আৰম্ভনিতে নিৰাশা! ৰাজস্থানৰ লক্ষ্যত সঠিক আঘাত হানিব পাৰিব নে আৰ্চাৰে?

Apr 09, 2025 | 5:18 PM

ৰাজস্থান ৰয়েলছৰ প্ৰথমখন মেচত জোফ্ৰাক লৈ অস্বস্তি অধিক বৃদ্ধি পায় । ৰাজস্থান শিবিৰত সৰ্বাধিক ৰান খৰচ কৰা বলাৰ আছিল জোফ্ৰা আৰ্চাৰ । ছানৰাইজাৰ্ছে তেওঁৰ ৪ অভাৰত ৭৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ ।

ইংলেণ্ডৰ তাৰকা পেচাৰ জোফ্ৰা আৰ্চাৰে এই পৰ্যন্ত আই পি এলত দুটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিছে । মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ । তেওঁক অৱশ্যে ৰাজস্থান ৰয়েলছ পৰিয়ালৰ সদস্য বুলি ক’ব পাৰি । ২০১৮ চনত গোলাপী জাৰ্চি পিন্ধি আই পি এলত অভিষেক ঘটাইছিল । জোফ্ৰা আৰ্চাৰে আই পি এলৰ মুঠ পাঁচটা সংস্কৰণত খেলিছে । এবাৰ মুম্বাই ইণ্ডিয়ানছত খেলিছিল । অৱশ্যে সেয়া অতিথি ৰূপ বুলি ক’ব পাৰি । ৰাজস্থান ৰয়েলছে এইবাৰ মেগা নিলামত পুনৰ ক্ৰয় কৰে জোফ্ৰাক ।

ৰাজস্থান ৰয়েলছৰ প্ৰথমখন মেচত জোফ্ৰাক লৈ অস্বস্তি আৰু অধিক বৃদ্ধি পায় । হায়দৰাবাদ খেলপথাৰত মেচ । ছানৰাইজাৰ্ছৰ বিধ্বংসী বেটিং আক্ৰমণে ২৮৬ ৰান সংগ্ৰহ কৰে! আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বোচ্চ টাৰ্গেট । ৰাজস্থান শিবিৰত সৰ্বাধিক ৰান খৰচ কৰা বলাৰ আছিল জোফ্ৰা আৰ্চাৰ । ছানৰাইজাৰ্ছে তেওঁৰ ৪ অভাৰত ৭৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ ।

আৰম্ভণিতে কোৱাৰ দৰে আই পি এলত খলনায়ক নায়ক হোৱাৰ মঞ্চ । প্ৰথমখন মেচত ৭৬ ৰান দিয়াৰ পিছত পৰৱৰ্তী মেচত দৃশ্যপট সলনি হ’ল । কিন্তু উইকেট অৱশ্যে নাহিল । ১ উইকেট দখল কৰিলেও ইক’নমি আছিল উৎকৃষ্ট । পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলখন এতিয়া টাৰ্নিং পইণ্ট হৈ পৰিছে । য’ত তেওঁ ৰাজস্থানৰ বেটিঙৰ সময়ত ড্ৰেছিং ৰূমত পাৱাৰ নেপ লোৱা দেখা যায় তেওঁক । খেলপথাৰত নামিয়েই তেওঁ এটা বিধ্বংসী স্পেল কৰে । খেলখনত মুঠ ৩টা উইকেট দখল । একেবাৰে শক্তিশালী প্ৰদৰ্শন । সঠিক লক্ষ্য । এতিয়াও বহুতৰে মনত আশংকা ৰৈছে, আঘাত বা ধাৰাবাহিকতাই জোফ্ৰাক আকৌ খলনায়ক কৰি তুলিব নেকি!