আমি ভাৰতক ২১ মিলিয়ন ডলাৰ কিয় দিম? কিয় ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে…

| Edited By: Monjit Dutta

Feb 20, 2025 | 8:07 PM

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু শেহতীয়াকৈ কিছুমান ঘটনাই দেশ দুখনৰ সম্পৰ্কৰ মাজত কিছু প্ৰশ্নৰ উত্থাপন কৰিছে। এনে পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। ‘আমি ভাৰতক ২১ মিলিয়ন ডলাৰ কিয় দিম?’ বুলি প্ৰশ্ন কৰিছে ট্ৰাম্পে।

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু শেহতীয়াকৈ কিছুমান ঘটনাই দেশ দুখনৰ সম্পৰ্কৰ মাজত কিছু প্ৰশ্নৰ উত্থাপন কৰিছে। এক সংবাদমেল সম্বোধন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, আমি ভাৰতক ২১ মিলিয়ন ডলাৰ কিয় দিম? তেওঁলোকৰ হাতত যথেষ্ঠ টকা আছে। ট্ৰাম্পে লগতে কয়, বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ থকা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। ভাৰতৰ শুল্ক বহুত বেছি যাৰ বাবে বহু কঠিনতাৰ মাজেৰে গৈ তাৰ ব্যৱসায়ত উপনীত হ’ব পাৰো। অৱশ্যে ট্ৰাম্পে কয় যে, তেওঁ ভাৰত আৰু দেশৰ প্ৰধানমন্ত্ৰীক যথেষ্ঠ সন্মান কৰে।