হুৰমূৰকৈ পৰিল বেঞ্চমাৰ্ক সূচক, শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰী লোকচানৰ সন্মুখীন
আজি ৫৬৮ পইণ্ট হ্ৰাস পায় নিফ্টি মেটেল সূচক । শতাংশৰ হিচাপত সৰ্বাধিক ৬.৭৫ শতাংশ । নিফটি স্মলকেপ হাণ্ড্ৰেড সূচক ৯১৫ পইণ্ট হ্ৰাস পাইছে । নিফটি নেক্সট ফিফটি হ্ৰাস পাইছে ১,৯২২ পইণ্ট । বিএছই স্মলকেপ সূচক ১৮৯২ পইণ্ট হ্ৰাস পাইছে
আজি এপ্ৰিলৰ ৭ তাৰিখ । ৭৪২ পইন্ট নামিল নিফটি ফিফটি । ২,২২৬ পইন্টল নামিছে ছেনছেক্স । আজি ৫৬৮ পইণ্ট হ্ৰাস পায় নিফ্টি মেটেল সূচক । শতাংশৰ হিচাপত সৰ্বাধিক ৬.৭৫ শতাংশ । নিফটি স্মলকেপ হাণ্ড্ৰেড সূচক ৯১৫ পইণ্ট হ্ৰাস পাইছে । নিফটি নেক্সট ফিফটি হ্ৰাস পাইছে ১,৯২২ পইণ্ট । বিএছই স্মলকেপ সূচক ১৮৯২ পইণ্ট হ্ৰাস পাইছে ।
ইফালে আজি ১৩.২২ শতাংশ পৰিছে চীনা সূচক হেংছেং । ১.৮৩ শতাংশ নামিছে জাপানী সূচক নিক্কেই ২২৫ । ৫.৫৭ শতাংশ নামিছে দক্ষিণ কোৰিয়ান সূচক কছপি ।
আজি কি কি বাঢ়িল:
আজি বজাৰৰ পতনৰ দিনাও অৱশ্যে আপাৰ চাৰ্কিটত খুন্দা মাৰিছে টেছিল কেমিকেলছ এণ্ড হাইড্ৰ’ পাৱাৰে । ইয়াৰ উপৰিও বাঢ়িছে কেমফেব এলকালিছ, শ্ৰীঅসৱাল ছিডছ এণ্ড কেমিকেলছ, চিকিউৰক্লাউ টেকন’লজীছ, ভালিয়ান্ট লেৱৰেটৰীছৰ শ্বেয়াৰৰ দাম ।
আজি কি কি কমিল:
আজি ল’ৱাৰ চাৰ্কিট স্পৰ্শ কৰে ছিমেন্স লিমিটেডে । ৪২.৫৩ শতাংশ নামিছে কোম্পানীটোৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও থেমিছ মেডিকেয়াৰ, খাণ্ডৱালা চিকিউৰিটিজ, ট্ৰেন্ট আৰু অনওৱাৰ্ড টেকন’লজীছৰ শ্বেয়াৰৰ দাম ।
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সঠিক অধ্যয়ন আৰু গৱেষণা কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্য । TV9- অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।