Holi 2025: ৪০ দিন ধৰি হোলী পালন কৰা ভাৰতৰ এটা বিশেষ মন্দিৰ
মাঘ বাগৰি ফাগুন সোমাবৰ হ’ল, ফাগুনতেই পালন কৰা হয় ৰঙৰ উত্সৱ ফাকুৱা। এই উৎসৱৰ বাবে এতিয়াও কেইদিনমান বাকী আছে। সৰস্বতী পূজাৰ চল্লিশ দিনৰ পাছত ফাকুৱা আৰম্ভ হয়। ফাকুৱা অৰ্থাৎ হোলী প্ৰভু শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। সেয়ে এই দিনটোত বৃন্দাবন, গোকুল, বৰসানাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আনন্দমনেৰে পালন কৰে।
দেশত ১৪ মাৰ্চত পালন কৰা হ’ব হোলী। কিন্তু বৃন্দাবনত বসন্ত পঞ্চমীৰ পৰাই হোলী আৰম্ভ হয়। এই উৎসৱ ৪০ দিন ধৰি চলি থাকে। বৃন্দাবনৰ বাংকে বিহাৰী মন্দিৰৰ পূজাৰীয়ে কয় যে, “বসন্ত পঞ্চমীৰ দিনটোৰ পৰা আৰম্ভ কৰি সমগ্ৰ ব্ৰজতে ৪০ দিনীয়া হোলী উৎসৱ পালন কৰা হয়। এই দিনটোৰ পৰা বিভিন্ন মন্দিৰত আবিৰৰ খেলা দেখিব। ঠাকুৰজী মহাৰাজক দিনত দুবাৰকৈ, ৰাতিপুৱা আৰু ৰাতি বান্ধি ৰাখে। যেতিয়া ঠাকুৰজীয়ে গৰখীয়াৰ দৰে বাস কৰিছিল, তেতিয়া তেওঁ গৰখীয়া বন্ধুসকলৰ সৈতে বিভিন্ন ঠাইত আবিৰ উৰুৱাইছিল।”
এই সময়ত বৃন্দাবনৰ বিভিন্ন মন্দিৰত ভক্তৰ ভিৰ দেখা যায়। তাৰ ভিতৰত অন্যতম হৈছে বাংকে বিহাৰী মন্দিৰ। তাত থকা পুৰোহিতৰ মতে, বসন্ত পঞ্চমীৰ দিনা আৰতিৰ পিছত ভক্তৰ বাবে আবিৰ উৰুৱাই দিয়া হয়।সেই স্থানত উপস্থিত ভক্তসকলে হোলী গীত গায়। নিয়ম অনুসৰি ইয়াতো ৪০ দিন হোলী উদযাপন কৰিব লাগে। কিন্তু নিধিবনত কৃষ্ণৰ আন এটা মন্দিৰ আছে, য’ত নিয়মিতভাৱে আবিৰ উৰুৱা হয়। কিন্তু ভিৰৰ মাজত কোনো সমস্যা নহ’বলৈ, বাংকে বিহাৰী মন্দিৰত ৰংভাৰী একাদশীৰ পৰা পূৰ্ণিমালৈকে ৫ দিনৰ বাবে ভক্তসকলে হোলী উদযাপন কৰে।