ভাৰতৰ পলাতক ব্যৱসায়ীক স্থান নিদিয়ে এইখন দেশে!

Mar 10, 2025 | 7:54 PM

উচিত কাৰণ অবিহনে ভানুআটুৰ নাগৰিকত্ব লাভ কৰাটো সম্ভৱ নহয় । যদি কোনোবাই বিতাড়নৰ পৰা হাত সাৰিবলৈ ভানুআটুত আশ্ৰয় লয় তেন্তে আমাৰ দেশে তেওঁলোকক কোনো ধৰণে সমৰ্থন নকৰে । ললিত মোদীক স্পষ্ট কৰি দিলে ভানুআটুৰ প্ৰধামন্ত্ৰীয়ে ।

বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আই পি এলৰ বিত্তীয় অনিয়মৰ গোচৰত জড়িত ললিত মোদী । ২০১০ চনৰ পৰাই দেশৰ বাহিৰত, লণ্ডনত আছিল তেওঁ । দুদিনমান আগতে ললিত মোদীয়ে পুনৰ লণ্ডনত থকা ভাৰতীয় দূতাবাসলৈ গৈ অনুৰোধ কৰিছিল পাছপ’ৰ্ট ঘূৰাই দিবলৈ । জানিব পৰা মতে ললিত মোদীয়ে দ্বীপ ৰাষ্ট্ৰ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে ।

কিন্তু এতিয়া ললিতৰ সপোন থানবান হৈ পৰিল । ভাৰতীয় পাছপ’ৰ্টখনেই আছিল তেওঁৰ শেষ সম্পত্তি । জানিব পৰা মতে, আৰ্থিক জালিয়াতিৰ গোচৰত জড়িত ললিত মোদীক ভানুআটু প্ৰশাসনে নাগৰিকত্ব প্ৰদান কৰিব নিবিচাৰে । সোমবাৰে দ্বীপ ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী জোথাম নাপাটে নিজেই নাগৰিকত্ব আয়োগক ললিত মোদীক প্ৰদান কৰা নাগৰিকত্ব বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

আজি প্ৰধানমন্ত্ৰী জোথামে কয়, “মই নিজেই নাগৰিকত্ব আয়োগক নিৰ্দেশ দিছো যে ললিত মোদীৰ ভানুআটু পাছপ’ৰ্ট বাতিল কৰিব লাগে । তেওঁ কোনো অপৰাধমূলক কামত জড়িত থকাৰ কোনো প্ৰমাণ আমি পোৱা নাই । কিন্তু শেহতীয়াকৈ ইণ্টাৰপ’লৰ সতৰ্কবাণীৰ বাবে প্ৰশাসনে তেওঁক দিয়া পাছপ’ৰ্ট ঘূৰাই লোৱাৰ সিদ্ধান্ত লৈছে ।”