এইজন ভাৰতীয় ক্ৰিকেটাৰৰ নামত আছে এখন ষ্টেডিয়াম, কোন তেওঁ?

Apr 17, 2025 | 10:13 PM

অভিমন্যু ঈশ্বৰণৰ দেউতাকো হ'ব খুজিছিল ক্ৰিকেটাৰ । পেছাত তেওঁ এজন চাৰ্টাৰ্ড একাউন্টেন্ট । নিজৰ স্বপ্ন পূৰণ নহ'লেও পুত্ৰৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ কৰিছে । ২০০৫ চনত ডেৰাডুনত ক্ৰয় কৰে বিশাল পৰিসৰৰ ভূমি । পিছৰ বছৰ তাত নিৰ্মাণ কৰে ষ্টেডিয়াম ।

ভাৰতত ক্ৰিকেট তথা ক্ৰিকেটাৰৰ গুৰুত্ব কিমান, সেয়া দুনাই কোৱাৰ প্ৰয়োজন নাই । ষ্টেডিয়ামৰ কোনো ষ্টেণ্ড, পেভিলিয়নৰ নামকৰণ নতুন কথা নহয় । দেশৰ বিভিন্ন খেলপথাৰত এয়া দেখা যায় । কলকাতাক ইডেন গাৰ্ডেনছত বহু কেইজন ক্ৰিকেটাৰৰ নামত ষ্টেণ্ড দেখা যায় । তেনেদৰে দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামতো বিৰাট কোহলিৰ নামত আছে পেভিলিয়ন । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামতো কেবাজনো কিংবদন্তি ক্ৰিকেটাৰৰ নামত আছিল ষ্টেণ্ড । ৰাঁচীত দেশৰ অন্যতম সফল অধিনায়ক ধোনীৰ নামত আছে ষ্টেণ্ড । এই তালিকাত নতুন সংযোজন হ’ব ৰোহিতৰ নাম ।

ভাৰতীয় ক্ৰিকেটত এতিয়াও অনেক উঠি অহা প্ৰতিভা ৰৈ গৈছে । ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন তেওঁলোকৰ, ভাৰতীয় A দলৰ হৈও খেলে, নেতৃত্ব দিয়ে । মূল স্কোৱাডত স্থান পালেও কিন্তু অনেকেই খেলাৰ সুযোগ নাপায় । তেনে এজন ক্ৰিকেটাৰ অভিমন্যু ঈশ্বৰণ । দীৰ্ঘসময় ধৰি ভাৰতৰ টেষ্ট স্কোৱাডৰ সংগী । কেতিয়াবা বেকআপ হিচাপে, আন কেতিয়াবা মূল স্কোৱাডত । যোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীটো আছিল তেওঁ । ভাৰতীয় A দলক কেবাবাৰো নেতৃত্বও দিছে । কিন্তু টেষ্ট খেলাৰ সুযোগ এতিয়াও পোৱা নাই । কেৰিয়াৰত ৰঙা বলৰ খেলুৱৈৰ টেগ লাগিছে, সেয়ে আই পি এলতো লাভ কৰা নাই সুযোগ । এই অভিমন্যু ঈশ্বৰণৰ নামত পিছে ষ্টেণ্ড নহয়, এটা ষ্টেডিয়াম আছে ।

বংগৰ হৈ খেলিলেও অভিমন্যু আচলতে ডেৰাডুনৰ যুৱক । তাত সৰ্বভাৰতীয় স্তৰত স্থান লাভৰ সম্ভাৱনা কম আছিল । সেয়ে তেওঁ বংগলৈ আহে । অভিমন্যু ঈশ্বৰণৰ দেউতাকো হ’ব খুজিছিল ক্ৰিকেটাৰ । পেছাত তেওঁ এজন চাৰ্টাৰ্ড একাউন্টেন্ট । নিজৰ স্বপ্ন পূৰণ নহ’লেও পুত্ৰৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ কৰিছে । ২০০৫ চনত ডেৰাডুনত ক্ৰয় কৰে বিশাল পৰিসৰৰ ভূমি । পিছৰ বছৰ তাত নিৰ্মাণ কৰে ষ্টেডিয়াম । এই খেলপথাৰখন উত্তৰাখণ্ড ক্ৰিকেট এছ’চিয়েচন আৰু বিচিচিআয়ে বহুসময়ত ঘৰুৱা ক্ৰিকেটৰ বাবে ব্যৱহাৰ কৰে ।

অভিমন্যু ঈশ্বৰণৰ দেউতাক ৰংগনাথন পৰমেশ্বৰণ ঈশ্বৰণে ১৯৮৮ চনৰ পৰাই এটি ক্ৰিকেট একাডেমী চলাইছিল । সেই একাডেমীৰ নামকৰণ পুত্ৰৰ নামেৰেই কৰে । ষ্টেডিয়াম নিৰ্মাণৰ পাছত ইয়াৰ নাম দিয়া হয় অভিমন্যু ঈশ্বৰণ ক্ৰিকেট একাডেমী ষ্টেডিয়াম । এই সকলোবোৰৰ মাজত এটাই আক্ষেপ মাথোঁ । প্ৰতিবাৰেই জাতীয় দলত বাচনি হ’লেও এতিয়াও খেলাৰ সুযোগ লাভ কৰা নাই ২৯ বছৰীয়া অভিমন্যুৱে ।