আই পি এলত কীৰ্তি ম্লান যশস্বীৰ, পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰে প্ৰকাশ কৰিলে আশংকা

Apr 11, 2025 | 5:30 PM

আই পি এলত এইবাৰ যেন নিস্তেজ যশস্বী জয়ছোৱালৰ প্ৰদৰ্শন । সম্ভাৱনাপূৰ্ণ খেলুৱৈগৰাকীৰ প্ৰদৰ্শনে চিন্তিত কৰিছে ক্ৰিকেটপ্ৰেমীক । ছন্দ হেৰুৱাইছে নে আন কোনো কাৰণ, কিয় ম্লান পৰিছে যশস্বীৰ কীৰ্তি?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে আই পি এলতো সফলতা অৰ্জন কৰিছে জয়ছোৱালে । কিন্তু এতিয়া যেন খ্যাতি ম্লান পৰিছে! মাত্ৰ এটা অৰ্ধ শতক । আউট হোৱাৰ ধৰণো হতাশাজনক । সাই সুদৰ্শন আৰু প্ৰিয়াংশ আৰ্য্যৰ দৰে অ’পেনাৰে সফলতা লাভ কৰাৰ বিপৰীতে পিছ পৰি আছে যশস্বী । সময় লগ নিদিয়া আৰু ছন্দ হেৰুলাই পেলোৱা দুটা বেলেগ কথা । যশস্বীয়েও হেৰুৱাইছে নেকি ছন্দ! পৃথ্বী শ্ব’ৰ সৈতে ইতিমধ্যে তুলনা আৰম্ভ হৈছে যশস্বীৰ ।

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ বসিত আলীৰ আশংকা, পৃথ্বী শ্ব’ৰ পদাংক অনুসৰণ কৰিছে নেকি যশস্বী জয়ছৱালে । তেওঁ লগতে অনুভৱ কৰে যে খেলৰ পৰা মনোযোগ আঁতৰিছে । এসময়ত পৃথ্বীক ভাৰতৰ ‘পৰৱৰ্তী’ শচীন তেণ্ডুলকাৰ বুলি কোৱা হৈছিল । ইয়াৰ উপৰিও তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ আৰম্ভণি আছিল চমকপ্ৰদ । কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বহু দূৰৰ কথা, ঘৰুৱা ক্ৰিকেটতো দেখিবলৈ নাই তেওঁক ।

যশস্বী ‘সলনি’ হৈছে নেকি? তেওঁৰ এটা সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছে । ঘৰুৱা ক্ৰিকেটত তেওঁ মুম্বাই এৰি গোৱালৈ গৈছে । এই সিদ্ধান্তত আন এটা বাৰ্তা বিচাৰি পাইছে বসিত আলীয়ে । যশস্বীৰ মাজত যেন নোহোৱা হৈছে সফলতাৰ তাড়ণা! গুৰুত্ব কমিছে ক্ৰিকেটৰ প্ৰতি । ক্ৰিকেট যেনেকৈ বহুতৰে বাবে প্ৰগতিৰ মাধ্যম, ভুল পথত ভৰি দিলে ধ্বংসৰ দিশে আগবাঢ়ি যোৱাটোও অসম্ভৱ নহয় । পৃথ্বী শ্ব’ একমাত্ৰ উদাহৰণ নহয় । বিনোদ কাম্বলীৰ দৰে প্ৰতিভাৰো পতন দেখা গৈছে ভাৰতীয় ক্ৰিকেটত!

এতিয়াও সময় আৰু সুযোগ আছে যশস্বীৰ হাতত । আই পি এলৰ পিছতেই ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় দলটোৱে । টেষ্ট চেম্পিয়নশ্বিপৰ নতুন পৰ্যায় আৰম্ভ হ’ব ভাৰতৰ । টেষ্টত যশস্বীৰ প্ৰদৰ্শনৰ পৰা বিচাৰ কৰিলে তেওঁ দলত স্থান পাব পাৰে । কিন্তু আই পি এলত বিফল হ’লে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব? ভাৰতীয় দলত স্থান পাবলৈ প্ৰতিযোগিতা কিমান কঠিন সেয়া কোৱাৰ প্ৰয়োজন নাই । এজনে স্থান হেৰুৱালে, সুযোগৰ অপেক্ষাত শাৰী পাতি থাকে এজাক ক্ৰিকেটাৰে । কিন্তু সুযোগবোৰ সঘনাই নাহে । আহিলে হেৰুৱাব নালাগে । যশস্বৱীয়ে এই কথা সোনকালে উপলব্ধি কৰিবনে নাই লক্ষণীয় হ’ব?