ভাৰতত কেতিয়া আৰু কেনেকৈ হ্ৰাস পাব ছুগাৰৰ ঔষধৰ মূল্য?
দেশৰ মুঠ জনসংখ্যাৰ ২৩ শতাংশ লোকেই ডায়েবেটিছত আক্ৰান্ত । ইয়াৰ ভিতৰত আকৌ ৬২ শতাংশতকৈও অধিক ৰোগীয়ে কোনো চিকিৎসা কৰা নাই । স্থানীয় ঔষধৰ দোকানৰ পৰা ঔষধ কিনি ডায়েবেটিছৰ সৈতে মোকাবিলা কৰাৰ ব্যৰ্থ চেষ্টা চলায় তেওঁলোকে ।
বিশ্বৰ অন্যতম স্বাস্থ্য আৰু বিজ্ঞান আলোচনী লেন্সেটৰ এক প্ৰতিবেদন অনুসৰি ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত আগত আছে ভাৰত । বিশ্বৰ সৰ্বাধিক ডায়েবেটিছ আক্ৰান্ত ৰোগী পোৱা যায় ভাৰতত ।
সেই সমীক্ষা অনুসৰি, দেশৰ মুঠ জনসংখ্যাৰ ২৩ শতাংশ লোকেই ডায়েবেটিছত আক্ৰান্ত । ইয়াৰ ভিতৰত আকৌ ৬২ শতাংশতকৈও অধিক ৰোগীয়ে কোনো চিকিৎসা কৰা নাই । স্থানীয় ঔষধৰ দোকানৰ পৰা ঔষধ কিনি ডায়েবেটিছৰ সৈতে মোকাবিলা কৰাৰ ব্যৰ্থ চেষ্টা চলায় তেওঁলোকে ।
উল্লেখ্য যে ভাৰতত ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ ভিতৰত বেছিভাগেই টাইপ-২ ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত । যি ঔষধৰ বাবদ প্ৰতিমাহে প্ৰায় ১ ৰ পৰা ৩ হাজাৰ টকা পৰ্যন্ত খৰচ কৰিব লগা হয় । এটা এটা ঔষধৰ নামত ব্যয় হয় প্ৰায় ৫০ ৰ পৰা ৬০ টকা । ঔষধৰ এটা ফাইল কিনিব খুজিলেটো সেই খৰচ কমেও ৫০০ টকা হয়গৈ ।
এই টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ এম্পাগ্লিফ্লোজিন নামৰ এক বিশেষ ধৰণৰ ঔষধি দ্ৰব্য ব্যৱহাৰ কৰে ডায়েবেটিছৰ ঔষধ প্ৰস্তুতকাৰী জাৰ্মান কোম্পানী ইনোভেটৰে । ইমানদিনে এই এম্পাগ্লিফ্লোজিন প্ৰস্তুতৰ পেটেন্ট বা স্বত্ব কেৱল এই জাৰ্মান কোম্পানীটোৰ হাততে আছিল । যাৰ ম্যাদ ১১ মাৰ্চত অন্ত পৰা বুলি জানিব পৰা গৈছে । ফলত এতিয়াৰ পৰা যিকোনো সংস্থাই এই এম্পাগ্লিফ্লোজিনৰ দ্বাৰা টাইপ-২ ডায়েবেটিছৰ ঔষধ প্ৰস্তুত কৰিব পাৰিব ।