ভাৰত-পাক উত্তেজনাৰ চাপৰ মাজতো ঊৰ্ধগামী বজাৰ, ১,০০৫ পইন্ট বাঢ়িল ছেনছেক্স

Apr 28, 2025 | 8:13 PM

দেশৰ ছেক্টৰিয়েল সূচকবোৰৰৰ মাজত আজি মাত্ৰ নিফটি আইটি পৰিছে ৭৯ পইন্ট । ইয়াৰ বাহিৰে আন সকলো সূচকেই বাঢ়িছে আজি । ৭৬৮ পইন্ট বাঢ়িছে নিফটি বেংক সূচক । ৯৪৯ পইন্ট বাঢ়িছে বিএছই বেংকেক্স সূচক ।

আজি ২৮ এপ্রিল, যুদ্ধ সদৃশ পৰিস্থিতিৰ উকমুকনিৰ মাজতে ২৮৯ পইন্ট বাঢ়িছে নিফটি ৫০ সূচক । আনহাতে ১,০০৫ পইন্ট বাঢ়িছে দেশৰ আন এক বেঞ্চমার্ক সূচক ছেনছেক্স ।

দেশৰ ছেক্টৰিয়েল সূচকবোৰৰৰ মাজত আজি মাত্ৰ নিফটি আইটি পৰিছে ৭৯ পইন্ট । ইয়াৰ বাহিৰে আন সকলো সূচকেই বাঢ়িছে আজি । ৭৬৮ পইন্ট বাঢ়িছে নিফটি বেংক সূচক । ৯৪৯ পইন্ট বাঢ়িছে বিএছই বেংকেক্স সূচক । নিফটি মিডকেপ ১০০ বাঢ়িছে ৮৭০ পইন্ট । নিফটি নেক্সট ৫০ সূচক বাঢ়িছে ৭২৮ পইন্ট ।

অৱশ্যে আজি সামান্য নিম্নগামী হৈছে চীনা সূচক হেংছেং । ৮ পইন্ট নামিছে এই সূচক । আনহাতে, জাপানী সূচক নিক্কেই বাঢ়িছে ১৩৪ পইন্ট ।

শ্বেয়াৰ মার্কেটৰ এনে গৱেষণামূলক তথ্য যদি ভাল লাগে, তেন্তে অৱশ্যেই লাইক ককৰ । যদি কোনো শ্বেয়াৰৰ সম্পর্কে জানিব খোজে তেন্তে কমেন্ট বক্সত জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি এই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰিছে জয়ছোৱাল নেকো ইণ্ডাষ্ট্ৰীজে । ইয়াৰ বাহিৰেও আজি বাঢ়িছে প্ৰিমিয়াৰ এক্সপ্লছিভ, অৰিয়ন্টেল ট্ৰিমেক্স, ছাউথ ওৱেষ্ট পিনাকল এক্সপ্লৰেশ্যন আৰু বাৰ্বিকিউ নেশ্যনৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি নিম্নগামী হয় এছ’চিয়েটেড এলকলহ এণ্ড ব্ৰিওৱাৰিছ, তেজস নেটওৱৰ্ক, এছএমএল ইছুজু, আভানতেল লিমিটেড, গ্ল’বেল ভেকট্ৰা হেলিকৰ্পৰ শ্বেয়াৰৰ দাম ।

বজাৰৰৰ টুকুৰা খবৰ:

  • আজি শ্বেয়াৰে প্রতি ১৮ টকা লভ্যাংশ দিয়ে এইচচিএল টেকন’লজিছে
  • আজ চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে কেস্ট্রোল ইণ্ডিয়া, আদানি গ্রীণ এনার্জি আৰু গো ডিজিট জেনেৰেল ইঞ্চুৰেন্সে
  • আজি বার্ষিক ফলাফল প্রকাশ কৰিছে ওমেনকার্ট, টেনফেক ইণ্ডাষ্ট্ৰীজ, হাটছুন এগ্রো প্রডাক্টছ, টিভিএছ মটৰ্ছ কোম্পানি, আল্ট্রাটেক চিমেন্ট, ওবেৰয় ৰিয়েলিটি, নিপ্পন ইণ্ডিয়া এএমচি, কেপিআইটি টেক, আইআইএফএল ছিকিউৰিটিজ, আদিত্য বিড়লা ছান লাইফ এএমছিয়ে
  • বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে আইডিবিআই বেংক, টিভিএছ হল্ডিংছ, গ্রীণপ্লাই ইণ্ডাষ্ট্ৰীজ, শ্রীৰাম এএমচি, আইকো বেংক, চেন্ট্রেল বেংক অফ ইণ্ডিয়া, পিএনবি হাউছিং ফাইনেন্স, আদানি টোটেল গেছ, আইআৰএফচি, ফিনো পেমেন্টছ বেংকে
  • আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে আল্ট্রাটেক চিমেন্ট, বিএছই আ কৃষ্ণা ইন্সটিটিউট অফ মেডিকেল ছাইন্সেছ
  • ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰিছে ৰামকৃষ্ণ ফ’র্জিঙে

২৮ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক: সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা