নিম্নগামী টেছলা, ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰ, কি সংকেত দিছে বজাৰে?

Mar 11, 2025 | 8:08 PM

নিফটি ফিফটি বাঢ়িলেও আজি ০.৭ শতাংশ কমিল বিএছই স্মলকেপ সূচক । তাৰ লগতে আজি ০.৭৫ শতাংশ কমিল নিফটি বেংক সূচক । ভাৰতৰ বেংক হুৰমূৰকৈ নিম্নগামী হোৱাৰ পূৰ্বে কালি ১৫ শতাংশৰো অধিক কমিল মাৰ্কিন ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা সংস্থা টেছলাৰ শ্বেয়াৰ ।

আজি ১১ মাৰ্চ, ৩৭ পইন্ট বাঢ়িল নিফটি ফিফটি । অৱশ্যে সামান্য নিম্নগামী হৈছে দেশৰ অন্যতম সূচক বিএছই ছেনছেক্স । কিন্তু আজি অভাৱনীয়ভাৱে নিম্নগামী হয় ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰ ।

ক্ৰমাগতভাৱে নিম্ন চাৰ্কিটত খুন্দা মাৰি দিনটোৰ শেষত ২৭ শতাংশৰো অধিক নিম্নগামী হয় দেশৰ অন্যতম বিশাল বেংক ইণ্ডাছইণ্ড । এদিনত ২৪৩ টকাৰো অধিক নিম্নগামী হয় বেংকটোৰ শ্বেয়াৰৰ দাম ।

নিফটি ফিফটি বাঢ়িলেও আজি ০.৭ শতাংশ কমিল বিএছই স্মলকেপ সূচক । তাৰ লগতে আজি ০.৭৫ শতাংশ কমিল নিফটি বেংক সূচক ।

ভাৰতৰ বেংক হুৰমূৰকৈ নিম্নগামী হোৱাৰ পূৰ্বে কালি ১৫ শতাংশৰো অধিক কমিল মাৰ্কিন ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা সংস্থা টেছলাৰ শ্বেয়াৰ ।