ঊৰ্ধগামী বেঞ্চমাৰ্ক সূচক, বজাৰ দেখি খুচ বিনিয়োগকাৰী
আজি সামগ্ৰিকভাৱে বাঢ়িছে ভাৰতৰ বজাৰৰ বেছিভাগ সূচক । ১,১৭২ পইন্ট বাঢ়িছে নিফটি বেংক । ১,৫৫৭ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ৩৮১ পইন্ট বাঢ়িছে নিফটি হাণ্ড্ৰেড । বিএছই স্মলকেপ সূচক বাঢ়িছে ২৪৮ পইন্ট ।
আজি ১৭ এপ্রিল, ক্ৰমাগত চাৰিদিন ধৰি ঊৰ্ধগামী দেশৰ বজাৰৰ দুই বেঞ্চমার্ক সূচক । ৪১৪ পইন্ট বাঢ়িছে নিফটি ফিফটি । আনহাতে ছেনছেক্স বাঢ়িল ১,৫০৮ পইন্ট ।
আজি সামগ্ৰিকভাৱে বাঢ়িছে ভাৰতৰ বজাৰৰ বেছিভাগ সূচক । ১,১৭২ পইন্ট বাঢ়িছে নিফটি বেংক । ১,৫৫৭ পইন্ট বাঢ়িছে বিএছই বেংকেক্স । ৩৮১ পইন্ট বাঢ়িছে নিফটি হাণ্ড্ৰেড । বিএছই স্মলকেপ সূচক বাঢ়িছে ২৪৮ পইন্ট ।
ভাৰতৰ বজাৰৰ লগতে আজি ঊৰ্ধগামী হৈছে জাপানী আৰু চীনা সূচক । জাপানী সূচক নিক্কেই বাঢ়িছে ৪৫৭ পইন্ট । আনহাতে, চীনা সূচক হেংছেং বাঢ়িছে ৩৩৮ পইন্ট ।
শ্বেয়াৰ মার্কেটৰ এনেধৰণৰ গৱেষণামূলক তথ্য ভাল লাগিলে লাইক কৰক । যদি কোনো শ্বেয়াৰৰ সম্পৰ্কে জানিব বিচাৰে তেন্তে কমেন্টযোগে জনাওক । পৰৱৰ্তী প্ৰতিবেদনত আমি সেই বিষয়ে আলোচনা কৰিম ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে ছেকমাৰ্ক কনচাল্টেন্সীয়ে । ইয়াৰ বাহিৰেও বাঢ়িছে অছৱেল গ্ৰীণটেক, এছএমএছ লাইফছাইন্সেছ, অছৱেল এগ্ৰো মিলছ, ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেল ত্ৰাভাংকৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি নিম্নগামী হয় ৰাজ অইল মিলছ, ত্বমেভ কনষ্ট্ৰাকশ্যন অণ্ড ইনফ্রাষ্ট্ৰাকচাৰ, ডায়নেমিক প্রডাক্টছ, ৰসেল ইণ্ডিয়া, সোনাটা ছফ্টৱেৰৰ শ্বেয়াৰৰ দাম ।
১৭ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগৰত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা