চাট জিপিটি নে চীনৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী ডিপছেক, কোন বেছি শক্তিশালী ?

Feb 05, 2025 | 10:14 PM

চাট জিপিটি নে চীনৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী ডিপছেক, কোন বেছি শক্তিশালী ? ইয়াকে লৈ এতিয়া চলি আছে এক শীতল যুদ্ধ। ইফালে আমাৰ দেশৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে তাত কৰ্মৰত কৰ্মচাৰীসকলক জাৰি কৰিছে এক নিৰ্দেশ । কিন্তু কেৱল ভাৰতেই এনে সিদ্ধান্ত লোৱা নাই । শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু ইটালীয়েও লৈছে একেধৰণৰ সিদ্ধান্ত ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলো কৰ্মচাৰীকে কোনো কাৰ্যালয়ৰ কামত Chat GPT বা DeepSecৰ দৰে কোনো ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে । কাৰণ এই ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে বিভিন্ন ধৰণৰ চৰকাৰী আৰু গোপন তথ্য আন দেশে লাভ কৰাৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাব । ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়া আৰু ইটালী চৰকাৰে ডিপছেকৰ ওপৰতো আৰোপ কৰিছিল একেধৰণৰ নিষেধাজ্ঞা ।

অ’পেন এআইৰ প্ৰতিষ্ঠাপক ছেম অল্টমেনে বুধবাৰে ভাৰত ভ্ৰমণ কৰাৰ কথা । জানিব পৰা মতে, ছেম অল্টমেনে সাক্ষাৎ কৰিব ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বনী বৈষ্ণৱক । তেওঁৰ ভ্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল চাট জিপিটি বা ডিপছেকৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ।