খনিজ চুক্তি প্ৰত্যাখ্যান কৰি হোৱাইট হাউছ এৰিলে জেলেনস্কিয়ে, এই চুক্তি আমেৰিকাৰ বাবে কিয় গুৰুত্বপূৰ্ণ ?
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ খনিজ চুক্তি স্বাক্ষৰ নকৰাকৈয়ে হোৱাইট হাউছ এৰি যায়। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই চুক্তিক ইউক্ৰেইনক ভৱিষ্যতে সমৰ্থনৰ চৰ্ত হিচাপে আগবঢ়াই দিছিল । এক কথাত এই খনিজ চুক্তিৰ বিনিময়ত ইউক্ৰেইনক সমৰ্থন কৰা চৰ্ত দিছিল আমেৰিকাই ।

যি চুক্তিৰ চৰ্তৰ সাপেক্ষে অ’ভেল অফিচত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠক অনুষ্ঠিত হৈছিল, সেই চুক্তি নকৰাকৈ বৈঠক আধাতে সামৰি হোৱাইট হাউছ ত্যাগ কৰে জেলেনস্কিয়ে । ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বৈঠকৰ পূৰ্বে আমেৰিকাই জেলেনস্কিক খনিজ চুক্তিত স্বাক্ষৰ কৰিবলৈ কৈছিল। কিন্তু ট্ৰাম্প আৰু জেলেনস্কিৰ মাজৰ বৈঠকত সৃষ্টি হোৱা তীব্ৰ তৰ্ক-বিতৰ্কৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। আনকি ট্ৰাম্পে জেলেনস্কিক মুকলিকৈ ভাবুকি দি কৈছিল যে-আপোনাৰ বেয়া দিন আজিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পিছত ট্ৰাম্পে কৈছিল যে, “যেতিয়া আপুনি শান্তিৰ বাবে সাজু হ’ব তেতিয়াহে আমাৰ ওচৰলৈ ঘূৰি আহিব।”
উল্লেখ্য যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ খনিজ চুক্তি স্বাক্ষৰ নকৰাকৈয়ে হোৱাইট হাউছ এৰি যায়। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই চুক্তিক ইউক্ৰেইনক ভৱিষ্যতে সমৰ্থনৰ চৰ্ত হিচাপে আগবঢ়াই দিছিল । এক কথাত এই খনিজ চুক্তিৰ বিনিময়ত ইউক্ৰেইনক সমৰ্থন কৰা চৰ্ত দিছিল আমেৰিকাই । কিন্তু বৈঠকৰ মাজতে সৃষ্টি হোৱা তৰ্ক-বিতৰ্কই এই চুক্তি স্বাক্ষৰ হ’বলৈ নিদিলে । চুক্তিখন মানি ল’বলৈ অস্বীকাৰ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । লগতে নিৰাপত্তা নিশ্চয়তা বিচাৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ।
আধুনিক প্ৰযুক্তি আৰু প্ৰতিৰক্ষা সঁজুলিৰ বাবে এই খনিজ (critical minerals) অতি গুৰুত্বপূৰ্ণ। ইয়াৰ সহায়ত স্মাৰ্টফোন, বৈদ্যুতিক বাহন, কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক যন্ত্ৰ, উচ্চ প্ৰযুক্তিৰ ইলেক্ট্ৰনিকছ আৰু অত্যাধুনিক অস্ত্ৰ নিৰ্মাণ কৰা হয়। সেউজ শক্তিৰ প্ৰসাৰৰ বাবে এই খনিজ পদাৰ্থৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ তথ্য অনুসৰি, ২০২২ চনত ইয়াৰ বিশ্বব্যাপী বজাৰ ৩২০ বিলিয়ন পাউণ্ড হ’ব পাৰে। যদিহে জলবায়ু পৰিৱৰ্তনৰ নীতি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় তেন্তে ২০৩০ চনৰ ভিতৰত ইয়াৰ চাহিদা দুগুণ আৰু ২০৪০ চনৰ ভিতৰত তিনিগুণ বৃদ্ধি পাব পাৰে।
এই খনিজ পদাৰ্থবোৰৰ ওপৰত ট্ৰাম্পৰ চকু আছে কাৰণ এইবোৰ আমেৰিকাৰ বাবে অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ। উল্লেখ্য যে, চীন বিশ্বৰ ভিতৰতে এই খনিজ পদাৰ্থৰ সৰ্বাধিক উৎপাদনকাৰী দেশৰ ভিতৰত অন্যতম আৰু ট্ৰাম্পে আমেৰিকাৰ এই নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে। এই কাৰণতে ট্ৰাম্পে ইউক্ৰেইনৰ দৰে খনিজ পদাৰ্থৰে সমৃদ্ধ দেশৰ সৈতে চুক্তিৰ ওপৰত গুৰুত্ব দি আহিছে । ইতিমধ্যে ইউক্ৰেইনৰ বহু খনিজ সমৃদ্ধ অঞ্চল ৰাছিয়াই দখল কৰিছে।