ভাৰতৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰাৰ বাহিৰে আন কোনো বিকল্প নাইঃ বাংলাদেশ
ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ। দেশখনে ভাৰতৰ বিকল্প বিচাৰিবলৈ সকলো চেষ্টা কৰিছিল যদিও সফল নহ'ল। যাৰ বাবে এতিয়া পুনৰ ভাৰতৰ সৈতে ভাল সম্পৰ্ক বিচাৰিছে চুবুৰীয়া দেশখনে।

লাহে লাহে স্থিতি নৰম হৈ আহিছে বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ। ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা চলাইছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে। শ্বেখ হাছিনাৰ চৰকাৰ ওফৰাই পেলোৱাৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰখনে ভাৰতৰ বিকল্প বিচাৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও সফল নহ’ল। কেতিয়াবা যদি ইউনুছে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষাৰ চেষ্টা কৰিছে কেতিয়াবা আকৌ চীনক জ্যেষ্ঠ ভাতৃ বুলি গণ্য কৰা দেখা গৈছে। কিন্তু এতিয়া যেন তেওঁ উপলব্ধি কৰিছে যে ভাৰত অবিহনে বাংলাদেশ জীয়াই থকা সহজ নহয়।
মহম্মদ ইউনুছে সোমবাৰে কয় যে বাংলাদেশৰ হাতত ভাৰতৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ বাহিৰে আন উপায় নাই কাৰণ অপপ্ৰচাৰৰ ফলত দুয়োখন দেশৰ মাজত “কিছুমান সংঘাত”ৰ সৃষ্টি হৈছে যদিও দুয়োখন দেশ আন্তঃনিৰ্ভৰশীল। অপপ্ৰচাৰৰ কথা উল্লেখ কৰি বিবিচি বাংলাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইউনুছে কয় যে,বাংলাদেশে ভাৰতৰ সৈতে থকা ভুল বুজাবুজিবোৰ আঁতৰ কৰাৰ চেষ্টা কৰিছে। ৩-৪ এপ্ৰিলত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক শীৰ্ষ সন্মিলনৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে বাংলাদেশৰ বিষয়াসকলে ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠক আয়োজন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
ভাৰতৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰি ইউনুছে কয় যে, ভাৰত-বাংলাদেশৰ সম্পৰ্ক অত্যন্ত ভাল। আমাৰ মাজৰ সম্পৰ্কৰ কোনো অৱনতি হোৱা নাই আৰু এই সম্পৰ্ক সদায় ভালে থাকিব। বৰ্তমান সময়তো ভাল আৰু ভৱিষ্যতেও ভাল হৈ থাকিব। বাংলাদেশ আৰু ভাৰতৰ মাজত ভাল সম্পৰ্ক থকাৰ বাহিৰে আন কোনো বিকল্প নাই।
লগতে কয় যে, আমাৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছ আৰু আমি এখন দেশৰ ওপৰত আনখন নিৰ্ভৰশীল। ঐতিহাসিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আমি ইমানেই ঘনিষ্ঠ যে আমি বিচ্ছিন্ন হৈ থাকিব নোৱাৰো। যোৱা কেইটামান দিনত বিবাদ বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে ইউনুছে সকলো ভুল পাহৰি যোৱাৰ কথাও উল্লেখ কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে, দুয়োখন দেশৰ মাজত সদায় যোগাযোগ হৈ থাকে আৰু উচ্চস্তৰীয় ভ্ৰমণো হৈছে। ইমানেই নহয়, তেওঁ কয় যে বাংলাদেশৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ মোদীৰ সৈতে কথা পাতিছিল।
ইউনুছৰ এই কথাৰ পাছতে এতিয়া প্ৰশ্ন হয়, মহম্মদ ইউনুছেও শ্বেখ হাছিনাৰ নীতি গ্ৰহণ কৰিব বিচাৰে নেকি? কিয়নো ইউনুছে চৰকাৰেও জানে, ভাৰতৰ সহায় অবিহনে বাংলাদেশৰ উন্নতি সম্ভৱ নহয়। গতিকে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কি পৰ্যায়লৈ গতি কৰে সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ Bangladesh Crisis: ধন বিচাৰি চীনৰ শৰণাপন্ন হ’ব দেউলীয়া বাংলাদেশ!