তিনিবাৰকৈ পৰীক্ষাৰ সন্মুখীন হৈছিল প্ৰেমত, ভুবিৰ প্ৰেম কাহিনী
তিনিবাৰ নুপূৰক প্ৰেম নিবেদন কৰিছিল ভুবিয়ে । শেষত মন গলিল নুপূৰৰ । আৰম্ভনিতে কেবাবছৰো পৰিয়ালৰ পৰা লুকাই লুকাই দুয়ো প্ৰেম কৰে । তাৰ পাছত ঘৰত নিজৰ সম্পৰ্কৰ কথা জনায় ।
ভুবিৰ ছুইং চম্ভালিবলৈ গৈ দিশহাৰা হয় বিশ্বৰ ডাঙৰ ডাঙৰ বেটাৰ । কিন্তু সেই ভুৱনেশ্বৰে প্ৰেম জীৱনৰ আৰম্ভনিতেই খাইছিল উজুটি । বন্ধুত্বৰে আৰম্ভণি, লাহেকৈ বন্ধুত্বই পালে প্ৰেমৰ ৰূপ আৰু অৱশেষত বিয়া । ভুৱনেশ্বৰৰ মতে তেওঁৰ আৰু নুপূৰৰ প্ৰেমৰ সম্পৰ্ক অতি বিশেষ ।
তেওঁ কয়, ” আমি মিৰাটত আছিলোঁ । নুপূৰৰ পৰিয়াল ডেৰাডুনত আছিল । সেই মোৰ শহুৰ দেউতা মিৰাটলৈ ট্ৰান্সফাৰ হৈছিল । তেতিয়া তেওঁলোকে ভাৰাঘৰ বিচাৰিছিল থাকিবলৈ । কাকতালীয় হওক বা আন কিবাই হওক, তেওঁলোকে আমাৰ ঘৰলৈ আহিছিল । তেওঁলোকে বিচৰা ধৰণৰ আছিল আমাৰ ঘৰটো । তাৰ পাছত নুপূৰৰ পৰিয়াল তালৈ আহে । তাতেই পাচলৈ নিজাকৈ ঘৰ সাজে । সেই ঘৰটোলৈ আমাৰ ঘৰৰ পৰা মাত্ৰ ২ মিনিটৰ বাট । লাহে লাহে আমাৰ মাজত বন্ধুত্ব হয় । তাৰ পৰাই আৰম্ভ আমাৰ গল্প ।”
যেতিয়া দুয়োৰে প্ৰথম দেখা হয়, তেতিয়া নুপূৰৰ বয়স আছিল ১১ বছৰ আৰু ভুবিৰ ১৩ বছৰ । নুপূৰে কয়, “সেই সময়ত যেতিয়াই দেখোঁ, তেওঁ বলিং কৰি থাকে । ঘৰতো বলিং কৰে, বাহিৰতো বলিং কৰে ।” আৰম্ভনিতে ভুবিৰ প্ৰেমৰ প্ৰস্তাৱ সহজে মানি লোৱা নাছিল নুপূৰে । পৰীক্ষা দিবলগীয়া হৈছিল ভুবিয়ে । সেয়া প্ৰেমৰ পৰীক্ষা ।
তিনিবাৰ নুপূৰক প্ৰেম নিবেদন কৰিছিল তেওঁ । শেষত মন গলিল নুপূৰৰ । আৰম্ভনিতে কেবাবছৰো পৰিয়ালৰ পৰা লুকাই লুকাই দুয়ো প্ৰেম কৰে । তাৰ পাছত ঘৰত নিজৰ সম্পৰ্কৰ কথা জনায় । পেশাত এজন ছফ্টৱেৰ ইঞ্জিনীয়াৰ ভুবি । ২০১৭ চনত বিবাহপাশত আবদ্ধ হয় ভুৱনেশ্বৰ আৰু নুপূৰ । ২০২১ চনত তেওঁলোকৰ জীৱনলৈ আহে এটি কন্যা সন্তান । আপাততঃ বেছ সুখেৰে সংসাৰ কৰিছে দুয়োৱে ।