ঊৰ্ধগামী বেঞ্চমাৰ্ক সূচক, চাওক দিনটোৰ শ্বেয়াৰ বজাৰৰ খবৰ

| Apr 15, 2025 | 9:56 PM

ভাৰতৰ বজাৰৰ দৰেই আজি বিদেশী বজাৰো ঊৰ্ধগামী হয় । ২৮৫ পইন্ট বাঢ়িছে জাপানী সূচক নিক্কেই । ৪৮ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।

আজি ১৫ এপ্ৰিল, ৫০০ পইন্ট বাঢ়িছে দেশৰ অন্যতম বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি । ১৫৭৭ পইন্ট বাঢ়িছে আন এক বেঞ্চমাৰ্ক সূচক বিএছই ছেনছেক্স । ইয়াৰ বাহিৰেও আজি বাঢ়িছে দেশৰ শ্বেয়াৰ বজাৰৰ কেবাটাও সূচক ।

আজি হুৰমূৰকৈ উঠিছে বজাৰ । ১৩৭৭ পইন্ট বাঢ়িছে নিফটি বেংক । বিএছই বেংকেক্স বাঢ়িছে ১৪৬৪ পইন্ট । একেদৰে ১৯০০ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি । বিএছই স্মলকেপ সূচক বাঢ়িছে ১৪৭১ পইন্ট ।

ভাৰতৰ বজাৰৰ দৰেই আজি বিদেশী বজাৰো ঊৰ্ধগামী হয় । ২৮৫ পইন্ট বাঢ়িছে জাপানী সূচক নিক্কেই । ৪৮ পইন্ট বাঢ়িছে চীনা সূচক হেংছেং ।

১৫ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।