BSNL Offers: বিএছএনএলৰ বাম্পাৰ অফাৰ-মাত্ৰ ৯৯ টকাতে চাবলৈ পাব ৪৫০ টা চেনেল
BSNL: ব্যৱহাৰকাৰীসকলে ৯৯ টকাৰ 'voice-only plan' অফাৰৰ জৰিয়তে বিনামূলীয়াকৈ BiTV চাব পাৰিব। শেহতীয়াকৈ, BSNL-এ ৯৯ টকীয়া প্লেন মুকলি কৰিছে।
কম মূল্যৰ ৰিচাৰ্জ প্লেনৰ বাবে পৰিচিত ভাৰতৰ একমাত্ৰ চৰকাৰী টেলিকম কোম্পানী BSNL। BSNLৰ সস্তীয়া ৰিচাৰ্জ প্লেনৰ বাবে যোৱা কেইমাহমানত বহু লোকে নিজৰ নম্বৰ BSNL লৈ সলনি কৰিছে। কেৱল এয়াই নহয়, ৰিচাৰ্জ প্লেনৰ উপৰিও BSNL এ ইয়াৰ ব্যৱহাৰকাৰীসকলক অতি বিশেষ সেৱাও আগবঢ়াইছে। ইয়াৰে এটা হৈছে BSNL ৰ BiTV সেৱা। শেহতীয়াকৈ BSNLএ সমগ্ৰ ভাৰততে BiTV সেৱা আৰম্ভ কৰিছে। BSNLৰ BiTV সেৱাৰ জৰিয়তে BSNL ব্যৱহাৰকাৰীয়ে ৪৫০টাতকৈও অধিক টিভি চেনেল বিনামূলীয়াকৈ চাব পাৰিব।
BSNL এ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে যে, BSNL ব্যৱহাৰকাৰীয়ে ইয়াৰ কম মূল্যৰ ৯৯ টকীয়া voice-only planত BiTV ৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকক জনাওঁ যে, BSNLৰ ৯৯ টকীয়া এই প্লেন কিছুদিন পূৰ্বে মুকলি কৰিছে। এইটো BSNL ৰ অতি কম মূল্যৰ voice only plan।