ATM ৰ পৰা ধন উলিয়ালে ভৰিব লাগিব অধিক মাচুল, চাওক VIDEO

Mar 27, 2025 | 5:07 PM

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক এটিএমৰ মাচুল বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে। ফলত এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ বৃদ্ধি হ’ব।

আপুনিও ATM ৰ পৰা ধন উলিয়াই নেকি? তেন্তে আছে এক বেয়া খবৰ! কিয়নো এতিয়াৰ পৰা এটিএমৰ পৰা ধন উলিয়ালে ভৰিব লাগিব অতিৰিক্ত মাচুল।  ১ মে’ৰ পৰা বৃদ্ধি হ’ব এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক এটিএমৰ মাচুল বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে। ফলত এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ বৃদ্ধি হ’ব। জানিব পৰা মতে, এটিএমৰ পৰা ফাইনেনচিয়েল লেনদেনৰ মাচুল ২ টকা আৰু  ননফাইনেনচিয়েল লেনদেনৰ মাচুল ১ টকাকৈ বৃদ্ধি পাইছে।শেহতীয়াকৈ বেংকে লোৱা সিদ্ধান্তই চিন্তিত কৰিছে বহু গ্ৰাহকক।