Gold Price: বাজেটৰ পাছত গুৱাহাটীৰ সোণ-ৰূপৰ বজাৰত আচৰিত পৰিৱৰ্তন!
আজি পূৰ্বৰ তুলনাত সোণৰ-ৰূপৰ মূল্য হ্ৰাস হৈছে। যদি আপুনি সোণ বা ৰূপৰ গহনা কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিৰ মূল্যসমূহৰ বিষয়ে জনাটো দৰকাৰ।
বাজেটৰ পিছত সোমবাৰে সস্তা হৈ পৰিল সোণ। বসন্ত পঞ্চমীৰ দিনটোত সোণৰ মূল্য কিছু হ্ৰাস পাইছে। বাজেটৰ দিনা শনিবাৰে, ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য আছিল ৮৪,৫০০ টকাৰ অধিক। আজি ২৪ আৰু ২২ কেৰেট সোণৰ মূল্যত ১৫০ টকালৈকে হ্ৰাস হৈছে।
৩ ফেব্ৰুৱাৰীত গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৮৮৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৭৯ টকা। ২৪ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৮৩,০৭১ টকা আৰু ২২ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৭৬,০৯৩ টকা হৈছে।
আনহাতে, গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা আৰু প্ৰতি গ্ৰাম ৰূপৰ মূল্য ১০৭ টকা। ইফালে ১০ গ্ৰাম ৰূপৰ মূল্য হৈছে ৯৫৮ টকা যি দেওবাৰৰ হিচাপত ১২ টকা বৃদ্ধি পাইছে।