শ্ৰীলংকাৰ মাটি ব্যৱহাৰ কৰি কোনোৱে ভাৰতৰ ক্ষতি কৰিব নোৱাৰে! চাওক Video…

| Edited By: Monjit Dutta

Apr 06, 2025 | 10:13 PM

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে কয় যে শ্ৰীলংকাৰ মাটি ব্যৱহাৰ কৰি ভাৰতৰ নিৰাপত্তা বিঘ্নিত কৰিব পৰা কোনো কাৰ্যক আমি  অনুমতি প্ৰদান নকৰো।

শ্ৰীলংকাৰ মাটিত প্ৰভাৱ বাঢ়িছে চীনৰ । ইয়াকে লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে কয় যে শ্ৰীলংকাৰ মাটি ব্যৱহাৰ কৰি ভাৰতৰ নিৰাপত্তা বিঘ্নিত কৰিব পৰা কোনো কাৰ্যক আমি  অনুমতি প্ৰদান নকৰো। মোদীৰ সৈতে হোৱা বৈঠকত এই কথা কয় তেওঁ। ইয়াৰোপৰি তেওঁ ভাৰতে শ্ৰীলংকাক কৰা সহায়ৰ কথা দোঁহাৰে। তেওঁ কয় যে, যেতিয়াই শ্ৰীলংকাক সহায়ৰ প্ৰয়োজন হয় তেতিয়াই ভাৰত শ্ৰীলংকাৰ কাষত থিয় দি আহিছে। ইয়াৰোপৰি শ্ৰীলংকাই মোদীক ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান ‘মিত্ৰ বিভূষণ’ৰে সন্মানিত কৰে।