু হিংসা বৃদ্ধিৰ সম্ভাৱনা অধিক।

নাই কইনা, নাই বিয়াৰ প্ৰতি আগ্ৰহ! ৫ কোটি পুৰুষ থাকিব লাগিব অবিবাহিত হৈ…
চীনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 19 Mar 2025 16:27 PM

চীনৰ বিবাহ সংকট এতিয়া চৰকাৰৰ বাবে ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে। এই সংকট ইমানেই বৃদ্ধি পাইছে যে ২০২৪ চনত চীনত মাত্ৰ ৬১ লাখ বিবাহ পঞ্জীয়ন হৈছিল, ইয়াৰ বিপৰীতে ২০২৩ চনত ইয়াৰ সংখ্যা আছিল ৭৭ লাখ । বিবাহৰ পৰিসংখ্যা ইমানেই কমি গৈছে যে চীনৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক উপদেষ্টা চেন ছংছিয়ে বিবাহৰ আইনী বয়স ২২ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।  চীনা যুৱক-যুৱতীসকলে বিবাহৰ পৰা আঁতৰি থকাৰ সময়তে বিবাহৰ বাবে বিদেশী কইনাৰ চোৰাং ব্যৱসায় বৃদ্ধি পাইছে চুবুৰীয়া ৰাষ্ট্ৰখনত।

উল্লেখ্য যে, চীনৰ যুৱক-যুৱতীসকলৰ বিবাহৰ প্ৰতি আগ্ৰহ কমি আহিছে। একাংশৰ মতে,  মুদ্ৰাস্ফীতি বৃদ্ধি, উচ্চ শিক্ষা, কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়া আৰু সমাজত পৰিৱৰ্তিত চিন্তাধাৰাৰ বাবে এনে হৈছে । বিশেষকৈ চহৰৰ মহিলাসকলৰ মাজত এতিয়া পৰম্পৰাগত বিশ্বাস নোহোৱা হৈ পৰিছে। ইমানেই নহয়, তেওঁলোকে এতিয়া বিয়া বা সন্তান জন্ম দিয়া প্ৰয়োজনীয় বুলি গণ্য নকৰে।

নাই কইনা

চীনত এক সন্তানৰ নীতি আৰু পুত্ৰক অগ্ৰাধিকাৰ দিয়াটোৱে লিংগ অনুপাতক যথেষ্ঠ প্ৰভাৱ পেলাইছে। ২০০০ চনত চীনত প্ৰতি ১০০ গৰাকী ছোৱালীৰ বিপৰীতে ১২১ টা ল’ৰাৰ জন্ম হৈছিল। কিছুমান প্ৰান্তত ইয়াৰ পৰিমাণ আছিল ১০০ ছোৱালীৰ বিপৰীতে ১৩০ জন ল’ৰা। এই পাৰ্থক্যৰ প্ৰভাৱ এতিয়া দেখা গৈছে ৰাষ্ট্ৰখনত। ১৯৮০ ৰ দশকত জন্ম হোৱাসকলে এতিয়া বিচাৰি পোৱা নাই জীৱন সংগী। অনুমান কৰা হৈছে যে ৩ ৰ পৰা ৫ কোটি চীনৰ পুৰুষে বিবাহৰ বাবে কইনা নাপাব। এইবোৰ কাৰণতেই চীনত ইয়াক ‘অৱশিষ্ট পুৰুষৰ যুগ’ বুলি অভিহিত কৰা হৈছে।

বিদেশী কইনাৰ সৰবৰাহ হৈছে

গতিকে এতিয়া বিবাহৰ সমস্যাত ভুগিছে চীনৰ কোটি কোটি পুৰুষ। এনে সময়চোৱাত একাংশই বিদেশী মহিলা সৰবৰাহৰ ধাৰা আৰম্ভ কৰিছে। এই যুৱতীসমূহ ম্যানমাৰ, ভিয়েটনাম আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা সৰবৰাহ কৰা হয়। জানিব পৰা মতে, এই যুৱতীসকলক ভাল চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে চীনলৈ অনা হয় আৰু পাছত চীনা পুৰুষক ৩,০০০ ডলাৰৰ পৰা ১৩,০০০ ডলাৰ (২.৬ লাখৰ পৰা ১১.৩ লাখ টকা)ত বিক্ৰী কৰে। ২০১৯ চনৰ হিউমেন ৰাইটছ ৱাচৰ এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চীন-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰ অভাৱৰ বাবে এই প্ৰক্ৰিয়া সহজ হৈ পৰিছে।

উল্লেখ্য যে, চীনৰ চৰকাৰে এনে অবৈধ বিবাহক দমন কৰাৰ চেষ্টা কৰি আছে। কিন্তু তাৰ পাছতো এয়া ৰোধ হোৱা নাই। কিন্তু চীনত পুৰুষৰ সংখ্যা বৃদ্ধি এক ডাঙৰ সমস্যা হৈ পৰিছে। গৱেষণাত প্ৰকাশ পাইছে যে য’ত পুৰুষতকৈ মহিলাৰ সংখ্যা কম, তাত অপৰাধ আৰু হিংসা বৃদ্ধিৰ সম্ভাৱনা অধিক। নব্বৈৰ দশকৰ পৰা চীনত অপৰাধৰ হাৰ ১৪% বৃদ্ধি পাইছে।