মানৱ কণীৰ পামৰ কথা শুনিছেনে? এইসকলে মহিলাক ব্যৱহাৰ কৰে কণী উৎপন্নৰ বাবে, চাওক Video…
হাঁহ- কুকুৰাৰ পামৰ কথা আপুনি নিশ্চয় শুনিছে। কিন্তু কেতিয়াবা মানৱ কণীৰ পামৰ কথা শুনিছেনে? শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে য'ত মানৱ কণীৰ পামৰ পৰা পলায়ন কৰে মহিলাই।
হাঁহ-কুকুৰাৰ পামৰ কথা আপুনি নিশ্চয় শুনিছে। কিন্তু কেতিয়াবা মানৱ কণীৰ পামৰ কথা শুনিছেনে। অবিশ্বাস্য হ’লেও এয়াই সঁচা। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, কৃত্ৰিমভাৱে শিশু জন্মৰ উদ্দেশ্যে একাংশ মহিলাক কেনেকৈ বন্দী কৰি ৰখা হয়। মানৱ কণীৰ চোৰাং সৰবৰাহ কৰা এটা চক্ৰৰ পৰা পলায়ন কৰা ৩ গৰাকী মহিলাই প্ৰকাশ কৰিছে এক ভয়ংকৰ সত্য। মহিলা কেইগৰাকীয়ে কয় যে, তেওঁলোকক চেৰ’গেটৰ প্ৰলোভন দি এই ব্যৱসায়ৰ মাজলৈ টানি নিছিল। পৰৱৰ্তী সময়ত জানিব পাৰে যে, সেই গেঙটোৱে মহিলাসকলক বেজী দি অজ্ঞান কৰে আৰু সন্তান জন্মৰ বাবে দেহৰ পৰা কণী উলিয়ায়।