কাব্যাৰ ছানৰাইজাৰ্ছত স্মৰণ ৰবিচন্দ্ৰন

Apr 16, 2025 | 7:01 PM

সকলো ঠিকে থাকিলে তেওঁক ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুত দেখা গ’লহেঁতেন । কিন্তু হায়দৰাবাদে তেওঁক ক্ৰয় কৰিলে । এতিয়া ক্ৰীজত যাদু দেখুৱাবলৈ সাজু ৰবিচন্দ্ৰন ।

ঘৰুৱা ক্ৰিকেটত কৰ্ণাটকৰ হৈ তেওঁ বিধ্বংসী প্ৰদৰ্শন আগবঢ়াইছে । কেৱল সেয়াই নহয়, যোৱা বছৰ বেংগালুৰুৰ স্থানীয় ফ্ৰেঞ্চাইজি প্ৰতিযোগিতা মহাৰাজা টি-২০ লীগত গুলবাৰ্গ মিষ্টিকছৰ হৈ ৯ ইনিংছত ৩০২ ৰান সংগ্ৰহ কৰিছিল । বেটিং গড় ৪৩ৰ ওপৰত । ষ্ট্ৰাইক ৰেট ১৪৫ৰ অধিক । টি-২০ত এই বেটিং এভাৰেজ আৰু ষ্ট্ৰাইক ৰেট কিমান গুৰুত্বপূৰ্ণ সেই কথা কোৱা বাহুল্য ।

জুনিয়ৰ পৰ্যায়ত ধাৰাবাহিক প্ৰদৰ্শনৰ সৌজন্যত তেওঁ যোৱা ছিজনত কৰ্ণাটকৰ হৈ ঘৰুৱা অভিষেক ঘটায় । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৭খন মেচত ৫১৬ ৰান । বেটিং গড় প্ৰায় ৬৫! ঘৰুৱা ৱান ডে টুৰ্ণামেণ্ট অৰ্থাৎ লিষ্ট এ ক্ৰিকেটত মাত্ৰ ১০খন মেচ খেলাৰ পিছতো তেওঁৰ গড় ৭২ৰ ওপৰত । কৰ্ণাটকৰ হৈ আধা ডজন টি-২০ মেচত গড় ৩৪ । হায়দৰাবাদৰ স্বত্বাধিকাৰী কাব্যা মাৰণে যেন এইবাৰ ফিল্ডত নমাব খুজিছে এইগৰাকী বিস্ফোৰক ক্ৰিকেটাৰক ।