অত্যাধিক খাদ্য খাই প্ৰস্তুত কৰিছিল ভিডিঅ’! মেদবহুলতাই প্ৰাণ ল’লে যুৱকৰ…
অত্যাধিক খাদ্য খোৱাই কাল হ'ল এজন যুৱকৰ। এই যুৱকজনে খাদ্য খাই ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল। কিন্তু অত্যাধিক খাদ্য খোৱা বাবে যুৱকজনৰ মৃত্যু হয়।

বেছিকৈ খাদ্য খোৱা কাৰো বাবে ভাল নহয়। প্ৰয়োজনতকৈ বেছি খাদ্যই মানুহৰ দেহত বিভিন্ন ৰোগৰ সৃষ্টি কৰে আৰু ই আপোনাৰ মৃত্যুৰ কাৰণো হ’ব পাৰে। এনে এক খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে, যত’ এজন যুৱকে অতিমাত্ৰা খাদ্য খাই নিজৰ প্ৰাণ হেৰুয়ায়। ছ’চিয়েল মিডিয়াত ‘এক্সট্ৰিম ইটাৰ’ নামেৰে বিখ্যাত আৰু টিকটকত ‘মুকবং’ ভিডিঅ’ প্ৰস্তুত কৰা ২৪ বছৰীয়া ইফেকান কুলতুৰ মৃত্যু। এই যুৱকজন আছিল তুৰ্কীৰ।
জানিব পৰা মতে, প্ৰায় ৩ মাহৰ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। কিন্তু অৱশেষত যুৱকজনে প্ৰাণ ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ কাৰণ হ’ল মেদবহুলতাৰ লগত জড়িত সমস্যা। ইনষ্টাগ্ৰামৰ ইনফ্লুৱেন্সাৰ ইয়াছিন অয়ানিকে তেওঁৰ মৃত্যুৰ ঘোষণা কৰিছে। এই ঘটনাৰ পাছতেই অত্যাধিক খাদ্য খোৱাৰ ফলত হ’ব পৰা বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈ আছে।
This is Efecan Kultur.
He’s a famous TikToker known for binge eating.
He’s 24.
He just died. pic.twitter.com/hRjrDOqGR4
— David Santa Carla 🦇 (@TheOnlyDSC) March 12, 2025
সামাজিক মাধ্যমত ইফেকানৰ ভিডিঅ’বোৰে লাখ লাখ ভিউজ পায়। কিন্তু অতিমাত্ৰা খাদ্য খোৱাৰ বাবে যুৱকজনৰ স্বাস্থ্যজনিত সমস্যা যেনে ঘাঁ হোৱা আৰু উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। এনেবোৰ কাৰণতে যোৱা ৩ মাহ ধৰি যুৱকজনৰ চিকিৎসা চলি আছিল। স্বাস্থ্যৰ অধিত অৱনতি ঘটাত তেওঁ সামাজিক মাধ্যমৰ বাবে ভিডিঅ’ প্ৰস্তুত কৰা বন্ধ কৰি দিছিল। যুৱকজনে শেষবাৰৰ বাবে আঠ মাহ পূৰ্বে ইউটিউবত পোষ্ট কৰিছিল আৰু তেওঁৰ টিকটক ফিডত শেষবাৰৰ বাবে ১৫ অক্টোবৰত মুকবাঙত দেখা গৈছিল। এই ভিডিঅ’টোত যুৱকজনে কৈছিল যে তেওঁ ডায়েটত আছে যাৰ বাবে নিমখ খোৱা কমাই দিছে। সেই ভিডিঅ’টোত তেওঁ এখন ডাঙৰ প্লেটত খাদ্য খাইছিল।
মুকবাং ভিডিঅ কি
‘মুকবাং’ এক প্ৰকাৰৰ ভিডিঅ’ য’ত আয়োজকজনে নিজৰ দৰ্শকৰ সৈতে মত বিনিময় কৰাৰ সময়ত বৃহৎ পৰিমাণৰ খাদ্য খোৱা দেখা যায়। প্ৰথমে এনে ভিডিঅ’ দক্ষিণ কোৰিয়াত জনপ্ৰিয়তা লাভ কৰিছিল কিন্তু এতিয়া বিভিন্ন দেশৰ লোকে ইয়াক অনুসৰণ কৰে। বিশেষকৈ সামাজিক মাধ্যমত বিভিন্নজনে মুকবং ভিডিঅ পোষ্ট কৰে।
অৱশ্যে, এই যুৱকজনে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমৰ জনপ্ৰিয় মুখ অত্যাধিক খাদ্য খাই মৃত্যু মুখত পৰিছে। উল্লেখ্য যে, বৰ্তমান ডিজিটেল যুগ। এই সময়চোৱাত টকা উপাৰ্জনৰ অন্যতম বিকল্প সামাজিক মাধ্যম। তেনে ক্ষেত্ৰত একাংশই অত্যাধিক খাদ্য খাই বা কিছুমানে অন্য পদ্ধতিৰে ভিডিঅ প্ৰস্তুত কৰি ধন ঘটাৰ প্ৰচেষ্টা চলায়। কিন্তু এই প্ৰচেষ্টাই অকালতে প্ৰাণ কাঢ়িলে যুৱকজনৰ।