নিম্নগামী বেঞ্চমাৰ্ক সূচক, ভাৰতীয় শ্বেয়াৰ বজাৰত পলহগামৰ প্ৰভাৱ

Apr 25, 2025 | 11:09 PM

একমাত্ৰ ছেক্টৰিয়েল সূচক নিফটি আইটি বাঢ়িল ২৫৫ পইন্ট । ইয়াৰ বাহিৰে আজি আন কোনো শ্বেয়াৰে উত্থানৰ মুখ দেখা নাই । বিএছই স্মলকেপ পৰিছে ১,২৬১ পইন্ট । নিফটি মিডকেপ ১০০ নামিছে ১,৩৯৯ পইন্ট ।

আজি ২৫ এপ্রিল । ভাৰত-পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰভাৱ ভাৰতীয় শ্বেয়াৰ বজাৰত । আজি ২০৭ পইন্ট নামিল ভাৰতৰ বজাৰৰ বেঞ্চমার্ক সূচক নিফটি ৫০। আন এক বেঞ্চমার্ক সূচক ছেনছেক্স নামিল ৫৮৮ পইন্ট । একমাত্ৰ ছেক্টৰিয়েল সূচক নিফটি আইটি বাঢ়িল ২৫৫ পইন্ট ।

ইয়াৰ বাহিৰে আজি আন কোনো শ্বেয়াৰে উত্থানৰ মুখ দেখা নাই । বিএছই স্মলকেপ পৰিছে ১,২৬১ পইন্ট । নিফটি মিডকেপ ১০০ নামিছে ১,৩৯৯ পইন্ট । আনহাতে, নিফটি নেক্সট ৫০ সূচক নামিছে ১,৫৮৫ পইন্ট । ভাৰতৰ বজাৰৰ এই বেয়া সময়ৰ মাজতে ঊৰ্ধগামাী হৈছে জাপানী সূচক নিক্কেই । ৬৬৬পইন্ট বাঢ়িল এই সূচক । চীনা সূচক হেংছেং বাঢ়িছে ৭০ পইন্ট ।

শ্বেয়াৰ মাৰ্কেটৰ এনে গৱেষণামূলক তথ্য ভাল লাগিলে অৱশ্যেই লাইক কৰক । যদি কোনো শ্বেয়াৰৰ বিষয়ে জানিব খোজে তেন্তে কমেন্ট বক্সত জনাওক । পৰৱৰ্তী প্ৰতিবেদনত আমি সেই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট হিট কৰিছে ফিউশন ফাইনেন্স ৰাইটছ আৰু লক্ষ্মী ফাইনেন্স এণ্ড ইণ্ডাষ্ট্ৰীয়েল কৰ্পৰ শ্বেয়াৰৰ দামে । ইয়াৰ বাহিৰেও আজি বাঢ়িছে কায়ৰো ইণ্ডিয়া, মানাকশিয়া ষ্টীল, বাটাৰফ্লাই গান্ধীমাটি এপ্লায়েন্সৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি নিম্নগামী হৈছে ভাৰতীয় বজাৰ । কেবাটাও কোম্পানীৰ শ্বেয়াৰ আজি নিম্নগামী হয় । ইয়াৰ ভিতৰত আছে ভাণ্ডাৰী হোছিয়াৰী এক্সপৰ্টছ, এছআৰএম কন্ট্ৰেক্টৰ্ছ, পিভিপি ভেঞ্চাৰ্ছ, মাইণ্ডটেক ইণ্ডিয়া, মেগনাম ভেঞ্চাৰ্ছ ।

বজাৰৰ টুকুৰা খবৰ-

* আজি প্রতি শ্বেয়াৰত ১১৭ টকা লভ্যাংশ দিছে ছানোফি ইণ্ডিয়াই
* শ্বেয়াৰ প্রতি ২৬ টকা লভ্যাংশ দিছে মুথুট ফাইনেন্সে
* আজি চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, মাৰুতি ছুজুকি আৰু ডাক্তৰ লাল পেথলেবছ
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে হিন্দুস্তান জিংক, অ’ৰিয়েন্ট হোটেলছ, জেনছাৰ টেকন’লজিছ, শ্রীৰাম ফাইনেন্স, বেংক অৱ মহাৰাষ্ট্র, এল এণ্ড টি ফাইনেন্স, অ’ৰিয়েন্ট ইলেকট্রিক আৰু টাটা টেকন’লজিছ
* বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে ফ’র্চ মটৰ্ছ, চোলামণ্ডলম ইনভেষ্টমেন্ট, পুনাওৱালা ফিনকর্প, মতিলাল অসৱাল ফাইনেন্সিয়েল আৰু আৰবিএল বেংক
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে আল্ট্রাটেক চিমেন্ট, জেকে চিমেন্ট, নবীন ফ্ল’ৰিন ইন্টাৰনেশ্যনেল, ডালমিয়া ভাৰত, এছবিএফচি ফাইনেন্স, ছ’লাৰ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়া, ইউপিএল আৰু বিএছই
* কোনো কোম্পানীয়ে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই

২৫ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা