সাই সুদৰ্শন, বেটিঙত বিধ্বংসী যাৰ প্ৰদৰ্শন
২০২২ চনত গুজৰাট টাইটানছে ২০ লাখ টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল তেওঁক । তেতিয়াৰ পৰাই সাইয়ে বিস্ফোৰক প্ৰদৰ্শন কৰি আহিছে । সেই ছিজনত তেওঁ ৫ খন মেচত সংগ্ৰহ কৰিছিল ১৪৫ ৰান ।
বেছিভাগ ভাৰতীয় খেলুৱৈৰ ক্ষেত্ৰত দেখা যায় যে পৰিয়ালৰ পৰা সদায় সম্পূৰ্ণ সমৰ্থন নাথাকে । কিছুমান ক্ষেত্ৰত দেখা যায় যে সমৰ্থন থাকিলেও সামৰ্থৰ অভাৱ । ইয়াৰ পৰাই আৰম্ভ হয় তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ সংগ্ৰাম । কেইজনমান ব্যক্তি বিশেষক বাদ দিলে দেখা যায় তেওঁলোকৰ কান্ধৰ ওপৰত থাকে পৰিয়ালৰ দায়িত্ব । সপোনবোৰ সঁচা নহয় । সপোন সপোন হৈয়েই থাকে । যিসকলে এই প্ৰাৰম্ভিক সংগ্ৰামৰ মাজেৰে পাৰ হ’ব নালাগে তেওঁলোক সঁচাকৈয়ে ভাগ্যৱান । তেনে এজন ভাগ্যৱান ক্ৰিকেটাৰৰ বিষয়ে ক’বলৈ লৈছোঁ, বয়স মাত্ৰ ২৪ বছৰ । তেওঁ আন কোনো নহয়, গুজৰাট টাইটানছৰ অ’পেনাৰ সাই সুদৰ্শন ।
চেন্নাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল সাই । পিতৃ-মাতৃ দুয়োজনেই ক্ৰীড়াৰ জগতখনৰ বিষয়ে ভালদৰেই পৰিচিত । দেউতাক ভৰদ্বাজ দক্ষিণ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ । মাক এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ভলীবল খেলুৱৈ । সাইৰ পৰিয়ালৰ পৰা কোনো সহায়ৰ অভাৱ নাছিল ।
২০২১ চনত তামিলনাডু প্ৰিমিয়াৰ লীগত তেওঁৰ প্ৰদৰ্শনে আচৰিত কৰিছিল সকলোকে । তাতেই তেওঁৰ প্ৰতিভা চৰ্চালৈ আহে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত প্ৰৱেশ কৰাত সহায়ক হয় । ইনিংছ এটা ভাল আৰম্ভণি কৰিবলৈ কি লাগে, সাইয়ে সেয়া দেখুৱালে । ইনিংছত গতি প্ৰদান আৰু সুন্দৰ সমাপ্তি ঘটোৱাত তেওঁ পাকৈত । তামিলনাডু প্ৰিমিয়াৰ লীগত ৩৫৮ ৰান সংগ্ৰহ কৰি লীগটোৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ হিচাপে পৰিগণিত হয় সাই ।
TNPL-ত সাইৰ উজ্জ্বল বেটিঙত অতিশয় আপ্লুত হৈছিল ৰবিচন্দ্ৰন অশ্বিন । তদুপৰি তেওঁ টুইটাৰত এটা পোষ্ট যোগে সাইক তামিলনাডু দলত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায় তামিলনাডু ক্ৰিকেট সন্থাক ।
২০২২ চনত গুজৰাট টাইটানছে ২০ লাখ টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিল তেওঁক । তেতিয়াৰ পৰাই সাইয়ে বিস্ফোৰক প্ৰদৰ্শন কৰি আহিছে । সেই ছিজনত তেওঁ ৫ খন মেচত সংগ্ৰহ কৰিছিল ১৪৫ ৰান । ২০২৩ চনৰ পৰা বৃদ্ধি পাইছে তেওঁৰ গড় ৰান । ২০২৩ চনৰ ছিজনত ৫১ৰ ওপৰত গড় ৰানেৰে মুঠ ৩৬২ ৰান, যোৱা ছিজনত গড়ে প্ৰায় ৪৮ ৰানেৰে মুঠ ৫২৭ ৰান কৰে সাইয়ে ।
ইতিমধ্যে এই ছিজনত ৫খন মেচত ২৭৩ ৰান সংগ্ৰহ কৰিছে তেওঁ, য’ত আছে তিনিটা অৰ্ধশতক । ২০২১-২২ চনত তেওঁ চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত অভিষেক ঘটায় । তাতো ধাৰাবাহিকভাৱে সফলতা অৰ্জন । কিন্তু জাতীয় দলত মাত্ৰ চাৰিখন মেচতহে লাভ কৰিছে সুযোগ । তিনিখন এদিনীয়া আৰু এখন টি-২০ । আন্তঃৰাষ্ট্ৰীয় কেতিয়া ক্ৰিকেটত নিয়মীয়া খেলুৱৈ হ’ব সাই সুদৰ্শন, অপেক্ষা সকলোৰে ।