দাৰিদ্ৰতা অতিক্ৰমী ক্ৰিকেটাৰ হোৱাৰ সপোন পূৰণ কৰা চেতন ছাকাৰিয়াৰ কাহিনী জানেনে?
২০২১ চনৰ আই পি এল নিলামত ৰাজস্থান ৰয়েলছে তেওঁক ১.২ কোটি টকাত ক্ৰয় কৰে । তাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে মৃত্যু হৈছিল কনিষ্ঠ ভাতৃৰ । সেই দুখৰ পাছতো ছাকাৰিয়াই আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰে । । তেওঁ ১৪ খন মেচত ১৪ টা উইকেট দখল কৰে ।
গুজৰাটৰ এখন সৰু চহৰ ভাৰ্তেজৰ বাসিন্দা চেতন । মাক-দেউতাৰ খুব বেছি সমৰ্থন পোৱা নাছিল তেওঁ । তেওঁলোকে ভাবিছিল এটি চৰকাৰী চাকৰি পালে পুত্ৰৰ জীৱন সফল হ’ব । কিন্তু তেওঁৰ মোমায়েকে সপোনৰ পিছত দৌৰিবলৈ সঁহাৰি দিছিল । চেতনৰ মোমায়েক মনসুখ ভাইৰ জামনগৰত এখন ষ্টেশ্যনাৰী দোকান আছে । তেওঁ চেতনক ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
চেতনৰ দেউতাক আছিল এজন টেম্পো চালক । অসুস্থতাৰ বাবে তেওঁ সেই কামো বাদ দিবলগীয়া হৈছিল । ছাকাৰিয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৈ পৰে । ২০২১ চনৰ আই পি এল নিলামত ৰাজস্থান ৰয়েলছে তেওঁক ১.২ কোটি টকাত ক্ৰয় কৰে । তাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে মৃত্যু হৈছিল কনিষ্ঠ ভাতৃৰ । সেই দুখৰ পাছতো ছাকাৰিয়াই আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰে । । তেওঁ ১৪ খন মেচত ১৪ টা উইকেট দখল কৰে । কিন্তু সেই সুখ আছিল ক্ষণস্থায়ী । আই পি এলৰ শেষৰ সময়ত তেওঁৰ পিতৃৰো কোভিড-১৯ ত মৃত্যু হয় । এই সকলো প্ৰতিকূলতাৰ মাজতো চেতনে ক্ৰিকেটত নিজৰ নাম ৰাখে । ২০২২ চনৰ আই পি এলত দিল্লী কেপিটেলছে ৪.২ কোটি টকাত ক্ৰয় কৰে চেতনক ।
এইবাৰ আইপিএলত প্ৰথমে নিলাম নহ’লেও উমৰান মালিকৰ আঘাতৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক স্থান দিয়ে । সৰুৰে পৰাই যুঁজ শব্দটোৰ সৈতে পৰিচিত চেতন । এতিয়া তেওঁ ডাঙৰ হৈছে । নাইট শিবিৰত সুযোগৰ অপেক্ষত ক্ষণ গণিছে চেতনে ।