খেলপথাৰত থিয় দিয়েই প্ৰথমটো বলতে ছিক্সাৰ কোবোৱা বৈভৱ সূৰ্যবংশীয়ে জীৱনত বাদ দিব লগা হৈছে এইসমূহ ভালপোৱা বস্তু
তেওঁৰ নাম বৈভৱ সূৰ্যবংশী । আইপিএল কেৰিয়াৰৰ প্ৰথমখন মেচতে তেওঁ গঢ়িলে ইতিহাস । এই কাম তেওঁৰ বাবে সহজ নাছিল । বহু ত্যাগ স্বীকাৰ কৰিব লগীয়া হৈছিল বৈভৱে ।
প্ৰথম বলতে ছিক্সাৰ, কথাতেই কোৱা হয় ইচ্ছা থাকিলে সিদ্ধি লাভ হয় । জেদ্দাত আইপিএলৰ মেগা নিলামত পিংক আৰ্মীয়ে ক্ৰয় কৰিলে এটুকুৰা হীৰা । যি টুকুৰা হীৰাই নিজৰ অভিষেক মেচৰ প্ৰথমটো বলতে কোবায় এটা গগণচুম্বী ছিক্সাৰ । ১৮ সংখ্যক আইপিএত তেওঁক এজন বিস্ময় বালক বুলিয়েই ক’ব পাৰি । তেওঁৰ বয়স মাত্ৰ ১৪ বছৰ । আইপিএলৰ বয়সো তেওঁতকৈ চাৰি বছৰ বেছি । কিন্তু আইপিএলৰ মঞ্চত খোজ দিয়েই তেওঁ সৃষ্টি কৰিছে আলোড়ন । তেওঁৰ নাম বৈভৱ সূৰ্যবংশী । আইপিএল কেৰিয়াৰৰ প্ৰথমখন মেচতে তেওঁ গঢ়িলে ইতিহাস । এই কাম তেওঁৰ বাবে সহজ নাছিল । বহু ত্যাগ স্বীকাৰ কৰিব লগীয়া হৈছিল বৈভৱে ।
বৈভৱৰ দৰে ল’ৰা-ছোৱালী সাধাৰণতে এই বয়সত কেফে-ৰেঁস্তোৰা আদিলৈ যায়, নিজৰ পছন্দৰ বিভিন্ন সুস্বাদু খাদ্য খায় । কিন্তু মাত্ৰ ১৪ বছৰ বয়সতে অতিকৈ প্ৰিয় ছাগলীৰ মাংস, কুকুৰাৰ মাংস, পিৎজা আদি বাদ দিছে বৈভৱে । ইমান কম বয়সতে এই সংযমে বৈভৱক সঠিক পথ দেখাইছে । ৰাজস্থান ৰয়েলছে জেদ্দাত আইপিএলৰ মেগা নিলামত ১ কোটি ১০ লাখ টকাত ক্ৰয় কৰে বিহাৰৰ সমষ্টিপুৰ জিলাৰ এই কিশোৰজনক । গুলপীয়া জাৰ্ছিত প্ৰথম খেলপথাৰত নামিয়েই ২০ টা বলত ৩৪ ৰাণৰ চমকপ্ৰদ ইনিংছ খেলে বাওঁহতীয়া বেটাৰজনে ।
কৃষকৰ সন্তান বৈভৱ । ২২ গজত যে তেওঁ নিজৰ নাম জিলিকাব পাৰিব, সৰুতেই বুজিছিল দেউতাক সঞ্জীৱ সূৰ্যবংশীয়ে । আৰম্ভনিতে বৈভৱৰ অনুশীলনৰ বাবে এটুকুৰা ঠাই সাজু কৰিছিল দেউতাকে । পাছত তেওঁ সমষ্টিপুৰত ব্ৰজেশ ঝাৰ ক্ৰিকেট একাডেমীত পুত্ৰক ভৰ্তি কৰায় । ইয়াৰ পাছত বৈভৱৰ উত্তৰণৰ বাবে তেওঁ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে । সমষ্টিপুৰৰ পৰা পাটনালৈ ৯০ কিঃমিঃ জোৰা যাত্ৰা আৰম্ভ হয় বৈভৱ আৰু তেওঁৰ দেউতাকৰ । মনীশ ওঝাৰ একাডেমীত বৈভৱে নিজৰ ক্ৰিকেট খেলাৰ ধৰণ-কৌশল আদি উন্নত কৰাৰ সুযোগ পায় ।
সমুখত মটন-চিকেন দেখিলেই জিভাৰ পানী পৰা বৈভৱে ক্ৰিকেটৰ বাবেই বাদ দিলে সকলো । বৈভৱৰ প্ৰশিক্ষকে কয়, নিদেশ অনুসৰি তেওঁ মটন খোৱা বাদ দিলে । ডায়েটৰ বাবে পিৎজা বাদ দিয়ে । মটন, চিকেন দুয়োটাই খাই তেওঁ খুব ভাল পাইছিল । তেওঁৰ বয়স যিহেতু কম, পিৎজা খায়ো খুব ভাল পাইছিল । কিন্তু এতিয়া নাখায় । তেওঁক যেতিয়াই যিমান মটন দিয়া হয়, খায় শেষ কৰি পেলাইছিল । যাৰ বাবে তেওঁৰ চেহেৰাও আছিল শকত-আৱত ।
প্ৰশিক্ষক মনীশৰ মতে নিৰ্ভয়ভাৱে ক্ৰিকেট খেলে বৈভৱে । ব্ৰায়ান লাৰা আৰু যুৱৰাজ সিঙৰ সংমিশ্ৰিত এটা ৰূপ দেখা যায় তেওঁৰ মাজত । যুৱৰাজৰ দৰে আগ্ৰাসী ১৪ বছৰ বয়সীয়া বৈভৱ । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে মেচৰ আগদিনা বৈভৱে গম পাইছিল যে তেওঁ পন্টৰ দলৰ বিৰুদ্ধে খেলিব । অনুশীলন সামৰি হোটেললৈ যোৱাৰ পাছত ৰাতি ৮ বজাত ৰাহুল দ্ৰাবিড় আৰু ৰাজস্থানৰ মেনেজমেন্টৰ তৰফৰ পৰা ফোন আহে বৈভৱলৈ । অভিষেক ঘটিব আইপিএলত । আনন্দৰ খবৰ জনাবলৈ গুৰু মনীশক ফোন কৰিছিল বৈভৱে । গুৰুক ক’লে, “ছাৰ ভাল বল পালেই কোবাম, ৰৈ নাথাকোঁ ।” গুৰুক যি কথা কৈছিল সেয়া লক্ষ্ণৌৰ বিৰুদ্ধে অভিষেক মেচত নামিয়েই কাৰ্যত পৰিণত কৰিলে বৈভৱে ।
প্ৰতিবেদক- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা